নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাকৃতিক নৈসৰ্গিক সৌন্দৰ্য… তাতেই অসমে পাব এখন ক্ৰিকেট ষ্টেডিয়াম

উমৰাংছ’ত নিৰ্মিত আটাইতকৈ আধুনিক ক্ৰিকেট ষ্টেডিয়াম উদ্বোধনৰ বাবে সাজু, মুখ্যমন্ত্ৰীৰ উপস্থিতি ৫ ডিচেম্বৰত উদ্বোধন

অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ উদ্যোগ নগৰী উমৰাংছ’ত অসম ক্ৰিকেট সন্থাৰ উদ্যোগত অত্যাধুনিক ক্ৰিকেট ষ্টেডিয়ামখন যথেষ্ট গতিত সাজু হৈ উঠিছে। অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা, ইংলেণ্ড আদি দেশৰ আধুনিক ষ্টেডিয়ামক আদৰ্শ হিচাপে লৈ প্ৰকৃতিৰ একো ক্ষতি নকৰাকৈ এই ষ্টেডিয়ামখন নিৰ্মাণ কৰা হৈছে।

প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা উমৰাংছ’ৰ বুকুত স্থাপিত এই ক্ৰিকেট ষ্টেডিয়ামখন দেশৰ আটাইতকৈ আকর্ষণীয় ষ্টেডিয়ামসমূহৰ ভিতৰতে স্থান পাব বুলিয়েই আশা কৰা হৈছে। অহা ৫ ডিচেম্বৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ষ্টেডিয়ামখন উদ্বোধন কৰিব।

উদ্বোধনৰ আগতে বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই ষ্টেডিয়ামখন পৰিদৰ্শন কৰে। তেওঁ কয়— “উত্তৰ কাছাৰ পাহাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই ষ্টেডিয়াম নিৰ্মাণৰ বাবে ৩০ বিঘা ভূমি আৱণ্টন কৰিছিল। হাফলঙত উপযুক্ত সমভূমি নোপোৱাত উমৰাংছ’ৰ এই স্থান বাছনি কৰা হৈছিল। ৪ বছৰ আগতেই অসম ক্ৰিকেট সন্থাই এই পৰিকল্পনা লৈছিল।”

এই ভবিষ্যতমুখী ষ্টেডিয়ামখনত ১৫ হাজাৰ দৰ্শকে একেলগে বহি খেল উপভোগ কৰিব পাৰে। মূল পিটছৰ লগতে ৫ খন অনুশীলনমুখী পিটছ তৈয়াৰ কৰা হৈছে। দেৱজিৎ শইকীয়াই কয়— “অসম ক্ৰিকেট সন্থা আৰু বিচিচিআইয়ে ঘৰুৱা মেচসমূহ এই ষ্টেডিয়ামত আয়োজন কৰিব। এই স্থানটোৱে ‘ডেষ্টিনেচন চেণ্টাৰ’ৰ ৰূপ ল’ব, য’ত বাহিৰৰ খেলুৱৈ আহি থাকিব, অনুশীলন কৰিব আৰু খেলিব।” তেওঁ আশা প্ৰকাশ কৰে যে উমৰাংছ’ৰ এই ষ্টেডিয়ামখন দেশৰ অন্যতম উৎকৃষ্ট ষ্টেডিয়াম হব।

বিচিচিআইৰ সচিবৰ মতে, এই নতুন ক্ৰিকেট ষ্টেডিয়াম যুৱৰ খেলুৱৈৰ বাবে এটা সোণালী সুযোগ। আগন্তুক দিনত ডিমা হাছাওৰ পৰা বহু উৎকৃষ্ট প্ৰতিভা ওলাই অহাৰ আশা প্ৰকাশ কৰে তেওঁ।

এই ষ্টেডিয়ামৰ পেভিলিয়নটো চেঙিয়া তুলাৰাম সেনাপতিৰ নামত উৎসৰ্গা কৰা হৈছে, যিটো এই অঞ্চলৰ ক্ৰীড়াৰ জগতে বিশেষ ৰূপে উল্লেখযোগ্য।

ডিজিটেল ডেস্ক, ১ ডিচেম্বৰ

You might also like