নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঋষভ পণ্ট বিশ্বৰ শ্রেষ্ঠ ৰেংকিংপ্রাপ্ত উইকেটৰক্ষক

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ অষ্ট্রেলিয়াৰ বিৰুদ্ধে সদ্যসমাপ্ত টেষ্ট শৃংখলাত দুর্দান্ত বেটিঙেৰে উজলি উঠা টীম ইণ্ডিয়াৰ উদীয়মান তাৰকা ঋষভ পণ্ট এতিয়া বিশ্বৰ শ্রেষ্ঠ ৰেংকিংপ্রাপ্ত উইকেটৰক্ষক৷ আজি ঘোষিত আই চি চি টেষ্ট ৰেংকিঙৰ বেটছমেনৰ তালিকাত ত্রয়োদশ স্থানলৈ উন্নীত হৈ পণ্ট বিশ্বৰ শ্রেষ্ঠ ৰেংকিংপ্রাপ্ত উইকেটৰক্ষক হিচাপে চিহ্ণিত হৈছে৷ ইফালে, এই তালিকাৰ চতুর্থ স্থানলৈ অৱনমিত হৈছে টীম ইণ্ডিয়াৰ নিয়মীয়া অধিনায়ক বিৰাট কোহলি৷ অষ্ট্রেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ অন্তিম তিনিখন মেচ নেখেলাৰ বাবে তাৰকাগৰাকী ৰেংকিঙত অৱনমিত হৈছে৷ নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছন, অষ্ট্রেলিয়াৰ তাৰকা ষ্টিভেন স্মিথ আৰু মার্নাছ লাবুছানেই ক্রমে প্রথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰিছে৷ আনহাতে, টীম ইণ্ডিয়াৰ অভিজ্ঞ তাৰকা ছেটেশ্বৰ পূজাৰাই এটা স্থান আগুৱাই সপ্তমলৈ উন্নীত হৈছে৷

You might also like