নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্ডিয়ান প্রিমিয়াৰ লীগত ১৫১ কিলোমিটাৰ গতি বেগেৰে বলিং জম্মু–কাশ্মীৰৰ উমৰান মালিকৰ

নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ অভিষেক মেচতে অভিলেখ সৃষ্টি কৰিলে ছানৰাইজার্ছ হায়দৰাবাদৰ উদীয়মান বেগী বলাৰ উমৰান মালিকে৷ যোৱানিশা কলকাতা নাইট ৰাইডার্ছৰ বিৰুদ্ধে খেলা মেচখনত জম্মু কাশ্মীৰৰ নৱাগত বেগী বলাৰগৰাকীয়ে আই পি এলত ভাৰতীয় খেলুৱৈ হিচাপে সর্বাধিক গতিৰে বলিং কৰি অভিলেখ ৰচে৷ কলকাতাৰ অ’পেনাৰ শুভমন গিলৰ বিৰুদ্ধে তেওঁ প্রথমে ১৫০ কিলোমিটাৰ আৰু তাৰ পিছত ১৫১.০৩ কিলোমিটাৰ বেগেৰে বল কৰি চমক সৃষ্টি কৰে৷ ২৭ বছৰীয়া বেগী বলাৰগৰাকীয়ে ৪ অ’ভাৰত ২৭ ৰান ব্যয় কৰি কোনো উইকেট দখল কৰিবলৈ সক্ষম নহ’লেও তীব্র গতিৰ বলেৰে ক্রিকেটপ্রেমীৰ দৃষ্টি আকর্ষণ কৰে৷ ছানৰাইজার্ছৰ অধিনায়ক কেন উইলিয়ামছনেও জম্মু–কাশ্মীৰৰ প্রতিভাৱান বেগী বলাৰগৰাকীক ভূয়সী প্রশংসা কৰিছে৷

উল্লেখ্য যে তাৰকা বেগী বলাৰ টি নটৰাজন ক’ভিড পজিটিভ হোৱাত তেওঁৰ স্থানত ছানৰাইজার্ছ হায়দৰাবাদে ২১ বছৰীয়া মালিকক দলত অন্তর্ভুক্ত কৰিছিল৷

You might also like