নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ষ্টিভেন স্মিথক বিদায়, নতুন অধিনায়ক সঞ্জু ছেমছন

আইপিএললৈ সাজু ৰাজস্থান ৰয়েলছঃ ৰিয়ান পৰাগৰ চুক্তিৰ ম্যাদ বৃদ্ধি

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ অষ্ট্রেলিয়াৰ তাৰকা বেটছমেন তথা প্রাক্তন অধিনায়ক ষ্টিভেন স্মিথক মুকলি কৰি দিছে আইপিএলৰ দল ৰাজস্থান ৰয়েলছে৷ ২০২০ৰ আইপিএলত খেলুৱৈ আৰু অধিনায়ক হিচাপে চূড়ান্তভাৱে ব্যর্থ হোৱাৰ পিছত বেটছমেনগৰাকীক ৰাজস্থান ৰয়েলছে বিদায় জনোৱাৰ সিদ্ধান্ত লয়৷ ‘স্মিথৰ চুক্তিৰ ম্যাদ ২০২০ত অন্ত পৰিছে আৰু আমি তেওঁৰ চুক্তি পুনৰ বৃদ্ধি কৰিবলৈ আগ্রহী নহয়৷ আমাৰ দললৈ তেওঁ অনবদ্য অৱদান আগবঢ়াইছে যদিও আমি দীর্ঘদিন ধৰি বিস্তৃতভাৱে বিষয়টো আলোচনাৰ পিছত স্মিথক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছো৷’ ৰাজস্থান ৰয়েলছৰ এক শীর্ষ সূত্রই এইদৰে কয়৷ উল্লেখ্য যে বিগত বর্ষৰ আইপিএলত স্মিথে ১৪খন মেচত মাত্র ৩১১ ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছিল৷ তেওঁৰ নেতৃত্বত ৰাজস্থান ৰয়েলছ সম্পূর্ণৰূপে ব্যর্থ হৈছিল আৰু দলটোৱে অষ্টম স্থানহে লাভ কৰিছিল৷

ইফালে, আগন্তুক আইপিএলত ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়ক নিযুক্ত হৈছে উদীয়মান তাৰকা সঞ্জু ছেনছেন৷ বিস্ফোৰক বেটছমেনগৰাকীয়ে শেহতীয়াকৈ অষ্ট্রেলিয়া ভ্রমণত টীম ইণ্ডিয়াৰ হৈ টি–২০ মেচ খেলিছিল৷ একেদৰে চলিত মুস্তাক আলী টি–২০ ৰাষ্ট্রীয় ক্রিকেট প্রতিযোগিতাত উইকেটৰক্ষকগৰাকীয়্ কেৰালাক দক্ষতাৰে নেতৃত্ব দিছে৷ ইফালে, অসম সন্তান ৰিয়ান পৰাগক ক্রমাগত তৃতীয়টো বছৰৰ বাবে আইপিএলত ৰাজস্থান ৰয়েলছৰ শিবিৰত দেখা যাব৷ বিগত দুটা ছিজনত দর্শনীয় বেটিঙেৰে প্রতিভাৰ প্রমাণ দিয়া উদীয়মান তাৰকাগৰাকীৰ চুক্তিৰ ম্যাদ বৃদ্ধি কৰিছে আইপিএলৰ প্রাক্তন চেম্পিয়ন ৰাজস্থান ৰয়েলছে৷ আনহাতে, বিৰাট কোহলি নেতৃত্বাধীন ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে আৰন ফিনছ, ক্রিছ মৰিছ আৰু মঈন আলীক দলৰ পৰা মুকলি কৰি দিছে৷ একেদৰে গ্লেন মেক্সৱেল আৰু ছেলডন ক’ট্রেলক বিদায় জনাইছে কিংছ একাদশ পঞ্জাবে৷ উল্লেখ্য যে চলিত বর্ষৰ আইপিএলৰ বাবে অনুষ্ঠিত হ’বলগীয়া নিলামৰ পূর্বে দলসমূহক ৰিটেইন আৰু ৰিলিজ কৰা খেলুৱৈৰ নাম ঘোষণা কৰিবলৈ ব’র্ডে ২০ জানুৱাৰী অন্তিম দিন ধার্য কৰি দিছিল৷

You might also like