নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভিআইপিত উদ্যান শস্যৰ উপবন মুকলি

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ ভোগালী বিহুৰ উৎসাহ–উদ্দীপনাৰ মাজতেই অসমবাসী ৰাইজৰ বাবে সুখৰ বতৰা কঢ়িয়াই আনিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্রাপ্ত মুখ্য বিজ্ঞানী ড০ নলীন কুমাৰ মোহনে৷ বৰঝাৰ বিমানবন্দৰৰ ভিআইপি চ’কৰ মিলন নগৰৰ নিজ বাসগৃহৰ প্রায় আঢ়ৈ বিঘা মাটিত অৱসৰপ্রাপ্ত মুখ্য বিজ্ঞানীজনে নিজৰ একক প্রচেষ্টাত একমাত্র ছাত্র–ছাত্রীৰ শৈক্ষিক উত্তৰণৰ বাবেই মুকলি কৰিলে শৈক্ষিক জৈৱ–বৈচিত্র্যৰ উপবন নামেৰে এখন উদ্যান শস্য৷ এই উদ্যানখন মুকলি কৰে ড০ মোহনৰ শিক্ষাগুৰু তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ প্রাক্তন অধ্যাপক ড০ মোক্ভাৱ হুছেইন হাজৰিকাই৷ এই মুকলি অনুষ্ঠান কার্যসূচীতেই স্থানীয় পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই বন্তি প্রজ্বলনেৰে কার্যসূচীৰ শুভাৰম্ভণি কৰে৷ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু শৈক্ষিক অনুষ্ঠান–প্রতিষ্ঠানস্ ছাত্র–ছাত্রীসকলৰ শৈক্ষিক দিশৰ প্রতি সহায়ক হোৱাকৈ ড০ মোহনে ব্যক্তিগতভাৱে এই উদ্যানত শতাধিক প্রজাতিৰ উদ্ভিদৰ সংৰক্ষণ ব্যৱস্থা কৰিছে৷ যিকোনো সময়তেই ছাত্র–ছাত্রীসকলে এই উদ্যানলৈ আহি এইসমূহ জৈৱ–বৈচিত্র্যৰ সমাহাৰ পৰিদর্শন কৰাৰ লগতে কৃষি বিজ্ঞানীজনৰ পৰা জৈৱ–বৈচিত্র্যৰ ওপৰত শিক্ষাগ্রহণৰবাবে ছাত্র–ছাত্রীসকলক সুবিধা প্রদান কৰিব৷ ইফালে, মুকলি অনুষ্ঠান কার্যসূচীত ৰাজ্যৰ কেইবাগৰাকীও কৃষি বিজ্ঞানী, অধ্যাপক, কৃষি বিষয়া উপস্থিত থাকি এসময়ৰ দক্ষ কৃষি মুখ্য বিজ্ঞানীজনৰ এই পদক্ষেপক ভূয়সী প্রশংসা কৰে৷

You might also like