নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিবাদী কার্যসূচী বাতিল কেব চালক সন্থাৰ

নিয়মীয়া বাৰ্তা ২১ জুলাইঃ মহানগৰীত চলাচল কৰি থকা আৰু পৰিবহণ সেৱাত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি অহা প্রায় পাঁচ হাজাৰ অলা আৰু উবেৰৰ চালকৰ সমস্যা সমাধানৰ বাবে ১৯ জুলাইৰ বিয়লি বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ আঞ্চলিক পৰিবহণ প্রাধিকৰণৰ কার্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়৷ ৰাজ্যৰ পৰিবহণ আয়ুক্তৰ নির্দেশনা অনুসৰি আঞ্চলিক পৰিবহণ প্রাধিকৰণৰ সচিব আৰু জিলা পৰিবহণ বিষয়া ৰফিকুল হুছেইনৰ আহ্বান মর্মে আৰু তেওঁৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত অলা কর্তৃপক্ষৰ হৈ মাণ্ডলিক বিষয়া ভাস্কৰ বৰা, উবেৰ কর্তৃপক্ষৰ হৈ বনানী বৰদলৈ আৰু পীয়ূষ পাঠক, অলা আৰু উবেৰ, কেব অপাৰেটৰৰ হৈ ইব্রাহিম আলী আৰু দেৱজিৎ ডেকাই ভাগ লয়৷

বৈঠকত অলা আৰু উবেৰৰ চালকসকলে ক’ভিডকেন্দ্রিক পৰিস্থিতিৰ বাবে ভোগ কৰি অহা সমস্যাসমূহৰ বিশদ আলোচনা কৰা হয়৷ ইয়াৰ উপৰি আলোচনা কালত অলা আৰু উবেৰ কর্তৃপক্ষৰ প্রতিনিধিয়ে চালক বা অপাৰেটৰসকলৰ সমস্যাসমূহ মানৱীয়তাৰে সমাধান কৰা হ’ব বুলি আশ্বাস প্রদান কৰে৷ আনহাতে প্রাধিকৰণৰ সচিব ৰফিকুল হুছেইনে উভয় পক্ষকে এৰা ধৰি কৰি সমস্যসমূহ সমাধানৰ বাবে পৰামর্শ আগবঢ়ায়৷ তেনেদৰে ৰাজ্য চৰকাৰৰ ক’ভিড বিধি সকলোৱে মানি যাত্রীলৈ সেৱা আগবঢ়ায় তাৰ বাবে আহ্বান জনায় সচিব ৰফিকুল হুছেইনে৷ তেনেদৰে বৈঠকৰ অন্তত অলা আৰু উবেৰ কেব অপাৰেটৰ সংস্থাই পহিলা আগষ্টৰ পৰা তেওঁলোকে যি আন্দোলনৰ কার্যসূচী গ্রহণ কৰিছিল, তাক প্রত্যাহাৰ কৰা হৈছে বুলি সদৰী কৰে৷

You might also like