নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অহা বর্ষত যিকোনো মূল্যৰ বিনিময়ত অনুষ্ঠিত হ’ব টকিঅ’ অলিম্পিক

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ বাবে ২০২১লৈ স্থগিত হোৱা টকিঅ’ অলিম্পিক যিকোনো মূল্যৰ বিনিময়ত আয়োজন কৰিব জাপান চৰকাৰে৷ মহামাৰীৰ পিছত সন্মুখীন হ’বলগীয়া ভয়াৱহ প্রত্যাহ্বান নেওচি হ’লেও দেশখনে বিশ্বৰ হাজাৰ হাজাৰ ক্রীড়াবিদৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি অহা বর্ষত অলিম্পিক আয়োজন কৰিবলৈ সংকল্পবদ্ধ৷ এই কথা ঘোষণা কৰিছে জাপানৰ ক্রীড়ামন্ত্রী ছেইকো হাছিম’ট’ৱে৷

এখন সংবাদ মেলত তেওঁ কয় যে অহা বর্ষত অলিম্পিক সফলতাৰে আয়োজন কৰিবলৈ পূর্ণগতিৰে প্রস্তুতি চলি আছে৷ বিশ্বৰ হাজাৰ হাজাৰ ক্রীড়াবিদে যাতে অলিম্পিকক লৈ অনিশ্চয়তাৰ সন্মুখীন হ’বলগীয়া নহয়, সেয়া নিশ্চিত কৰিবলৈ জাপান চৰকাৰে যিকোনো প্রকাৰে অলিম্পিক আয়োজন কৰিবলৈ দৃঢ়বদ্ধ৷ ইয়াৰ পূর্বে টকি’ অলিম্পিকৰ স্থানীয় উদ্যোক্তা কমিটীয়েও ২০২১ৰ অলিম্পিক সময়মতে অনুষ্ঠিত হ’ব বুলি যোৱা সপ্তাহত ঘোষণা কৰিছিল৷

মন কৰিবলগীয়া যে পূর্বনির্ধাৰিত সূচী অনুসৰি টকি’ অলিম্পিক ২০২০ৰ জুলাইত অনুষ্ঠিত হোৱাৰ কথা আছিল৷ কিন্তু মহামাৰীৰ প্রাদুর্ভাৱৰ বাবে আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটী আৰু জাপান চৰকাৰে যোৱা মার্চ মাহত বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ এবছৰলৈ স্থগিত ৰাখে৷

You might also like