নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুই চিৰন্তন প্রতিদ্বন্দ্বীৰ সমৰক লৈ বৃদ্ধি পাইছে উত্তেজনা : টিকটৰ মূল্য ৫০ লাখলৈ বৃদ্ধি

বিশেষ বাৰ্তা, ৫ মার্চ : বিশ্বৰ শক্তিশালী দেশ আমেৰিকাত অনুষ্ঠিত হ’ব আইচিচি টি–২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতা৷ ২ জুনৰ পৰা আৰম্ভ হ’বলগীয়া প্রতিযোগিতাখনৰ মেচ আমেৰিকাৰ লগতে ৱেষ্ট ইণ্ডিজতো অনুষ্ঠিত হ’ব৷ আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ ৯ জুনত হ’বলগীয়া মেচখনক লৈ অধীৰ আগ্রহেৰে বাট চাইছে বিশ্বৰ ক্রিকেটপ্রেমীয়ে৷ ৯ জুনত আমেৰিকাৰ নিউয়র্কত অনুষ্ঠিত হ’ব বহু প্রতীক্ষিত ভাৰত–পাকিস্তানৰ হাইভল্টেজ মেচখন৷ মেচখনলৈ এতিয়াও তিনি মাহ বাকী থকা অৱস্থাত অনুৰাগীৰ মাজত বৃদ্ধি পাইছে উত্তেজনা৷ নিউয়র্কৰ এই মেচখনে জোকাৰি যাব বিশ্ব ক্রিকেটক৷ এই হাইভল্টেজ মেচখনৰ টিকটৰ মূল্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আমেৰিকাত অবিশ্বাস্য দামত বিক্রী হৈছে ভাৰত–পাকিস্তানৰ মাজৰ মেচখনৰ টিকট৷ বিশ্বকাপৰ যিকোনো মেচৰ টিকটৰ ন্যূনতম মূল্য ভাৰতীয় মূল্যত ৪৯৭ টকা৷ কিন্তু ভাৰত–পাকৰ মেচ মানেই টিকটৰ দাম সদায় অধিক৷ এই হাইভল্টেজ মেচখনৰ ভিআইপি টিকটৰ আৰম্ভণিৰ মূল্য ৩৩ হাজাৰ টকা৷ প্রথমে আইচিচিৰ অফিচিয়েল ৱেবছাইটৰ পৰা টিকট ক্রয় কৰা হয় আৰু তাৰ পিছত বিভিন্ন প্লেটফর্মত পুনৰ বিক্রী হয় টিকটসমূহ৷ ইয়াৰ বাবেই হোৰাহোৰে বাঢ়িছে টিকটৰ মূল্য৷ আমেৰিকাৰ সংবাদ মাধ্যমৰ সূত্র অনুসৰি ভাৰত–কানাডা আৰু ভাৰত–পাকৰ মাজৰ মেচৰ সকলো টিকট ইতিমধ্যে বিক্রী হৈ গৈছে৷ মেগা মেচখনৰ টিকট এতিয়া অনলাইন প্লেটফর্মত অধিক মূল্যত বিক্রী কৰা হৈছে৷ ষ্টাবহাবত প্রতিখন টিকটৰ ন্যূনতম মূল্য প্রায় ১ লাখ হৈছেগৈ৷ সর্বোচ্চ টিকটৰ মূল্য ৪১ লাখলৈ বৃদ্ধি পাইছে৷ আন এটা বেৱছাইট ষ্টিকগিকে আৰু অধিক দাম বৃদ্ধি কৰিছে ভাৰত–পাকৰ মাজৰ হাইভল্টেজ মেচখনৰ টিকটৰ মূল্য৷ খবৰ অনুসৰি ভাৰত–পাকৰ এই বহু প্রতীক্ষিত হাইভল্টেজ মেচৰ টিকট সর্বাধিক ১.৮৬ কোটি টকাত বিক্রী কৰিব পাৰিব৷ ভাৰত আৰু পাকিস্তানৰ মাজৰ এই মেচখনে আমেৰিকাত অনুষ্ঠিত জনপ্রিয় এনবিএৰ মেচৰ টিকটৰ মূল্যক অতিক্রম কৰিব বুলি সংবাদ মাধ্যমত সদৰী৷ আনকি এদিনীয়া বিশ্বকাপৰ ভাৰত–পাকৰ মেচৰ টিকটৰ মূল্যতকৈ অধিক মূল্যত বিক্রী হ’ব টি–২০ বিশ্বকাপৰ টিকট৷ মন কৰিবলগীয়া যে আমেৰিকাত ক্রিকেট বৰ বেছি জনপ্রিয় নহয়, তথাপি টি–২০ বিশ্বকাপৰ ভাৰত–পাকৰ মেচখনৰ টিকটৰ দাম বৃদ্ধি পোৱাৰ লগে লগে ভৱিষ্যতে আমেৰিকাত ক্রিকেট অধিক জনপ্রিয় হৈ উঠিব বুলি আশা কৰা হৈছে৷

You might also like