নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঢ়মপুৰত মুখ্যমন্ত্রী ড০ শর্মাই ৰাজহুৱাভাৱে দাহ কৰিলে বৰবিহ ড্রাগছ

নিয়মীয়া বাৰ্তা, ১৮ জুলাই:  যুৱপ্রজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া বৰবিহ ড্রাগ্ছ পুনৰ দেওবাৰে ৰাজহুৱাভাৱে দাহন হ’ল৷ ৰাজ্যত শনিবাৰে প্রথমবাৰৰ বাবে ৰাজহুৱাকৈ এই বৰবিহক নিজহাতে দাহ কৰাৰ পাছত আজিও বহমপুৰত দাহ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

ড্রাগ্ছৰ বিৰুদ্ধে বিগত দুমাহে চলাই অহা কঠোৰ অভিযানত জব্দকৃত ৯.৭৩৩ কেজি হেৰ’ইন, ২৫৩.৩০১ কোজি গাঞ্জা, ৯৭৭ অ’পিয়াম, ৭৮৩৪০ কফ-চিৰাপ আৰু ২৭১৯০৪ টা নিচাযুক্ত টেবলেটকে ধৰি এক বৃহৎ পৰিমাণৰ ড্রাগ্ছ দেওবাৰে বহমপুৰত দাহ কৰি মুখ্যমন্ত্রীৰ স্পষ্ট মন্তব্য– ‘শূন্য সহনশীল নীতিৰে ড্রাগ্ছৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব৷ ড্রাগ্ছ পেডলাৰৰ বাবে এতিয়া সুৰক্ষিত নহয় অসম৷’

এই কার্যসূচীত মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ সৈতে উপস্থিত আছিল মন্ত্ৰী পিযূষ হাজৰীকা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, বিধায়কক্ৰমে জিতু গোস্বামী, ৰূপক শৰ্মা, শশী কান্ত দাস আৰু ডিজিপি ভাস্কৰ জ্যোতি মহন্ত।

You might also like