নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আধা ঘণ্টাৰ বাবে স্থগিত হ’ব বিধানসভা

অলিম্পিকত লাভলীনাৰ খেল

নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ কাইলৈৰ পৰা পুনৰ আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন৷ বিভাগীয় সম্পর্কিত বিধানসভাৰ স্থায়ী কমিটীসমূহৰ বৈঠকৰ বাবে যোৱা ২১ জুলাইৰ পৰা সদনৰ কার্যক্রমণিকা বন্ধ হৈ আছে৷ আজি পৰা পুনৰ সদন আৰম্ভ হ’ব৷ আজি পুৱা ৯.৩০ বজাত প্রশ্ণোত্তৰ কালেৰে সদনৰ কার্যসূচী আৰম্ভ হ’ব৷

অৱশ্যে আজি দিনৰ ১১ বজাৰ পৰা অলিম্পিকত বক্সিঙৰ ছেমিফাইনেলত অৱতীর্ণ হ’ব লাভলীনা৷ ইয়াৰ পৰিপ্রেক্ষিতত অসম বিধানসভাই দিনৰ ১১ বজাৰ পৰা আধা ঘণ্টাৰ বাবে সদনৰ কার্যসূচী স্থগিত ৰাখি লাভলীনাক সমর্থন জনোৱাৰ সিদ্ধান্ত গ্রহণ কৰে৷ জানিব পৰা মতে, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক সেই পৰামর্শ আগবঢ়ায়৷ উপাধ্যক্ষগৰাকীৰ পৰামর্শৰ ভিত্তিতে বিধানসভা কর্তৃপক্ষই লাভলীনাৰ খেলৰ সময়ছোৱাত সদন স্থগিত ৰাখি খেল উপভোগ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷

You might also like