নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি শ্রীলংকাৰে প্রথম এদিনীয়া; টি–২০ বিশ্বকাপলৈ শক্তিশালী দল গঠনৰ লক্ষ্য ভাৰতৰ

নিয়মীয়া বাৰ্তা, ১৮ জুলাই: শিখৰ ধাৱন নেতৃত্বাধীন ভাৰতে আজি শ্রীলংকা ভ্রমণত প্রথমখন মেচ খেলিব৷ কলম্বোত অনুষ্ঠিত হ’বলগীয়া প্রথম এদিনীয়াত আলহী দলটোৱে ফেভাৰিট হিচাপে খেলপথাৰত নামিব৷ মহামাৰী ক’ভিড–১৯এ শ্রীলংকাৰ শিবিৰত আঘাত হনাৰ বাবে পাঁচ দিন পলমকৈ আৰম্ভ হ’বলগীয়া তিনিখন মেচৰ এদিনীয়া শৃংখলাটোত টীম ইণ্ডিয়াৰ উদীয়মান খেলুৱৈসকলে প্রতিভা প্রদর্শনেৰে আগন্তুক টি–২০ বিশ্বকাপলৈ স্থান সুৰক্ষিত কৰাৰ সুবর্ণ সুযোগ লাভ কৰিব৷

শেহতীয়াকৈ ইংলেণ্ড ভ্রমণত শোচনীয়ভাৱে ব্যর্থ হোৱা শ্রীলংকাৰ বিৰুদ্ধে প্রথম এদিনীয়াত কাইলৈ পৃথ্বি শ্বই অধিনায়ক ধাৱনৰ সৈতে ভাৰতৰ সৈতে ইনিংছ মুকলি কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ একেদৰে ছিনিয়ৰ তাৰকা হার্দিক পাণ্ডিয়া আৰু ভুবনেশ্বৰ কুমাৰে পোনপটীয়াকৈ মূল একাদশত স্থান পাব৷ ৩নং স্থানৰ বাবে দেৱদত্ত পাড়িকাল আৰু ঋতুৰাজ গাইকোৱাড’ৰ মাজত যুঁজ হ’ব৷ মিডল অর্ডাৰত সূর্য কুমাৰ যাদৱ, মনীষ পাণ্ডেই ভাৰতৰ ইনিংছ চম্ভালিব৷ অফ স্পিনৰ লগতে আক্রমণাত্মক বেটিঙৰ বাবে পৰিচিত অলৰাউণ্ডাৰ কৃষ্ণাপ্পা গৌতমেও কাইলৈ অভিষেক ঘটাব পাৰে৷

ইফালে দীর্ঘদিন ধৰি ফর্মহীনতাত ভুগি থকা য়ুজৱেন্দ্র চাহালৰ স্থানত উদীয়মান লেগ স্পিনাৰ ৰাহুল চহৰে সুযোগ পোৱাৰ সম্ভাৱনা আছে৷ উইকেট ৰক্ষকৰ বাবে সঞ্জু চেমচন আৰু ঈশান কিষণৰ মাজত তীব্র যুঁজ হোৱাটো নিশ্চিত৷ অধিনায়ক শিখৰ ধাৱনৰ বাবেও এই শৃংখলাটো অত্যন্ত গুৰুত্বপূর্ণ৷ কিয়নো ইউ এ ইত অনুষ্ঠিত হ’বলগীয়া টি–২০ বিশ্বকাপলৈ অ’পেনাৰগৰাকীৰ স্থান এতিয়াও নিশ্চিত নহয়৷ ৰোহিত শর্মা, বিৰাট কোহলি আৰু লোকেশ ৰাহুলৰ দৰে তাৰকাৰ উপস্থিতিত ভাৰতীয় টি–২০ দলত ধাৱনে এতিয়ালৈকে স্থান নিগাজি কৰিব পৰা নাই৷ অভিজ্ঞ মিডিয়াম পেচাৰ ভুবনেশ্বৰ কুমাৰেও টি–২০ বিশ্বকাপ দলত স্থান দখলৰ লক্ষ্যৰে শ্রীলংকাৰ বিৰুদ্ধে তিনিখন এদিনীয়া আৰু তিনিখন টি–২০ মেচৰ শৃংখলাত উন্নত প্রদর্শন দাঙি ধৰিব বিচাৰিব৷

খেলৰ সময়ঃ বিয়লি ৩ বজা৷

You might also like