নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লর্ডছত ইংৰাজৰ প্রত্যাহ্বান গ্রহণৰ বাবে সাজু গিল বাহিনী

🔹 আজিৰে পৰা তৃতীয় টেষ্ট : সালসলনি ঘটিব ভাৰতীয় দলত

নিউজ ডেস্ক, ১০ জুলাই : হেডিংলেত পৰাজয় আৰু বার্মিংহামত ঐতিহাসিক জয়৷ ঘৰুৱা দল ইংলেণ্ডৰ বিৰুদ্ধে খেলি থকা এণ্ডাৰছন-তেণ্ডুলকাৰ ট্রফী পাঁচখনীয়া টেষ্ট মেচৰ শৃংখলাটোত ১–১ত সমতা স্থাপন ভাৰতৰ৷ বার্মিংহামত জয় ভাৰতৰ বাবে আছিল এক অনন্য মাইলষ্টোন ৷ কিয়নো ইয়াৰ পূর্বে এইখন খেলপথাৰত ভাৰতে কেতিয়াও টেষ্ট মেচত জয়লাভ কৰা নাছিল৷ এইবাৰ যুঁজ ক্রিকেটৰ মক্কা লর্ডছত৷ শৃংখলাৰ তৃতীয়খন টেষ্ট আজিৰ পৰা সেউজ ঘাঁহনিৰে ভৰপূৰ লর্ডছত আৰম্ভ হ’ব৷ কিন্তু টেষ্ট ক্রিকেটত লর্ডছ ভাৰতৰ বাবে একেবাৰে সহজ ৰণক্ষেত্র নহয়৷ এই পর্যন্ত ১৫গৰাকী ভাৰতীয় অধিনায়কে লর্ডছত খেলিছে যদিও ইয়াৰে ১২জন অধিনায়কেই বিজয় সাব্যস্ত কৰাত ব্যর্থ হৈছে৷ অর্থাৎ এতিয়ালৈকে মাত্র ৩জন ভাৰতীয় অধিনায়কে লর্ডছত টেষ্ট জয়ৰ সোৱাদ ল’বলৈ সক্ষম হৈছে৷

লর্ডছত প্রথমবাৰৰ বাবে অধিনায়ক হিচাপে খেলিব শুভমন গিলে৷ এনে পৰিস্থিতিত তেওঁৰ বাবে প্রত্যাহ্বান আৰু বেছি৷ ভাৰতীয় দলটোৱে ১৯৩২ চনৰ পৰা লর্ডছত টেষ্ট মেচ খেলি আহিছে আৰু এতিয়ালৈকে ১৯খন টেষ্টত অংশগ্রহণ কৰি মাত্র ৩খনতহে জয়লাভ কৰিছে৷ ১২খনত পৰাজয়ৰ সন্মুখীন হোৱাৰ বিপৰীতে ৪খন টেষ্ট ড্রৰে পৰিসমাপ্তি ঘটিছিল৷ বার্মিংহাম টেষ্টত ঐতিহাসিক জয়লাভ কৰি আত্মবিশ্বাস তুংগত থকা শুভমন গিল বাহিনীয়ে লর্ডছত ইংৰাজ বাহিনীৰ প্রত্যাহ্বান গ্রহণ কৰিবলৈ সম্পূর্ণৰূপে সাজু হৈছে৷ অৱশ্যে লর্ডছ টেষ্টত ভাৰতীয় দলটোৰ কিছু সালসলনি হোৱাটো খাটাং৷ অধিনায়ক গিল আৰু মুখ্য প্রশিক্ষক গৌতম গম্ভীৰে মূল একাদশত সালসলনি ঘটোৱাটো একপ্রকাৰ নিশ্চিত৷

গুৰুত্বপূর্ণ লর্ডছ টেষ্টত অভিজ্ঞসম্পন্ন পেচ বলাৰ যশপ্রীত বুমৰাহে মূল একাদশত স্থান লাভ কৰাটো নিশ্চিত৷ লর্ডছৰ উইকেট পেচ বলাৰৰ বাবে সহায়ক হোৱাত বুমৰাহে ভাৰতীয় দলটোলৈ প্রত্যাৱর্তন কৰিব৷ বুমৰাহৰ প্রত্যাৱর্তনত মূল একাদশৰ পৰা বাহিৰ হ’ব পেচ বলাৰ প্রসিদ্ধ কৃষ্ণ৷ ইপিনে, আজিৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্টখনত নীতিশ কুমাৰ ৰেড্ডী বাদ পৰাৰ পূর্ণ সম্ভাৱনা আছে৷ নীতিশৰ স্থানত পিটচৰ আচৰণৰ প্রতি লক্ষ্য ৰাখি শার্দুল ঠাকুৰক মূল একাদশত অন্তর্ভুক্ত কৰাৰ সম্ভাৱনা আছে৷ লর্ডছৰ পিটচত শার্দুল টীম ইণ্ডিয়াৰ বাবে বলিঙত অধিক কার্যকৰী প্রমাণিত হ’ব পাৰে৷ বার্মিংহাম টেষ্টত ভাৰতীয় দলৰ জয়ত অন্যতম ভূমিকা পালন কৰা পেচ বলাৰ আকাশদীপে লর্ডছ টেষ্টত মূল একাদশত স্থান লাভ কৰাটো নিশ্চিত৷ লর্ডছ টেষ্টত বিজয় সাব্যস্ত কৰি শৃংখলাত ২–১ৰ অগ্রগতি লোৱাৰ লক্ষ্য লৈছে ভাৰতীয় দলটোৱে৷ খেলৰ সময় : দিনৰ ৩.৩০ বজাৰ পৰা৷

You might also like