নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় ক্রিকেটৰ দ্রোণাচার্য ৰাহুল দ্রাবিড়

-বাসুদেৱ দাস

কিছুমানব্যক্তি অথবা ক্রীডাবিদৰ কোনো বিকল্প নাথাকে আৰু তেওঁলোকৰ অভাৱ কেতিয়াও আন এজনে পূৰণ কৰিব নোৱাৰে৷ অর্থাৎ তেওঁলোক নিজেই নিজৰ বিকল্প৷ তেনে লোকসকল হ’ল নিজৰ নিজৰ ক্ষেত্রখনৰ একো একোজন আর্টিষ্ট৷ যদি ভাৰতীয় ক্রিকেটৰ ইতিহাসৰ কাহিনীও নজহা–নপমা কেইজনমান ক্রিকেটাৰৰ নাম লওঁ, তেন্তে সেই তালিকাখনৰ আৰম্ভণিতে থাকিব লগা নাম এটা হ’ল ৰাহুল দ্রাবিড৷
‘দ্য ৱাল’, ‘মিষ্টাৰ ডিপেণ্ডেবল’ আদি উপনামেৰে পৰিচিত এইজন তাৰকা আছিল ভাৰতীয় ক্রিকেটৰ সোণালী ক্ষণত জন্মলাভ কৰা তাৰকাবোৰৰ ভিতৰৰ অন্যতম এজন৷ শচীন তেণ্ডুলকাৰ, অনিল কুম্বলে, সৌৰভ গাংগুলী, ভি ভি এছ লক্ষ্মণ আদিৰ দৰে তাৰকাৰে ভাৰতীয় ক্রিকেটৰ পথাৰ ভৰপূৰ হৈ থকা সময়ৰ এজন কিংবদন্তি আছিল ৰাহুল দ্রাবিড৷
তেওঁ আছিল ‘ক্রিকেট’ নামৰ কলাবিধৰ সুনিপুণ আর্টিষ্ট৷ যাৰ বেটৰ লহৰত প্রাণ পাই উঠিছিল কলাত্মক ধ্রুপদী ছন্দ৷ সেই বেটৰ সন্মোহিনী শক্তিত প্রতিপক্ষৰ বলাৰে হেৰুৱাইছিল স্বাভাৱিক ছন্দ৷
ক্রিকেটৰ পথাৰৰ তেওঁ এইবাবেই অক্ষয়, অম্লান আৰু আনতকৈ কিছু পৃথক যে যিটো আনৰ বাবে অসম্ভৱ যেন লাগে সেইটো তেওঁ অনায়াসে সম্ভৱ কৰি দেখুৱাই দিছিল৷ টেষ্ট আৰু এদিনীয়া দুয়োটা ফর্মেটৰ বাবে তেওঁ আছিল নির্ভৰযোগ্য এক নাম৷
ক্রিকেটৰ দীর্ঘতম সংস্কৰণ টেষ্ট ক্রিকেটত এতিয়ালৈ সর্বাধিক বল খেলা অভিলেখৰ উপৰি তেওঁৰ নামতেই লিপিবদ্ধ আছে সর্বাধিক সময় ক্রিজত বেটিং কৰাৰ অভিলেখ৷ অর্থাৎ প্রতিপক্ষৰ বাবে অসীম ধৈর্যশক্তিৰ অভেদ্য দুর্গ আছিল তেওঁ৷ অকল টেষ্ট ক্রিকেটতেই সীমাবদ্ধতা নাছিল তেওঁৰ ধ্রুপদী বেটিঙৰ সন্মোহিনী কলাত্মকতা৷ এদিনীয়া আন্তর্জাতিক ক্রিকেটৰ দ্বিতীয় উইকেটৰ যুটিত দুটাকে ত্রিশতকীয় যুটিৰ অংশীদাৰ আছিল তেওঁ৷
এবাৰ বেংগল টাইগাৰ সৌৰভ গাংগুলীৰ সৈতে আৰু আনবাৰ ক্রিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ সৈতে৷
১৯৯৯ চনৰ এদিনীয়া বিশ্বকাপৰ সর্বাধিক ৰান সংগ্রহকাৰী ৰাহুল দ্রাবিডৰ জোলোঙাত আছে ৩৬টা টেষ্ট শতকসহ ১৩,২৮৮ আৰু এদিনীয়া আন্তর্জাতিক ক্রিকেটত ১২টা শতকসহ ১০,৮৮৯ সংগ্রহকাৰী দ্রাবিডৰ নামতে আছে ২৮৬টা টেষ্ট ইংনিছত এবাৰো ‘গ’ল্ডেন ডাক’ৰ সন্মুখীন নোহোৱাৰ বিৰল অভিলেখ৷বহু সময়ত বহু মহাকাব্যিক ইংনিছ খেলি ভাৰতীয় দলক নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰা দ্রাবিড সম্পর্কে এবাৰ অষ্ট্রেলিয়াৰ ষ্টিভ ৱই কৈছিল–’Try to take his wicket in the first fifteen minutes. If you can’t then only try to take the remaining wickets.’ কথাষাৰৰ পৰা সহজে অনুমান কৰিব পাৰি প্রতিপক্ষৰ বলাৰৰ বাবে কিমান মূৰৰ কামোৰণি আছিল তেওঁ৷ সেইবাবেই হয়তো তেওঁক উপনাম দিয়া হৈছেMr Dependable আৰুThe Wall. উপনাম দুটাৰ অর্থ উপলব্ধি কৰিব পাৰিলে নিশ্চয়কৈ তেওঁৰ বিষয়ে লিখিবলৈ আৰু বেলেগ বিশেষণীয় বিশেষণৰ প্রয়োজন নহ’ব৷ আমি নিজেও দ্রাবিডক এজন সফল ক্রিকেটাৰ হিচাপে জানো৷ বহুত বেছি নহ’লেও কেৰিয়াৰৰ শেষৰফালে কিছুদিন তেওঁৰ ধ্রুপদী বেটিং উপভোগ কৰাৰ সৌভাগ্যকণ হৈছিল৷ আমি ক্রিকেটাৰ হিচাপে দেখা এইজন তাৰকা আছিল শিক্ষা জীৱনতো অতি মেধাসম্পন্ন৷MBA ডিগ্রীধাৰী ৰাহুল দ্রাবিড আকৌ ক্রিকেটাৰ হোৱাৰ পূর্বে আছিল এজন ৰাজ্যিক পর্যায়ৰ হকী খেলুৱৈ৷ ৰাজ্যিক পর্যায়ৰ হকীত তেওঁ কর্ণাটকক প্রতিনিধিত্ব কৰিছিল যদিও সেয়া তেওঁৰ পৰিচয় নহ’ল৷ পৰিচয় হ’লগৈ ক্রিকেট৷
যি সময়ত বিশ্ব ক্রিকেট গ্লেন মেকগ্রাথ, এলেন ড’নাল্ড, ছোৱেইব আখতাৰ, শ্বেন ৱার্ন, শ্বন পোলক, ৱাছিম আক্রাম আদিৰ দৰে বেগী বলাৰেৰে ভৰপূৰ আছিল, সেই সময়তো তেওঁ এইসকল বলাৰৰ নিদ্রাহৰণ কৰিছিল৷ প্রতিপক্ষৰ বলাৰৰ বাবে এইখন অভেদ্য প্রাচীৰ ভেদ কৰিব পৰাটো বহু সময়ত দূৰূহ কার্য হৈ পৰিছিল৷ ইয়াৰ উদাহৰণস্বৰূপে কেইটামান ইংনিছৰ কথা ক’লেই হ’ল৷ ২০০০–০১ চনত ইংলেণ্ডৰ ভাৰত ভ্রমণৰ সময়ত কলিকতাৰ ইডেন গার্ডেনত ভি ভি এছ লক্ষ্মণৰ সৈতে ভাৰতৰ দ্বিতীয় ইনিংছৰ ১৮০ ৰান আৰু ২০০৩ চনত এডিলেইডত ঘৰুৱা দল অষ্ট্রেলিয়াৰ বিপক্ষে কৰা ২৩৩ আৰু ৭২ ৰানৰ ইনিংছকেইটাৰ কথা সচেতন ক্রিকেটপ্রেমীয়ে কেতিয়াও নাপাহৰে৷ দক্ষিণ আফ্রিকাৰ ভূমিত টেষ্ট মেচত জয়ৰ সোৱাদ লাভ কৰা প্রথমজন ভাৰতীয় অধিনায়ক দ্রাবিডৰ নেতৃত্বতেই ২০০৭ চনত ইংলেণ্ড আৰু ২০০৬ চনত ৱেষ্ট ইণ্ডিজৰ ভূমিত টেষ্ট শৃংখলা জয় কৰিছিল৷ উল্লেখযোগ্য কথাটো হ’ল ১৯৭১ চনৰ পিছত সুদীর্ঘ ৩৫ বছৰ পিছত প্রথমবাৰৰ বাবে ২০০৬ চনত ৱেষ্ট ইণ্ডিজৰ ভূমিত ভাৰতে টেষ্ট শৃংখলা জয় কৰিছিল৷ ২০১১ চনত ইংলেণ্ড ভ্রমণৰ সময়ত প্রায় একক প্রচেষ্টাৰে চাৰিখন টেষ্টত তিনিটা শতকসহ ভাৰতীয় বেটিঙৰ ভেটি গঢ়িছিল৷ তেওঁ যে অকল টেষ্ট বিশেষজ্ঞ খেলুৱৈ আছিল সেয়া নহয়, এদিনীয়া আন্তর্জাতিক ক্রিকেটতো তেওঁ আছিল ভাৰতীয় দলৰ এক মূল স্তম্ভ৷ দ্রাবিডৰ ক্রীডাশৈলী সম্পর্কে ‘ইউনিভার্ছ বছ’ ক্রিছ গেইলে কৈছিল–‘Dravid could play attacking cricket like me, but I could never play like him.’

গেইলৰ কথাষাৰৰ পৰা এটা কথা প্রতীয়মাণ হয় যে যিকোনো পৰিস্থিতিত দলৰ হৈ ত্রাণকর্তাৰ ৰূপ ল’ব পৰাৰ সক্ষমতা আছিল বাবেই টেষ্টৰ লগতে বহু সময়ত এদিনীয়া আন্তর্জাতিক ক্রিকেটতো বিপক্ষৰ বলাৰৰ ৰণনীতি তচনচ কৰি পেলাইছিল৷ ২০০৭ চনৰ এদিনীয়া বিশ্বকাপত ভাৰতীয় ক্রিকেট দলৰ দুর্বল প্রদর্শনৰ পিছত ভাৰতীয় ক্রিকেট দলৰ অধিনায়ক পদৰ পৰা অব্যাহতি লোৱা দ্রাবিডে ইয়াৰ পিছৰ সময়ছোৱাত ২০১২ চনলৈ জাতীয় দলৰ হৈ প্রদর্শন আগবঢ়াই গৈছিল৷ আন্তর্জাতিক ক্রিকেটত তেওঁৰ নামত পাঁচটা উইকেট আছে আৰু জীৱনৰ প্রথমটো আন্তর্জাতিক উইকেট আছিল পাকিস্তানৰ চৈয়দ আনোৱাৰৰ উইকেট৷ এটা সামান্য লেখাৰ জৰিয়তে তেওঁৰ বিষয়ে লিখিবলৈ লোৱাটো মৰসাহৰ লেখীয়া৷ কিন্তু মনৰ মাজত থকা কেতবোৰ খু–দুৱনিৰ বাবেহে লিখিবলৈ ল’লোঁ৷
এজন ক্রিকেটাৰ হিচাপে পাবলগীয়া সকলোখিনিয়েই পোৱা দ্রাবিডৰ জোলোঙাত খেলুৱৈ হিচাপে বিশ্বকাপৰ ড্রফী নাই যদিও তেওঁৰ পৰা ভাৰতীয় ক্রিকেটে লাভ কৰিছে অপৰিসীম অৱদান৷ অকল খেলুৱৈ হিচাপে অৱদান দি ক্ষান্ত নথকা দ্রাবিডে সবল ৰূপত নির্মাণ কৰিছে ভাৰতীয় ক্রিকেটৰ ভৱিষ্যতৰ ভেটি৷
আন্তর্জাতিক ক্রিকেটৰ পৰা অৱসৰ গ্রহণ কৰাৰ পিছত ১৯ বছৰৰ অনূধর্ব ভাৰতীয় ক্রিকেট দলৰ মুখ্য প্রশিক্ষকৰ দায়িত্ব বহন কৰা দ্রাবিডৰ নেতৃত্বতেই ভাৰতীয় দলে ২০১৬ চনত ৰানার্ছ আপ, ২০১৮ চনত পথ্বি শ্বৰ নেতৃত্বত চেম্পিয়নৰ খিতাপ অর্জন কৰিছিল ভাৰতীয় দলে৷ ভাৰতীয় ক্রিকেটত বর্তমান যিকেইজন নতুন সম্ভাৱনাপূর্ণ ক্রিকেটাৰৰ জন্ম হৈছে, তেওঁলোকৰ বহুকেইজনকে গঢ় দিয়াৰ নেপথ্যৰ নায়ক ৰাহুল দ্রাবিড৷ তাৰ ভিতৰত বর্তমান আন্তর্জাতিক পর্যায়ত জাতীয় দলক প্রতিনিধিত্ব কৰি অহা পৃথ্বি শ্ব, শুভমন গীল, ঋষভ পণ্ট এই তিনিজনৰ নাম ল’লেই যথেষ্ট৷ এওঁলোকৰ উপৰি যশস্বী জয়চোৱাল, ৰবি বিষ্ণইৰ দৰে নতুন চাঞ্চল্যবোৰ ভাৰতীয় ক্রিকেটৰ ভৱিষ্যৎ৷ জুনিয়ৰ পর্যায়ত ক্রিকেটাৰ গঢ় দিয়াৰ দৰে কঠিন কাম এটা সফলতাৰে সম্পন্ন কৰি বিশ্ব জয়ৰ সোৱাদ দি নিজকে প্রমাণ কৰি দেখুৱাই দিছে তেওঁৰ প্রশিক্ষক তথা ভেটি নির্মাতা হিচাপে থকা দক্ষতাৰ কথা৷
তাৰ পিছতো তেওঁক প্রাপ্যখিনি দিয়া হোৱা নাই যেন আমাৰ অনুভৱ হয়৷ খেলি থকা সময়তে হওক বা অৱসৰৰ পিছতেই হওক, তেওঁক লৈ আমি পর্যাপ্ত চর্চা কৰা দেখা নাপালোঁ৷ সেয়া সচেতন মহলতে হওক বা অনুৰাগীৰ মাজতে হওক৷ আশা কৰোঁ এইজন নেপথ্যৰ নায়কক লৈ অন্ততঃ এইবাৰ কিছু চর্চা কৰা হওক৷ লগতে অক্ষুণ্ণ থাকক তেওঁৰ খেলুৱৈ আৰু প্রশিক্ষক হিচাপে সফলতাৰ ধাৰাবাহিকতা৷
তেওঁক লৈ উপযুক্ত চর্চা কৰাৰ এয়াই উপযুক্ত সময় তথা আমাৰ বাবে সোণালী সুযোগ৷ কাৰণ বহু উৎকণ্ঠাৰ অৱসান ঘটাই তেওঁ ভাৰতীয় ক্রিকেট দলৰ মুখ্য প্রশিক্ষক হিচাপে নিযুক্তি লাভ কৰিছে৷ চলিত টি–২০ বিশ্বকাপৰ পিছতে ভাৰতীয় ক্রিকেট দলৰ কার্যভাৰ গ্রহণ কৰিব তেওঁ৷ সর্বদাপ্রিয় এইজন তাৰকাৰ ওপৰত অনুৰাগীৰ বহু আশা–আকাংক্ষা আছে, কিয়নো অধিকাংশই মনৰ পৰা বিচৰা উপযুক্ত ব্যক্তিজন উপযুক্ত স্থানত নির্বাচিত হৈছে৷‘Mr Dependable’ৰ নেতৃত্বত এতিয়া ভাৰতীয় ক্রিকেট দলৰ লক্ষ্য ২০২৩ এদিনীয়া বিশ্বকাপ৷ টি–২০ ক্রিকেটৰ ধামখুমীয়াৰ মাজতো এচাম প্রকৃত যোদ্ধাক সুনিপুণ কৰি গঢ়াৰ স্বার্থত অহোপুৰুষার্থ কৰি থকা এইজন ৰাহুল দ্রাবিডৰ সবল নেতৃত্বত ভাৰতীয় ক্রিকেট দলে লাভ কৰক এক নতুন মাত্রা৷ প্রতিপক্ষয়ো সন্মান কৰিবলৈ বাধ্য হোৱা দ্রাবিডৰ হাতেৰেই লিখা হওক ভাৰতীয় ক্রিকেটৰ নতুন ইতিহাস৷ অৱশ্যে এয়া এক নতুন যাত্রাৰ আৰম্ভণিহে, শেষ হ’বলৈ বহুযোজন বাট…৷

You might also like