নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ছেমিৰ যুঁজঃ ইতিহাসৰ দুৱাৰডলিত অসম কন্যা

নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ সাজু হৈছে ৰাজ্যবাসী৷ বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকত অসম কন্যাৰ ঐতিহাসিক সাফল্য উপভোগ কৰিবলৈ ৰাজ্য তথা দেশবাসী আজি উৎকণ্ঠিত৷ টকিঅ’ অলিম্পিকত ইতিমধ্যে পদত নিশ্চিত কৰি দেশ তথা ৰাজ্যলৈ বিৰল সন্মান কঢ়িয়াই অনা অসমৰ উদীয়মান বক্সাৰ লাভলীনা বৰগোহাঁইৰ ছেমিফাইনেলৰ যুঁজক লৈ সমগ্র ৰাজ্যত বিৰাজ কৰিছে তীব্র উৎকণ্ঠা৷ চাইনীজ টাইপেৰ শক্তিশালী প্রতিদ্বন্দ্বীক কোৱার্টাৰ ফাইনেলত হৰুৱাই বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱত অতিকমেও ব্রঞ্জৰ পদক নিশ্চিত কৰা অসম কন্যাই কাইলৈ ছেমিফাইনেলত তুর্কীৰ বাছেনাজ ছার্মেনেলীৰ মুখামুখি হ’ব৷

প্রাক্তন বিশ্ব চেম্পিয়ন তুর্কীৰ প্রতিদ্বন্দ্বীগৰাকীৰ বিৰুদ্ধে লাভলীনাই বুধবাৰে পুৱা ১১ বজাত বক্সিং ৰিঙত নামিব৷ প্রতিগৰাকী অসমীয়াৰ অযুত শুভকামনা আৰু আশিস মূৰত লৈ ২৩ বছৰীয়া বক্সাৰগৰাকীয়ে অলিম্পিকৰ ফাইনেলত প্রৱেশ কৰা প্রথমগৰাকী ভাৰতীয় বক্সাৰ হিচাপে ইতিহাস ৰচাৰ লক্ষ্যৰে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ গোলাঘাটৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ বোকা–পানী গচকি বিশ্ব বক্সিঙৰ সুবিশাল ক্ষেত্রখনত ভৰি থোৱা অদম্য মানসিক শক্তিৰ অধিকাৰী লাভলীনাই বিজেন্দৰ সিং আৰু এম চি মেৰীকমৰ দৰে কিংবদন্তিয়ে অলিম্পিকৰ মঞ্চত কৰিব নোৱাৰা অসম্ভৱক সম্ভৱ কৰি তুলিব বুলি সমগ্র দেশবাসী আশাবাদী৷

কিয়নো টকিঅ’ অলিম্পিকৰ বক্সিং ৰিঙত অসম কন্যাৰ প্রতিটো পাঞ্চত দেখিবলৈ পোৱা গৈছে গগনচুম্বী আত্মবিশ্বাস, অদম্য শক্তি আৰু বিশ্বজয়ৰ দুর্বাৰ হেঁপাহ৷ ৰিঙত নামিয়েই আক্রমণাত্মক হৈ উঠা লাভলীনাই পূর্বৰ দুয়োখন মেচতে প্রতিপক্ষক কোনো সুযোগ নিদি চমকপ্রদ জয় সাব্যস্ত কৰিছে৷ কাইলৈ ছেমিফাইনেলত তুর্কীৰ প্রাক্তন বিশ্ব চেম্পিয়ন ছার্মেনেলীৰ বিৰুদ্ধেও একেই ৰণনীতিৰে ৰিঙত নামিব গোলাঘাটৰ জীয়ৰী৷ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত দুবাৰকৈ ব্রঞ্জৰ পদক জয়েৰে দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা প্রতিভাৱান বক্সাৰগৰাকীয়ে অলিম্পিকৰ ছেমিফাইনেলতে স্বাভাৱিক খেল প্রদর্শন কৰিব পাৰিলেই সমগ্র দেশে কাইলৈ টকিঅ’ৰ পৰা ঐতিহাসিক সাফল্যৰ সংবাদ লাভ কৰাটো নিশ্চিত হ’ব৷

মন কৰিবলগীয়া যে ভাৰতৰ হৈ এতিয়ালৈকে মাত্র দুগৰাকী বক্সাৰেহে পদক জয় কৰিবলৈ সক্ষম হৈছে৷ বিজেন্দৰ সিঙে ২০০৮ আৰু এম চি মেৰীকমে ২০১২ত অলিম্পিকৰ পৰা দেশলৈ ব্রঞ্জৰ পদক কঢ়িয়াই আনিছিল৷ অসম কন্যা লাভলীনাই কাইলৈ বিজেন্দৰ আৰু মেৰীকমৰ সাফল্য অতিক্রম কৰি দেশৰ ক্রীড়া ইতিহাসত সোণালী আখৰেৰে নিজৰ নাম সন্নিৱিষ্ট কৰাৰ সুবর্ণ সুযোগ লাভ কৰিছে৷ ছেমিফাইনেলত তুর্কীৰ ছার্মেনেলীৰ প্রত্যাহ্বান ওফৰাব পাৰিলেই উদীয়মান বক্সাৰগৰাকীয়ে দেশৰ প্রথমগৰাকী বক্সাৰ হিচাপে অলিম্পিকৰ ফাইনেল খেলাৰ সৌভাগ্য অর্জন কৰিব৷ অৱশ্যে লাভলীনাৰ বাবে ছেমিফাইনেলৰ যুঁজ কিছু কঠিন হোৱাৰ সম্ভাৱনা আছে৷ তেওঁৰ প্রতিদ্বন্দ্বী ছার্মেনেলী প্রাক্তন বিশ্ব চেম্পিয়ন হোৱাৰ লগতে চলিত বর্ষত আন্তঃৰাষ্ট্রীয় পর্যায়ত দুটাকৈ স্বর্ণপদক জয়েৰে সুন্দৰ ফর্মত আছে৷ প্রি–কোৱার্টাৰ ফাইনেল আৰু কোৱার্টাৰ ফাইনেলতো তেওঁৰ দুর্দান্ত প্রদর্শনেৰে প্রতিপক্ষক ধৰাশায়ী কৰিছে৷

কোৱার্টাৰ ফাইনেলত চাইনীজ টাইপেইৰ প্রতিদ্বন্দ্বী নিয়ান–চিন চেনৰ বিৰুদ্ধে পূর্বে চাৰিবাৰকৈ খেলাৰ অভিজ্ঞতাই অসম কন্যাক সহায় কৰিছিল যদিও লাভলীনাই কাইলৈ প্রথমবাৰৰ বাবে ছার্মেনেলীৰ মুখামুখি হ’ব৷ অৱশ্যে শক্তিশালী প্রতিদ্বন্দ্বীগৰাকীৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিবলৈ সাজু হৈছে অসমৰ সম্ভাৱনাময় বক্সিং তাৰকাগৰাকী৷ কেৰিয়াৰৰ সর্বশ্রেষ্ঠ যুঁজৰ প্রতি লক্ষ্য ৰাখি যোৱা চাৰি দিন ভাৰতীয় দলৰ প্রশিক্ষকৰ তত্ত্বাৱধানত কঠোৰ অনুশীলন চলাইছে৷ তুর্কীৰ প্রতিদ্বন্দ্বীগৰাকীৰ পূর্বৰ ভিডিঅ’ চাই লাভলীনাই ছেমিফাইনেলত ছার্মেনেলীক পৰাস্ত কৰাৰ ৰণকৌশল যুগুত কৰিছে বুলি ৰাষ্ট্রীয় দলৰ প্রশিক্ষক মহম্মদ আলী কামাৰে জানিবলৈ দিছে৷ ‘ছেমিফাইনেলৰ গুৰুত্বপূর্ণ যুঁজলৈ লাভলীনা পূর্ণোদ্যমে সাজু হৈ উঠিছে৷

ছার্মেনেলীৰ সৈতে তেওঁ কেতিয়াও মুখামুখি হোৱা নাই৷ সেয়ে আমি তেওঁৰ ভিডিঅ’ প্রত্যক্ষ কৰি লাভলীনাক যুঁজলৈ সাজু কৰিছোঁ৷ তেওঁ যথেষ্ট আত্মবিশ্বাসী আৰু অলিম্পিকত অপ্রতিৰোধ্য হৈ থাকিব বিচাৰে৷ আমি নিশ্চিত যে আজি লাভলীনাই ৰণনীতি অনুসৰি বক্সিং ৰিঙত প্রতিপক্ষক ধৰাশায়ী কৰিব আৰু দেশবাসী ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ব৷’ প্রশিক্ষক আলী কামাৰে এইদৰে কয়৷

উল্লেখ্য যে কোৱার্টাৰ ফাইনেলত চমকপ্রদ প্রদর্শনেৰে ছেমিফাইনেলত প্রৱেশেৰে ইতিহাস ৰচাৰ পিছত অসম কন্যা লাভলীনাই সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছিল যে তেওঁৰ বাবে স্বর্ণহে প্রকৃত পদক৷ স্বর্ণপদকৰ বাবেহে তেওঁ শৈশৱৰ পৰা অলিম্পিকত খেলাৰ সপোন দেখিছিল৷ নিজৰ ওপৰত বিশ্বাস ৰাখি নির্ভীকভাৱে খেলি তেওঁ টকি’ অলিম্পিকত সফলতা পাইছে বুলি অসমৰ উদীয়মান বক্সাৰগৰাকীয়ে উল্লেখ কৰিছিল৷

মন কৰিবলগীয়া যে অসমে ইয়াৰ পূর্বে চাৰিগৰাকী অলিম্পিয়ান সৃষ্টি কৰিবলৈ সক্ষম হৈছে যদিও লাভলীনাৰ ৰূপত ৰাজ্যবাসীয়ে লাভ কৰিছে প্রথমগৰাকী পদক বিজয়ী অলিম্পিয়ান৷ বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱত পদক জয়েৰে ৰাজ্যৰ ক্রীড়া ইতিহাসত সোণালী অধ্যায়ৰ সূচনা কৰা প্রতিভাৱান বক্সাৰগৰাকীৰ পৰা অসমবাসীয়ে এতিয়া বিচাৰিছে অলিম্পিকৰ স্বর্ণপদক৷ ইয়াৰ বাবে গোলাঘাটৰ জীয়ৰীয়ে কাইলৈ ছেমিফাইনেলত তুর্কীৰ শক্তিশালী প্রতিদ্বন্দ্বীক হৰুৱাই ফাইনেলত স্থান সুৰক্ষিত কৰিব লাগিব৷

You might also like