নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০৩৫ৰ ভিতৰত ভাৰতে মহাকাশত গঢ়িব নিজৰ স্পেচ ষ্টেচন

🔹 ‘ইছৰো’ৰ মুৰব্বী এছ সোমনাথৰ ঘোষণা

বিশেষ বাৰ্তা, ৫ মার্চ : ৰাছিয়া–আমেৰিকা আৰু চীনৰ পাছত নজিৰ গঢ়িবলৈ আগবাঢ়ি আছে ভাৰত৷ মহাকাশত নিজৰ স্পেচ ষ্টেচন বা মহাকাশ আস্থান গঢ়ি তুলিব ভাৰতে৷ এইক্ষেত্রত সফল হ’ব পাৰিলে মহাকাশত আস্থান গঢ়ি তোলা চতুর্থখন দেশ হিচাপে চিহ্ণিত হ’ব ভাৰত৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ মুৰব্বী এছ সোমনাথে শেহতীয়াকৈ সংবাদ মাধ্যমক জনাইছে যে ২০৩৫ চনৰ ভিতৰত স্পেচ ষ্টেচনটোক মহাকাশলৈ প্রেৰণৰ ব্যৱস্থা কৰা হ’ব৷ ইতিমধ্যে প্রস্তুতিপর্ব আৰম্ভ হৈছে বুলি সোমনাথে উল্লেখ কৰে৷ ভাৰতৰ নিজস্ব স্পেচ ষ্টেচনত কিধৰণৰ প্রযুক্তিৰ ব্যৱহাৰ কৰা হ’ব, তাক লৈ ইতিমধ্যে কাম আৰম্ভ কৰি দিছে বিজ্ঞানীসকলে৷ ২০৩৫ চনৰ ভিতৰত ভাৰতৰ এই মহাকাশ আস্থান কার্যকৰী হৈ উঠিব বুলিও আশা প্রকাশ কৰে সোমনাথে৷

You might also like