নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঠাকুৰ সজ্জন সিঙ আৰু নাইঃ সোমবাৰে মুম্বাইত শেষ নিশ্বাস ত্যাগ অভিনেতাগৰাকীৰ

নিয়মীয়া বাৰ্তা  ৯ আগষ্টঃ সজ্জন সিঙৰ চৰিত্ৰত অভিনয় কৰা অনুপম শ্যাম আৰু নাই, মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে।

প্ৰসিদ্ধ অভিনেতা অনুপম শ্যামৰ সোমবাৰে মৃত্যু হয়। বৃক্কজনিত জটিলতাত আক্ৰান্ত হৈ তেওঁক যোৱা সপ্তাহত এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু সোমবাৰে কেইবাটাও অংগই কাম কৰা বন্ধ কৰাৰ পিছত তেওঁৰ মৃত্যু ঘটে।

শ্যামে তেওঁৰ তিনি দশকৰ দীঘলীয়া কেৰিয়াৰত ‘সত্য’, ‘দিল চে’, ‘লাগান’, ‘হাজৰো খোৱাইশ্যে এইচি’ৰ দৰে কেইবাখনো ছবিত অভিনয় কৰিছিল। লগতে ২০০৯ চনৰ ধাৰাবাহিক ‘মন কি আৱাজঃ প্ৰতিজ্ঞা’ত ঠাকুৰ সজ্জন সিঙৰ চৰিত্ৰটোৱে যথেষ্ট সমালোচকৰ প্ৰশংসা লাভ কৰিছিল। তেওঁক ‘শ্লামডগ মিলিয়নাৰ’ আৰু ‘বেণ্ডিট কুইন’ৰ দৰে ছবিতো দেখা পোৱা গৈছিল।

You might also like