নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনী ব্যয়

নির্বাচনী বতৰত অসমৰ সকলো ৰাজনৈতিক দলৰ তৎপৰতা বৃদ্ধি পাইছে৷ সমর্থকসকলৰ মাজত এতিয়া ব্যস্ততা৷ ইয়াৰ মাজতেই বহুতেই নির্বাচনৰ সুযোগ লৈ ধন ঘটাৰ আশাতো সদা ব্যস্ত হৈ পৰিছে৷ এই কথা শুনিবলৈ অপ্রিয় হ’লেও সত্য৷ পর্যাপ্ত নির্বাচনী পুঁজি থকা দলসমূহে নির্বাচনত জয়ী হোৱাৰ বাবে পানীৰ দৰে ধন ঢ়ালি দিবলৈ কুণ্ঠাবোধ নকৰে৷ সেয়ে নির্বাচনৰ দিনকেইটা একাংশ লোকৰ বাবে অতিৰিক্ত ধন ঘটাৰ বাবে সুৱর্ণ সুযোগ হৈ পৰে৷ অৱশ্যে ভাৰতত নির্বাচনী ব্যয় ক্রমাগতভাৱে বৃদ্ধি পোৱাৰ এয়া একাধিক কাৰণৰ মাথোঁ এটাহে৷ এই প্রসংগতে ২০১৯ চনৰ লোকসভা নির্বাচনৰ মুঠ ব্যয়ৰ ওপৰত আলোকপাত কৰিব পাৰি৷ চেণ্টাৰ ফৰ মিডিয়া ষ্টাডিজ নামৰ এটা সংস্থাই প্রকাশ কৰা মতে নৰেন্দ্র মোদীৰ নেতৃত্বত উপর্যুপৰি দ্বিতীয়বাৰলৈ এনডিএ নির্বাচিত হোৱা উক্ত নির্বাচনত মুঠ ব্যয় হৈছিল ৫৫ হাজাৰ কোটি টকা, অর্থাৎ ৮ বিলিয়ন মার্কিন ডলাৰ৷ সংস্থাটোৰ মতে, এই নির্বাচনেই হ’ল এইপর্যন্ত সমগ্র বিশ্বৰ আটাইতকৈ ব্যয়বহুল নির্বাচন৷ ইয়াৰ বিপৰীতে ২০১৬ চনত আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনত মুঠ ব্যয় হৈছিল ৬.৫ বিলিয়ন ডলাৰ৷ নির্বাচনী ব্যয় বৃদ্ধিৰ কেইবাটাও কাৰণৰ ওপৰত সংস্থাটোৰ সমীক্ষাত আলোকপাত কৰা হৈছে৷ সর্বাধিক ৩৫ শতাংশ ব্যয় হৈছে নির্বাচনী সভা, ৰেলী আৰু প্রচাৰ অভিযানত৷ ইখনৰ পিছত সিখন বৃহৎ ৰেলী আয়োজন কৰাৰ ফলত ব্যয় স্বাভাৱিকতে বৃদ্ধি হৈছে৷ পূর্বৰ তুলনাত বর্তমানৰ নির্বাচনত ৰাজনৈতিক দলসমূহে তেওঁলোকৰ ৰেলীত কেইবাগুণ অধিক ধন ব্যয় কৰাটো নিয়মত পৰিণত হৈছে৷ সেইদৰে প্রচাৰৰ চমক দিয়াৰ ওপৰত সর্বাধিক গুৰুত্ব দিয়া নির্বাচনী ব্যয় বৃদ্ধি হৈছে৷ ইয়াৰ পিছতে আটাইতকৈ বেছি ধন ব্যয় হৈছে ভোটাৰক পোনপটীয়াকৈ টকা বিলোৱাত৷ প্রতিটো নির্বাচনতে হোৱা তীব্র প্রতিদ্বন্দ্বিতাৰ পৰিপ্রেক্ষিতত ৰাজনৈতিক দলসমূহৰ বাবে এতিয়া ভোটাৰক টকা বিলোৱা বা উপহাৰ দিয়াটো স্বাভাৱিক ঘটনাত পৰিণত হৈছে৷ এই সন্দর্ভত কোনো তথ্য ৰাজহুৱা কৰাৰ প্রয়োজনীয়তা নাই৷ বৰঞ্চ এই কাম নির্বাচন আয়োগৰ দৃষ্টিৰ পৰা আঁতৰত গোপনে কৰা হয়৷ ২০১৯ চনত হোৱা মুঠ ব্যয়ৰ ২৫ শতাংশ ধন এনেদৰে ভোটাৰক টকা বা উপহাৰ বিলোৱাত খৰচ হোৱা বুলি চেণ্টাৰ ফৰ মিডিয়া ষ্টাডিজৰ সমীক্ষাত প্রকাশ হৈছে৷ এই দুটা শিতানতে ব্যয় হৈছে মুঠ নির্বাচনী ব্যয়ৰ ৬০ শতাংশ ধন৷ ইয়াৰ বিপৰীতে নির্বাচন আয়োগৰ কাম–কাজ, বিভিন্ন সা–সুবিধা আৰু অন্যান্য শিতানত ব্যয় হৈছে ৪০ শতাংশ ধন৷ ইয়াৰ অর্থ হ’ল কেৱল প্রার্থীক জয়ী কৰোৱাৰ বাবেই ৰাজনৈতিক দলসমূহে ২০১৯ চনৰ সাধাৰণ নির্বাচনত ব্যয় কৰিছিল ৩৩ হাজাৰ কোটিৰো অধিক টকা৷
অসমতো এইবাৰৰ বিধানসভা নির্বাচনত ব্যয় বৃদ্ধি পোৱাটো নিশ্চিত৷ নির্বাচন আয়োগে একোজন প্রার্থীৰ সর্বাধিক নির্বাচনী ব্যয় নিৰূপণ কৰি দিছে যদিও বাস্তৱ ক্ষেত্রত গৰিষ্ঠসংখ্যক প্রার্থীয়েই এই সীমা অতিক্রম কৰি যোৱাটো বহু পূর্বৰে পৰা নিয়মত পৰিণত হৈছে৷ এইবাৰ নির্বাচন আয়োগে বিধানসভা নির্বাচনত এজন প্রার্থীৰ সর্বাধিক ব্যয় ৩০.৮ লাখ টকা নিৰূপণ কৰি দিছে৷ অলপতে পূর্বৰ তুলনাত ১০ শতাংশ বৃদ্ধি কৰি ব্যয়ৰ এই উচ্চসীমা নির্ধাৰণ কৰা হৈছে৷ কিন্তু বাস্তৱক্ষেত্রত ইয়াতকৈ যে বহু বেছি ধন প্রার্থীসকলে ব্যয় কৰিব তাত কোনো সন্দেহ নাই৷ যোৱা লোকসভা নির্বাচনত বহু সমষ্টিত একোজন প্রার্থীয়ে ৪০ কোটিৰো অধিক টকা ব্যয় কৰা বুলি প্রকাশ পাইছে৷ এনেধৰণৰ হিচাপবিহীন ব্যয় ৰোধ কৰাটো নির্বাচন আয়োগৰ বাবে কঠিন৷

You might also like