চেম্পিয়ন হ’লে নাকভিৰ পৰা ট্রফী গ্রহণ নকৰে টীম ইণ্ডিয়াই, পাকিস্তানক ভাবুকি ভাৰতৰ
কৰমর্দন বিতর্কক লৈ পাকিস্তানে তিনিটা কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ পাছত ওলোটাই ভাবুকি দিছে টীম ইণ্ডিয়াই৷ যদি এছিয়া কাপত ভাৰত চেম্পিয়ন হয়, তেতিয়াহ’লে এছিয়ান ক্রিকেট কাউঞ্চিলৰ সভাপতি তথা পাকিস্তান ক্রিকেট ব’ডৰ অধ্যক্ষ মহছিন নাকভিৰ পৰা ট্রফী গ্রহণ নকৰে সূর্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটোৱে৷
সংবাদ প্রতিষ্ঠানে সদৰী কৰা মতে যদি প্রতিযোগিতাখনত ৰানার্ছআপো হয়, তেতিয়া হ’লেও নাকভিৰ হাতৰ পৰা ট্রফী নলয় ভাৰতীয় দলটোৱে৷ ফাইনেলৰ অন্তত অনুষ্ঠিত হ’বলগীয়া বঁটা বিতৰণী অনুষ্ঠানত পিচিবিৰ বিষয়ববীয়াৰ সৈতে একেখন মঞ্চত ভাগ নোলোৱাৰ হুংকাৰ দিছে টীম ইণ্ডিয়াই৷
সংবাদ প্রতিষ্ঠানৰ সূত্র মতে যদি ভাৰতে ২৮ ছেপ্টেম্বৰত এছিয়া কাপৰ ফাইনেলত প্রৱেশ কৰে, তেন্তে ভাৰতীয় ক্রিকেটাৰসকল পিচিবিৰ অধ্যক্ষ নাকভিৰ সৈতে বঁটা প্রদান অনুষ্ঠানৰ মঞ্চত নাথাকিব৷ এচিচিৰ মুৰব্বী হিচাপে নাকভিয়ে চেম্পিয়ন দলক ট্রফী প্রদান কৰাৰ অধিক সম্ভাৱনা আছে৷
নিয়মীয়া বাৰ্তা ডেস্ক, ১৬ ছেপ্টেম্বৰ