নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টকিঅ’ অলিম্পিকলৈ যোগ্যতা অর্জন ৰ’ৱাৰ অর্জুন–ৰবিন্দৰ

নিয়মীয়া বাৰ্তা, ৮ মে: ৰ’ৱাৰ অর্জুনলাল জাট আৰু অৰবিন্দ সিঙে চলিত বছৰৰ জুলাই–আগষ্টত হ’বলগীয়া টকি’ অলিম্পিকত খেলাৰ সুযোগ লাভ কৰিছে৷ টকিঅ’ত চলি থকা এছিয়া–ওছেনিয়া কণ্টিনেণ্টেল কোৱালিফায়িঙৰ পুৰুষৰ লাইট ৱেইট ডাবল স্কাল ইভেণ্টত দ্বিতীয় স্থান অধিকাৰ কৰি টকিঅ’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰে অর্জুন লাল আৰু অৰবিন্দ সিঙৰ দ্বাৰা গঠিত ভাৰতীয় যুটিটোৱে৷

ইপিনে, প্রতিযোগিতাখনৰ পুৰুষৰ ছিংগল স্কালৰ ফাইনেলত ভাৰতৰ জাকৰ খানে প্রৱেশ কৰিছিল যদিও চতুর্থ স্থানহে লাভ কৰিবলৈ সক্ষম হয়৷ ফলত জাকৰে অলিম্পিকলৈ যোগ্যতা অর্জন কৰাত ব্যর্থ হয়৷

You might also like