ভাৰতত আক্রমণ চলাবলৈ সাজু ১০ হাজাৰ আত্মঘাতী বোমাৰু
🔹 মিছাইলৰ আঘাততো সেও মনা নাই জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰে
নিউজ ডেস্ক, ১০ জুলাই : ভাৰতৰ অপাৰেচন সিন্দূৰৰ মিছাইলৰ আঘাতত জইছ–ই–মহম্মদৰ মূল ঘাটি তচনচ হ’লেও সেও মনা নাই ম’ষ্ট ৱাণ্টেড সন্ত্রাসবাদী মাছুদ আজহাৰে৷ নিষিদ্ধ সন্ত্রাসবাদী সংগঠন জইছ–ই–মহম্মদৰ মুৰব্বী মাছুদ আজহাৰে পাকিস্তানৰ বাহাৱালপুৰ মছজিদত ৰেকর্ডিং কৰা অডিঅ’ ক্লিপ এটাত ভাৰতক আক্রমণ কৰিবলৈ আত্মঘাতী বোমাৰু সাজু কৰি ৰখা হৈছে বুলি ভাবুকি দিছে৷
ভাৰতীয় সেনাৰ আক্রমণত মাছুদ আজহাৰৰ ভাতৃ-ভগ্ণীসহ ১০ সদস্যক হেৰুৱালেও ভাৰতৰ বিৰুদ্ধে জেহাদ এৰি দিয়া নাই সন্ত্রাসবাদীটোৱে৷ অডিঅ’ বার্তাত প্রকাশ কৰা মতে, জইছ–ই–মহম্মদৰ এতিয়াও ৩০ হাজাৰ সদস্য আছে৷ ইয়াৰে ভিতৰত ১০ হাজাৰ আত্মঘাতী বোমাৰু আছে৷ আত্মঘাতী বোমাৰুৱে মাছুদ আজহাৰৰ নির্দেশ পালেই ভাৰতত সন্ত্রাসবাদী আক্রমণ চলাব৷ এই আত্মঘাতী বোমাৰু জেহাদৰ বাবে ব্যৱহাৰ কৰা হ’ব৷
উল্লেখ্য যে ২৬/১১ মুম্বাই সন্ত্রাসবাদী আক্রমণ, ২০০১ সংসদ ভৱন আক্রমণ, ২০১৬ পাঠানকোট আক্রমণ, ২০১৯ পুলৱামা আত্মঘাতী আক্রমণৰ লগতে ভাৰতত কেইবাটাও ভয়াৱহ আক্রমণৰ লগত জড়িত জইছ–ই–মহম্মদ৷ সংগঠনটোৰ মুৰব্বী মাছুদ আজহাৰে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইৰ নিৰাপত্তাত দেশখনত নির্বিঘ্ণে বসবাস কৰি আছে যদিও ইছলামাবাদে এই কথা অস্বীকাৰ কৰি আহিছে৷ ভাৰতে দীর্ঘদিন ধৰি মাছুদ আজহাৰক গ্রেপ্তাৰ কৰি পাকিস্তানক প্রত্যর্পণৰ বাবে দাবী জনাই আহিছে৷ পেহেলগাম আক্রমণতো পৰোক্ষভাৱে জইছ–ই–মহম্মদ জড়িত আছিল৷