নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এলিমিনেটৰত আজি বাংগালুৰু–ছানৰাইজাৰ্ছ

নিয়মীয়া বাৰ্তা ৬ নৱেম্বৰঃ সংযুক্ত আৰব আমীৰ শ্বাহীত পূর্ণগতিত চলি থকা ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণটোৰ এলিমিনেটৰ মেচখন কাইলৈ অনুষ্ঠিত হ’ব৷ আবু ধাবিত হ’বলগীয়া এই এলিমিনেটৰ মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব বিৰাট কোহলি নেতৃত্বাধীন ৰয়েল চেলেঞ্জার্ছ বাংগালুৰু আৰু ডেভিদ ৱার্নাৰ নেতৃত্বাধীন ছানৰাইজার্ছ হায়দৰাবাদে৷ মন কৰিবলগীয়া যে এই মেচখনত যিটো দলে পৰাস্ত হয়, সেই দলটো আই পি এলৰ পৰা বিদায় লোৱাটো নিশ্চিত হৈ পৰিব৷ ইফালে, মেচখনৰ বিজয়ী দলটোৱে কোৱালিফায়াৰ ২লৈ উন্নীত হ’ব৷ আজিৰ এই গুৰুত্বপূর্ণ মেচখনক লৈ আত্মবিশ্বাসী বাংগালুৰু৷ আজিৰ এই বিজয় অপৰিহার্য মেচখনত সতীর্থসকলৰ পৰা দীঘলীয়া ইনিংছৰ আশা ব্যক্ত কৰি অধিনায়ক কোহলিয়ে কয় যে বিগত মেচকেইখনত আমাৰ আগশাৰীৰ বেটছমেনসকলে নিজৰ ছন্দ অনুসাৰে খেলিবলৈ সক্ষম হোৱা নাই৷ আশা কৰিছোঁ আজি মেচখনত তেওঁলোকে নিজৰ ছন্দ ঘূৰাই আনি দলক জয়ৰ সোৱাদ দিব পাৰিব৷ ইফালে, ক্রমাগত তৃতীয় জয়েৰে প্লে অফত স্থান সুৰক্ষিত কৰি আত্মবিশ্বাস তুংগত থকা ছানৰাইজার্ছ হায়দৰাবাদেও আজিৰ মেচখনক লৈ আত্মবিশ্বাসী৷

You might also like