নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিলিন্দৰ নগ্নতাই পালে প্ৰশংসা, অৰ্ধনগ্ন হৈ কিয় গ্ৰেপ্তাৰ পুনম পাণ্ডে? প্ৰশ্ন অনুৰাগীৰ

নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰঃ মিলিন্দ সুমন। ভাৰতৰ এগৰাকী নিউড মডেল। যোৱা ৫ নৱেম্বৰত নিজৰ ৫৫ বছৰীয়া জন্মদিন উপলক্ষে মিলিন্দ সুমনে পোষ্ট কৰিছিল তেওঁৰ এখন নগ্ন ফটো। সাগৰতীৰত দৌৰি থকা এই ফটোখন পোষ্ট কৰি প্ৰশংসিত হৈছিল মিলিন্দ। ৫৫ বছৰ বয়সতো মিলিন্দ সুমনে অটুট ৰখা স্বাস্থ্যক লৈ কৰা হৈছিল প্ৰশংসনীয় মন্তব্য।

কিন্তু ইয়াৰ সমান্তৰালভাৱে ঘটা এটা ঘটনাৰ বাবে নগ্নতাক লৈ প্ৰশ্ন উঠিছে ছ’চিয়েল মিডিয়াত। অলপতে গোৱাৰ সাগৰতীৰত অশ্লীল ভিডিঅ’ কৰাৰ বাবে অভিনেত্ৰী তথা মডেল পুনম পাণ্ডেক গ্ৰেপ্তাৰ কৰাক লৈ সৃষ্টি হৈছে বিতৰ্ক। অভিনেত্ৰীগৰাকীৰ অনুৰাগীৰ মাজত এতিয়া প্ৰশ্ন- মিলিন্দ সুমনে নগ্ন হোৱাৰ বাবে প্ৰশংসা আৰু পুনম পাণ্ডে নগ্ন হোৱাৰ বাবে নিন্দা তথা গ্ৰেপ্তাৰ হ’ল কিয়।

এয়া পুৰুষতান্ত্ৰিকতা নহয়নে বুলি উঠিছে প্ৰশ্ন। উল্লেখ্য যে ১৯৯৫ চনতো মধু চোপ্ৰাৰ সৈতে অজগৰ সাপ লৈ মিলিন্দ সুমনে উঠা এটা ফটোক লৈ বন্যপ্ৰাণী সংৰক্ষণ আইনৰ অধীনত গোচৰ তৰা হৈছিল মিলিন্দ আৰু মধুৰ বিৰুদ্ধে। প্ৰায় ১৪ বছৰজোৰা আইনী যুঁজৰ অন্তত মুক্ত হয় এই অভিযোগৰ পৰা।

You might also like