নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডৰ ক’লীয়া ডাৱৰ প্রতিবাদৰ মাজতে সাজু জাপানঃ কাউণ্ট-ডাউন আৰম্ভ

নিয়মীয়া বাৰ্তা,  ২১ জুলাইঃ  অলিম্পিকৰ দৰে ক্রীড়া সমাৰোহ আয়োজনৰ গৌৰৱেৰে মহীয়ান হ’বলৈ স্বাভাৱিকতে সকলো দেশৰ নাগৰিকে উৎকণ্ঠাৰে অপেক্ষা কৰে৷ বিশ্বৰ বিভিন্ন প্রান্তৰ শ্রেষ্ঠ এথলীটসকলক আদৰিবলৈ দেশবাসীৰ মাজত দেখিবলৈ পোৱা যায় পাৰভগা উৎসাহ–উদ্দীপনা৷ এই উছৱমুখৰ পৰিৱেশে অলিম্পিকৰ আয়োজক দেশৰ আকাশ–বতাহ মুখৰ কৰি তোলে আৰু অবিস্মৰণীয় ক্রীড়া উন্মাদনাই সমগ্র দেশবাসীক চুই যায়৷ কিন্তু এইবাৰ পৰিৱেশ সম্পূর্ণৰূপে সুকীয়া৷ বিশ্বৰ সর্ববৃহৎ ক্রীড়া সমাৰোহ অলিম্পিকলৈ মাজত মাথোঁ কেইটামান ঘণ্টাহে বাকী অর্থাৎ উদ্বোধনী অনুষ্ঠানৰ কাউণ্ট–ডাউন আৰম্ভ হৈছে যদিও জাপানৰ টকিঅ’ চহৰত নাই কোনো ক্রীড়া উন্মাদনা, জনসাধাৰণৰ মাজত নাই কোনো উৎসাহ–উদ্দীপনা৷

ইয়াৰ বিপৰীতে দেশখনৰ চৌদিশে মাথোঁ তীব্র বিক্ষোভ, প্রতিবাদ আৰু ক’ভিডৰ ক’লীয়া ডাৱৰ৷ অলিম্পিক বাতিলৰ দাবীত দেশবাসী নামিছে ৰাজপথত৷ বিশ্বৰ প্রায় ১০ হাজাৰ এথলীটৰ সমাগম হ’বলগীয়া অলিম্পিক আৰু পেৰা অলিম্পিকে জাপানত মহামাৰীৰ সংক্রমণ বৃদ্ধি কৰাৰ আশংকাত জাপানবাসী অলিম্পিক বাতিলৰ দাবীত প্রতিবাদমুখৰ হৈ পৰিছে৷

প্রায় এবছৰ ধৰি চলি থকা এই প্রতিবাদ আজিও অব্যাহত আছে৷ আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটী, স্থানীয় উদ্যোক্তা কমিটী আৰু জাপান চৰকাৰে অলিম্পিক সুকলমে আয়োজন কৰিবলৈ যুদ্ধকালীন তৎপৰতাৰে প্রস্তুতি অব্যাহত ৰখাৰ সময়তে প্রতিবাদকাৰীয়ে আজি টকি’স্থিত ইণ্টাৰনেচনেল ব্রডকাষ্টিং চেণ্টাৰৰ সন্মুখত তীব্র বিক্ষোভ প্রদর্শন কৰে৷ কিছুদিন পূর্বে আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীৰ কার্যবাহী ব’ড কমিটীৰ গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হোৱা এই চেণ্টাৰৰ সন্মুখত প্রতিবাদকাৰীসকলে অলিম্পিক বাতিল কৰক, চৰকাৰে ক’ভিডৰ সংক্রমণ প্রতিৰোধত গুৰুত্ব দিয়ক আদি ধ্বনিৰে পৰিস্থিতি উত্তাল কৰি তোলে৷

ইয়াৰ পূর্বে যোৱা সপ্তাহত অলিম্পিক বাতিলৰ দাবীত জাপানৰ একাংশ নাগৰিকে অলিম্পিক শিখা ৰেলী ৰখা স্থানৰ বাহিৰত প্রতিবাদ সাব্যস্ত কৰিছিল৷ একেদৰে হিৰোছিমা চহৰ ভ্রমণৰ সময়ত আই অ’ চিৰ মুৰব্বী থমাছ বাখো প্রতিবাদকাৰীৰ তীব্র বিক্ষোভৰ সন্মুখীন হৈছিল৷ আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীয়ে টকি’ অলিম্পিক সুৰক্ষিতভাৱে আয়োজনৰ প্রতিশ্রতি দিছে যদিও অলিম্পিকত অংশ ল’বলৈ অহা কেইবাগৰাকীও খেলুৱৈ আৰু বিষয়ববীয়া ইতিমধ্যে ক’ভিড–১৯ত আক্রান্ত হোৱাত জনসাধাৰণৰ প্রতিবাদ অধিক তীব্রতৰ হৈ উঠিছে৷

অলিম্পিকৰ প্রাক্মুহূর্তত নতুন নতুন স্থানলৈ প্রতিবাদৰ জুই বিয়পি যোৱাত তীব্র প্রত্যাহ্বানৰ সন্মুখীন হৈছে স্থানীয় উদ্যোক্তা কমিটী আৰু জাপান চৰকাৰ৷ ইফালে, জনসাধাৰণৰ তীব্র ক্ষোভৰ সমান্তৰালকৈ ক’ভিড–১৯ৰ ভয়াৱহ সংক্রমণে আয়োজকমণ্ডলীৰ সন্মুখত আন এক প্রত্যাহ্বান সৃষ্টি কৰিছে৷ ২৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া মেগা ইভেণ্টখনৰ বাবে বিশ্বৰ ভিন্ন প্রান্তৰ এথলীটসকল টকি’ত উপস্থিত হোৱাৰ সময়তে জাপানৰ ৰাজধানী চহৰখনত ক’ভিড–১৯ৰ সংক্রমণৰ হাৰে ছমাহৰ অভিলেখ ভংগ কৰিছে৷

যোৱা সপ্তাহলৈ চহৰখনত সংক্রমিত লোকৰ সংখ্যা ৭২৭জন আছিল যদিও হঠাতে এই সংখ্যা মঙলবাৰে ১৩০৮জনলৈ বৃদ্ধি পাইছে৷ টকি’ৰ শেহতীয়া পৰিস্থিতিত উদ্বিগ্ণতা প্রকাশ কৰি চিকিৎসা বিশেষজ্ঞসকলে দাবী কৰিছে যে অলিম্পিক চলি থাকিলে আগন্তুক ১০ দিনৰ ভিতৰত চহৰখনত সংক্রমিত লোকৰ সংখ্যা দৈনিক ৩,০০০ অতিক্রম কৰিব৷ জাপানৰ মাত্র ৩৩ শতাংশ লোকেহে ভেকচিন লাভ কৰাটো আন এক উদ্বিগ্ণতাৰ বিষয় বুলিও বিশেষজ্ঞসকলে প্রকাশ কৰিছে৷

ইফালে, অলিম্পিকৰ সৈতে জড়িত নতুন নতুন ব্যক্তি ক’ভিড–১৯ত আক্রান্ত হোৱাত স্থানীয় উদ্যোক্তা কমিটী বিপদৰ সন্মুখীন হৈছে৷ কেইবাগৰাকীও বিদেশী খেলুৱৈ, বিষয়ববীয়া, স্থানীয় উদ্যোক্তা ক’ভিড পজিটিভ হোৱাৰ পিছত আজি স্বেচ্ছাসেৱকসকলৰ মাজলৈও মহামাৰী বিয়পাৰ বাতৰি প্রকাশ পাইছে৷ উদ্যোক্তা কমিটীয়ে জানিবলৈ দিয়া অনুসৰি, অলিম্পিকৰ সৈতে জড়িত এগৰাকী স্বেচ্ছাসেৱক ক’ভিডত আক্রান্ত হোৱাৰ বিপৰীতে অন্যান্য ৭জন সদস্য মঙলবাৰৰ দিনটোত ক’ভিড পজিটিভ হৈছে৷ ইয়াকে ধৰি টকিঅ’ অলিম্পিকত জড়িত প্রায় ৬৭জন ব্যক্তিৰ শৰীৰত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰিছে৷ জনসাধাৰণৰ তীব্র প্রতিবাদ আৰু ক’ভিডৰ বর্ধিত সংক্রমণে সৃষ্টি কৰা এই প্রত্যাহ্বান নেওচি অলিম্পিক নির্ধাৰিত সময় অনুসৰি আয়োজন কৰিবলৈ সাজু হৈছে স্থানীয় উদ্যোক্তা কমিটী৷

কমিটীৰ মুৰব্বী টছিৰ’ মুটোই এখন সংবাদ মেলত কয় যে টকিঅ’ত ক’ভিডৰ সংক্রমণ বৃদ্ধি উদ্বিগ্ণতাৰ বিষয় যদিও খেলুৱৈ আৰু বিষয়ববীয়াসকলক সুৰক্ষিত কৰি ৰাখিবলৈ তেওঁলোক সংকল্পবদ্ধ৷ সাংবাদিকৰ এক প্রশ্ণৰ উত্তৰত তেওঁ অৱশ্যে এই কথাও স্বীকাৰ কৰে যে জটিল ক’ভিড পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি টকিঅ’ অলিম্পিক শেষ মুহূর্তত বাতিলৰ সম্ভাৱনাও নথকা নহয়৷ উদ্বোধনী অনুষ্ঠানৰ প্রায় ১১ ঘণ্টা পূর্বেও বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ বাতিল কৰাটো সম্ভৱ বুলি উদ্যোক্তা কমিটীৰ মুৰব্বীগৰাকীয়ে তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায়৷ অৱশ্যে সকলো বাধা আৰু প্রতিকূল পৰিস্থিতি নেওচি বিশ্বৰ শ্রেষ্ঠ এথলীটসকলে অলিম্পিকৰ মঞ্চত উজলি দেশ তথা জাতিলৈ গৌৰৱ কঢ়িয়াবলৈ সাজু হৈছে৷ একেদৰে অলিম্পিকৰ মঞ্চত বিশ্ব ভাতৃত্ববোধৰ জয়গান গাবলৈ সাজু হৈছে প্রায় দুই শতাধিক দেশে৷

You might also like