নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৌৰভ গাংগুলীৰ ওপৰত নিৰ্মাণ হ’ব Biopic; সৌৰভৰ চৰিত্ৰত কোনে কৰিব অভিনয়?

নিয়মীয়া বাৰ্তা, ১৩ জুলাইঃ ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ, মহেন্দ্ৰ সিং ধোনী আৰু মহম্মদ আজহাৰুদ্দিনৰ পাছত এইবাৰ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ জীৱনীৰ আধাৰত নিৰ্মাণ হ’ব বায়োপিক।

ইতিমধ্যে প্ৰাক্তন ক্ৰিকেটাৰ আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সভাপতি সৌৰভে এই প্ৰকল্পটোত সন্মতি জনাইছে। প্ৰতিবেদন অনুসৰি, ই এখন ডাঙৰ বাজেটৰ চলচ্চিত্ৰ হ’ব। ছবিখন ২০০ ৰ পৰা ২৫০ কোটি টকাৰ বাজেটত নিৰ্মাণ কৰা হ’ব। এক সূত্ৰ মতে অভিনেতা ৰণবীৰ কাপুৰক সৌৰভ গাংগুলীৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব।

এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে এক সাক্ষাৎকাৰত সৌৰভ গাংগুলীয়ে নিশ্চিত কৰিছিল যে তেওঁৰ জীৱনৰ ওপৰত এখন জীৱনীমূলক ছবি নিৰ্মাণ কৰা হৈছে। সৌৰভে কৈছিল, “হয়, মই এখন বায়োপিক নিৰ্মাণ কৰিবলৈ সন্মত হৈছোঁ। এইখন হিন্দী ভাষাত হ’ব, কিন্তু এতিয়া পৰিচালকৰ নাম ঘোষণা কৰাটো মই সঠিক হ’ব বুলি নাভাবো। যেতিয়া সকলো বোৰ চূড়ান্ত হ’ব, মই অনুৰাগীসকলক ইয়াৰ বিষয়ে ভালকৈ জনাম।”

You might also like