নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দল গঠনৰ পূর্বে জনগোষ্ঠীয় সংগঠনৰে হ’ব সুকীয়া বৈঠক

ছাত্র সন্থা–৩০ সংগঠনৰ বৈঠকত সিদ্ধান্ত

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ  আগন্তুক বিধানসভা নির্বাচনৰ পূর্বে ৰাজনৈতিক দল গঠনৰ কার্যপন্থা গ্রহণ কৰা সদৌ অসম ছাত্র সন্থা (আছু) আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে শীঘ্রে পৰামর্শদাতা কমিটীৰ প্রতিবেদন ৰাজহুৱা কৰিব৷ ইয়াৰ লগে লগে ৰাজনৈতিক দলৰ পূর্ণাংগ কমিটী গঠনৰ পূর্বে ৩০ জনগোষ্ঠীয় সংগঠনৰ সৈতে সুকীয়া সুকীয়াকৈ বৈঠক অনুষ্ঠিত কৰিব আছু আৰু যুৱ–ছাত্র পৰিষদে৷ বুধবাৰে ৩০ জনগোষ্ঠীয় সংগঠনৰ সৈতে হোৱা বৈঠকৰ অন্তত এই কথা সদৰী কৰে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে৷ এই প্রসংগত হোটেল প্রাগ কণ্টিনেণ্টেলত অনুষ্ঠিত সংবাদ মেলখনত নাথে কয়– ‘আছু আৰু যুৱ–ছাত্র পৰিষদৰ উদ্যোগত ৰাজনৈতিক বিকল্প গঠনৰ কথা–বতৰা চলি আছে৷ ইয়াৰ বাবে এখন পৰামর্শদাতা কমিটীও গঠন কৰা হৈছিল৷ এই কমিটীয়ে আছু আৰু যুৱ–ছাত্র পৰিষদক যি সিদ্ধান্তৰ দিশে আগবাঢ়ি যাবলৈ পৰামর্শ দিছে, সেই মতে আগবাঢ়ি যাব৷ ৰাজনৈতিক দল পূর্ণাংগ ৰূপত গঠন হোৱাৰ পূর্বে ৩০ জনগোষ্ঠীয় সংগঠনৰ সৈতে সুকীয়া সুকীয়াকৈ আলোচনাত মিলিত হ’ব আছু৷’ ইপিনে শীঘ্রে ৰাইজে বিচৰা ধৰণে এটা ৰাজনৈতিক আঞ্চলিক শক্তি অংকুৰিত হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে আছু আৰু যুৱ–ছাত্র পৰিষদ অৰাজনৈতিকভাৱে আগবাঢ়ি যাব৷ ৰাজনৈতিক বিকল্পৰ কাঠামো নির্মাণ হোৱাৰ পাছত পূর্ণ পর্যায়ৰ দলে পৰৱর্তী কার্যপন্থা নির্ধাৰণ কৰিব৷ ২০২১ নে ২০২৬ চনত নির্বাচনত অৱতীর্ণ হ’ব, কোন দলৰ সৈতে মিত্রতা কৰিব, এই সকলো সিদ্ধান্ত ৰাজনৈতিক শক্তিয়েহে সিদ্ধান্ত গ্রহণ কৰিব৷ আছু আৰু যুৱ–ছাত্র পৰিষদে অৰাজনৈতিক হৈ থাকি বিকল্পৰ কথা চিন্তা–চর্চা কৰিছে৷ আনহাতে, কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে সকলো আঞ্চলিকতাবাদী শক্তিক একত্রিত হৈ নির্বাচনত অৱতীর্ণ হ’বলৈ আহ্বান জনোৱা সন্দর্ভত নাথে কয় যে এটা দল, দুটা দল বুলি কোনো কথা নাই৷ বহুতো দল হ’ব পাৰে৷ আদর্শ, পন্থা আদি মিলিলে পৰৱর্তী সময়ত কিদৰে আগবাঢ়িব, সেয়া ৰাজনৈতিক দলেহে সিদ্ধান্ত গ্রহণ কৰিব৷

উল্লেখ্য যে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে গঠন কৰা উচ্চ পর্যায়ৰ কমিটীৰ প্রতিবেদন শীঘ্রে কার্যকৰীকৰণ, ই আই এ অধিসূচনা বাতিল, বাঘজান তৈলক্ষেত্রত হোৱা অগ্ণিকাণ্ডত ক্ষতিগ্রস্তক উচিত ক্ষতিপূৰণ দিয়া, তৈলক্ষেত্র ব্যক্তিগতকৰণৰ বিৰুদ্ধে অহা ২৫ ছেপ্ঢেম্বৰত জিলাই জিলাই প্রতিবাদ সাব্যস্ত কৰিব আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনে৷ উক্ত দিনা মানৱ–শৃংখল কার্যসূচী ৰূপায়ণেৰে এই প্রতিবাদ সাব্যস্ত কৰিব ছাত্র সংগঠনটোৱে৷ আজি অনুষ্ঠিত বৈঠকখনৰ জৰিয়তে ৬নং দফা ৰূপায়ণৰ বাবে গঠন কৰা কমিটীৰ প্রতিবেদন শীঘ্রে কার্যকৰী ৰূপ দিবলৈ কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰক দাবী উত্থাপন কৰে আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনে৷ সংবাদ মেলখনত দীপাংক কুমাৰ নাথে কয়– ‘জনগোষ্ঠীয় সংগঠনসমূহে অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ নেতৃত্বত গঠিত কমিটীয়ে দাখিল কৰা প্রতিবেদনক আদৰণি জনাইছে৷ প্রতিবেদন প্রস্তুতৰ পূর্বে কেন্দ্রীয় গৃহমন্ত্রীক সাক্ষাতৰ সময়ত প্রতিবেদন দাখিলৰ এসপ্তাহৰ ভিতৰতে দাঢ়ি–কমাসহ কার্যকৰী কৰিব বুলি আশ্বাস দিছিল৷ প্রয়োজন সাপেক্ষে সাংবিধানিক বিষয়সমূহ তিনি মাহৰ মূৰে মূৰে কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু আছুৱে মিলি আগুৱাই নিব পাৰিব বুলি প্রতিবেদনত উল্লেখ আছে৷ কিন্তু এতিয়ালৈ কেন্দ্রীয় চৰকাৰে কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই৷ যাক লৈ আমি আশ্চর্য প্রকাশ কৰিছোঁ৷ ৰাজ্য চৰকাৰৰ ৬নং দফা ৰূপায়ণৰ বাবে সদিচ্ছা নাই৷ এখন বিধানসভা অধিৱেশন ইতিমধ্যে অনুষ্ঠিত হৈ গ’ল৷ ৬নং দফা ৰূপায়ণৰ প্রতিবেদন কেন্দ্রীয় গৃহমন্ত্রীয়ে গ্রহণ নকৰিলে৷ আমি মুখ্যমন্ত্রীৰ ওচৰত এই প্রতিবেদন দাখিল কৰিলোঁ৷ কিন্তু পাঁচ মাহে মুখ্যমন্ত্রীৰ হাতৰ পৰা কেন্দ্রীয় চৰকাৰে প্রতিবেদন ল’লে নে নাই, সেয়া ৰাজহুৱাভাৱে প্রকাশ নকৰিলে৷ এই প্রতিবেদন কার্যকৰী নোহোৱা পর্যন্ত আমি ক্ষান্ত হৈ নাথাকোঁ৷’ সংবাদ মেলত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে ৬নং দফা ৰূপায়ণৰ বাবে গঠন কৰা কমিটীৰ প্রতিবেদন দাখিলৰ প্রায় ছমাহ উকলি যাব৷ এতিয়ালৈ কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে এই প্রতিবেদনক লৈ কোনো ৰাজহুৱা বক্তব্য প্রকাশ কৰা নাই৷ তাৎক্ষণিকভাৱে এই প্রতিবেদন কার্যকৰী কৰিবলৈ দাবী উত্থাপন কৰি তেওঁ কয়– ‘প্রতিবেদনত উল্লেখ কৰা বিষয়সমূহক লৈ কোনো ৰূপৰেখা চৰকাৰে তৈয়াৰ কৰা নাই৷ শীঘ্রে এই প্রতিবেদন কার্যকৰী কৰিব লাগে৷ তৈলক্ষেত্র ব্যক্তিগতকৰণৰ আমি ঘোৰ বিৰোধিতা কৰি আহিছোঁ৷ বাঘজানৰ তৈলক্ষেত্রত সংঘটিত অগ্ণিকাণ্ডত ক্ষতিগ্রস্তসকলক উচিত ক্ষতিপূৰণ দিব লাগে৷ কেন্দ্রীয় চৰকাৰে জাৰি কৰা ই আই এ অধিসূচনা অসমৰ পৰিৱেশ, পাৰিপার্শ্বিকতা আৰু জৈৱ–বৈচিত্র্যৰ প্রতি ভাবুকি কঢ়িয়াই আনিব৷ ইয়াৰ আমি ঘোৰ বিৰোধিতা কৰিছোঁ৷ উল্লেখ্য যে আছুৰ ৰাজনৈতিক দল গঠনক লৈ বিশেষ চর্চা চলি অহাৰ সময়তে এসপ্তাহৰ ভিতৰতে পৰামর্শদাতা কমিটীৰ প্রতিবেদন ৰাজহুৱা কৰাৰ লগতে দল গঠন প্রক্রিয়া আনুষ্ঠানিকভাৱে ঘোষণা কৰিব বুলি কালি আছুৰ সভাপতি দীপাংক কুমাৰ নাথে প্রকাশ কৰিছে৷ প্রাপ্ত তথ্য অনুসৰি অহা ১৭ ছেপ্ঢেম্বৰৰ পূর্বে আনুষ্ঠানিকভাৱে এই ঘোষণা কৰাৰ সম্ভাৱনা আছে আছু আৰু যুৱ–ছাত্র পৰিষদে৷ ইয়াৰ লগে লগে বিকল্প ৰাজনৈতিক শক্তিৰ জিলা কমিটী গঠনকে ধৰি বিভিন্ন কাম–কাজ দ্রুতগতিৰে আগুৱাই নিয়াৰ সম্ভাৱনা আছে৷ অৱশ্যে অক্টোবৰত হ’বলগীয়া আছুৰ সাধাৰণ সভাতহে আছুৰ নতুন ৰাজনৈতিক দলৰ কেন্দ্রীয় কমিটী গঠনৰ চিন্তা–চর্চা কৰিছে৷ কিয়নো উক্ত অধিৱেশনত ৰাজনৈতিক দলত যোগদান কৰিব বিচৰা আছুৰ বিষয়ববীয়াসকলে দায়িত্ব এৰিব৷ ইয়াৰ সমান্তৰালকৈ আছুৰ নতুন কেন্দ্রীয় কমিটী গঠন কৰা হ’ব৷

You might also like