নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিত্রজোঁটৰ অংশীদাৰ হ’ব বিপিএফ, শীঘ্রে ঘোষণাঃ হাগ্রামা

নিয়মীয়া বাৰ্তা ৫ অক্টোবৰঃ পুনৰ বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ অংশীদাৰ হ’বলৈ অগ্রসৰ হৈছে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দল৷ মিত্রজোঁটৰ অংশীদাৰ হোৱাটো প্রায় চূড়ান্ত হৈছে, কেৱল আনুষ্ঠানিক ঘোষণাহে বাকী৷ দুই–এদিনতে আনুষ্ঠানিক ঘোষণা হ’ব৷ সোমবাৰে সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰি হাগ্রামা মহিলাৰীয়ে কয় যে শেহতীয়াভাৱে তেওঁ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগত আলোচনাত মিলিত হৈ বি পি এফ দল মিত্রজোঁটৰ অংশীদাৰ হোৱাৰ লগতে আসন্ন উপ–নির্বাচন সম্পর্কত কথা–বতৰা পাতিছে৷ সেই আলোচনাতে তেওঁলোক মিত্রজোঁটৰ অংশীদাৰ হোৱাটো চূড়ান্ত হৈছে৷

আনহাতে, আসন্ন উপ–নির্বাচন প্রসংগত মহিলাৰীয়ে কয় যে গোসাঁইগাঁও সমষ্টিত বি পি এফে প্রতিদ্বন্দ্বিতা কৰিব৷ সমষ্টিটোত ধ্রুৱ কুমাৰ ব্রহ্ম নার্জাৰীক প্রার্থিত্ব দিয়া হ’ব৷ ভৱানীপুৰ সমষ্টিত বিজেপিক বি পি এফে সমর্থন দিব৷ তামুলপুৰ সমষ্টি সম্পর্কত দলে এতিয়াও সিদ্ধান্ত লোৱা নাই৷ সেইদৰে ইউ পি পি এল দলেও গোসাঁইগাঁও আৰু তামুলপুৰত প্রার্থী দিয়াৰ প্রসংগত মহিলাৰীয়ে কয় যে ইউ পি পি এল নিজাববীয়া স্বতন্ত্র দল৷ ইউ পি পি এলো মিত্রজোঁটত আছে৷ আমিও আছোঁ৷ তেওঁলোকে গোসাঁইগাঁও আৰু তামুলপুৰত প্রার্থিত্ব দিয়া বুলি শুনিছোঁ৷ কিন্তু গোসাঁইগাঁৱত বি পি এফৰ প্রার্থী জয় হ’ব৷

ইপিনে, মিত্রজোঁটৰ অংশীদাৰ ইউ পি পি এলৰ সভাপতি বি টি আৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে বি পি এফ দল মিত্রজোঁটৰ অংশীদাৰ হোৱাৰ বিষয়ে জ্ঞাত নহয় বুলি জানিবলৈ দি কয় যে আসন্ন উপ–নির্বাচনত বিজেপি–গপ–ইউ পি পি এল–জি এছ পিয়ে একেলগে নির্বাচন খেলিব৷ তামুলপুৰৰ লগতে গোসাঁইগাঁও সমষ্টিতো ইউ পি পি এলেই জয়ী হ’ব বুলি তেওঁ দাবী কৰে৷ মন কৰিবলগীয়া যে যোৱা বিধানসভা নির্বাচনত বি পি এফে কংগ্রেছৰ নেতৃত্বত মহাজোঁট গঠন কৰি নির্বাচনী যুঁজত অৱতীর্ণ হ’ব৷ কিন্তু ৰাজ্যত পুনৰ বিজেপি মিত্রজোঁটৰ চৰকাৰ হোৱাৰ পাছত বি পি এফে মহাজোঁটৰ সংগ ত্যাগ কৰে আৰু এইবাৰ উপ–নির্বাচনৰ প্রাকক্ষণত বিজেপি মিত্রজোঁটৰ অংশীদাৰ হ’বলৈ ওলাইছে৷

You might also like