নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিতৃ হ’ল তাৰকা পেচাৰ উমেশ যাদৱ

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চ: পিতৃত্ব লাভ কৰিলে তাৰকা পেচ বলাৰ উমেশ যাদৱে৷ তেওঁৰ পত্নী তনয়া ৱাধোৱাই আজি এটি কন্যা সন্তান জন্ম দিয়ে৷ বিশ্ব নাৰী দিৱসৰ দিনাই জন্ম হয় উমেশৰ কন্যাৰ৷ অৱশ্যে ভাৰতীয় বলাৰগৰাকী দলৰ সৈতে আহমেদাবাদতে আছে৷ কাইলৈৰ পৰা অষ্ট্রেলিয়াৰ বিপক্ষে ভাৰত চতুর্থখন টেষ্টত অৱতীর্ণ হ’ব৷ উল্লেখ্য যে দুসপ্তাহ পূর্বে উমেশৰ পিতৃ প্রয়াত হৈছিল৷ তনয়াৰ সৈতে উমেশৰ বিয়া হৈছিল ২০১৩ চনত৷ তনয়াই ইনষ্টাগ্রামত পোষ্ট কৰি জনায় যে তেওঁ কন্যা সন্তান জন্ম দিছে৷ পিতৃ–মাতৃ দুয়োকে শুভেচ্ছা জনাইছে লোকেশ ৰাহুল, অনুষ্কা শর্মা আদিয়ে৷ উল্লেখ্য যে ২০২১ চনত প্রথমটো কন্যা সন্তানৰ পিতৃ হৈছিল উমেশ৷ আজি তেওঁৰ পত্নীয়ে দ্বিতীয়টো কন্যা সন্তানৰ জন্ম দিয়ে৷ সম্প্রতি আহমেদাবাদত থকা বলাৰগৰাকীয়ে তৃতীয় টেষ্টত খেলাৰ সুযোগ পাইছিল৷ ইন্দোৰত দর্শনীয় বলিঙেৰে অষ্ট্রেলিয়াৰ প্রথম ইনিংছত তিনিটা উইকেট দখল কৰি ভাৰতক মেচখনলৈ ওভতাই আনিছিল তেওঁ৷ কিন্তু শেষ পর্যন্ত মেচখনত ভাৰত পৰাজিত হয়৷ কাইলৈৰ পৰা আৰম্ভ হ’ব লগা টেষ্টখন দলৰ বাবে গুৰুত্বপূর্ণ হৈ পৰাত যাদৱ দলৰ লগতে আছে৷

You might also like