নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অন্ত পৰিল টকিঅ’ অলিম্পিকঃ খালী হাতে স্বদেশলৈ উভতিল পাকিস্তানী খেলুৱৈ

নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ তিনিবছৰৰ পাছত পেৰিছত পুনৰ লগ হোৱাৰ প্রতিশ্রুতিৰে অন্ত পৰিল মহামাৰীৰ প্রাদুর্ভাৱৰ বাবে এটা বছৰ পলমকৈ আয়োজিত টকিঅ’ অলিম্পিকৰ৷ দেওবাৰে শান্তি–সম্প্রীতি আৰু নতুন আশাৰ বার্তা বিলাই বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱৰ সামৰণি পৰে৷

মন কৰিবলগীয়া যে ভাৰতে এইবাৰৰ অলিম্পিকত ইতিহাসৰ শ্রেষ্ঠ প্রদর্শনেৰে দেশবাসীক গর্বিত কৰি দেশলৈ ৭টা পদক কঢ়িয়াই আনে৷

আপুনি জানি আচৰিত হ’ব যে চিৰবৈৰী পাকিস্তানে চলিত টকিঅ’ অলিম্পিকত এটাও মেডেল লাভ কৰিবলৈ সক্ষম নহ’ল। অৱশ্যে পাকিস্তানী এথলীট আৰ্শাদ নাদিমে ভাৰতীয় এথলীট স্বৰ্ণবীৰ নীৰজ চোপ্ৰাৰ সৈতে ফাইনেলত উপনীত হৈছিল। নাদিমেই হৈছে প্ৰথম পাকিস্তানী, যিয়ে পাকিস্তানৰ বাবে ফাইনেলত উপনীত হৈছিল।

৩ দশক ধৰি পদক জিকিব পৰা নাই পাকিস্তানে

টকিঅ’ অলিম্পিকলৈ যোৱা পাকিস্তানৰ ২২ জনীয়া দলটোত আছিল ১০ জন খেলুৱৈ আৰু ১২ জন বিষয়া। পাকিস্তানে পদক জিকিবলৈ প্ৰায় তিনি দশক ধৰি অপেক্ষা কৰি আছে। উল্লেখ্য যে ১৯৯২ চনত বাৰ্চিলোনা অলিম্পিকত শেষবাৰৰ বাবে হকীত ব্ৰঞ্জৰ পদক লাভ কৰিছিল পাকিস্তানে।

ইয়াৰোপৰি ভাৰতৰ চুবুৰীয়া দেশ শ্ৰীলংকা, বাংলাদেশ আৰু নেপালেও টকিঅ’ অলিম্পিকত এটাও পদক জিকিব নোৱাৰাৰ বাবে পদক তালিকাত স্থান লাভ কৰিবলৈ ব্যৰ্থ হয়।

You might also like