নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ পৰা নিলম্বন বিতর্কিত শ্বেৰমানক

শ্বহীদক নৰহত্যাকাৰী–ঘাতক আখ্যা

নিয়মীয়া বাৰ্তা ৫ অক্টোবৰঃ অসম আন্দোলনৰ শ্বহীদক নৰহত্যাকাৰী ঘাতক আখ্যা দি বর্তমান আৰক্ষীৰ লকআপত থকা বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদক অৱশেষত দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্রেছৰ পৰা নিলম্বিত কৰিলে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই৷ সভাপতি বৰাই আজি এক নির্দেশযোগে বিধায়ক আহমেদে সঘনাই দলীয় শৃংখলা ভংগ কৰি অহাৰ বাবেই তেওঁক দলৰ পৰা নিলম্বিত কৰে৷

উল্লেখ্য যে যোৱা ২ অক্টোবৰৰ সন্ধিয়া আৰক্ষীয়ে বিধায়কজনক দিছপুৰৰ চৰকাৰী বিধায়ক আৱাসৰ পৰা গ্রেপ্তাৰৰ পাছতেই কালি কংগ্রেছ বিধায়িনী দলৰ বৈঠকে তেওঁৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্রহণৰ বাবে সর্বসন্মত প্রস্তাৱ গ্রহণ কৰি প্রদেশ কংগ্রেছৰ সভাপতিক ব্যৱস্থা গ্রহণৰ কর্তৃত্ব প্রদান কৰে৷ কিন্তু কালি নিশা ১২ বজালৈ বিধায়কজনক জাৰি কৰা শ্ব’কজৰ উত্তৰ দিয়াৰ সময় থকাৰ পৰিপ্রেক্ষিতত কালিৰ দিনটোত দলে কোনো কার্যব্যৱস্থা গ্রহণ নকৰিলে৷ সোমবাৰে বিধায়ক আহমেদক দলৰ পৰা নিলম্বিত কৰি প্রদেশ কংগ্রেছৰ সভাপতি বৰাই কয় যে তেওঁ দলৰ সভাপতিৰ দায়িত্ব গ্রহণ কৰি কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীক সাক্ষাতৰ পাছতেই দলীয় শৃংখলা আৰু অনুশাসনৰ ক্ষেত্রত শূন্য সহনশীলতাৰে কাম কৰিব বুলি কৈছিল৷ বিধায়ক শ্বেৰমান আলী আহমেদে আগতেও বহু ভুল কৰিছিল৷ অক্ষমণীয় অপৰাধ কৰিছিল৷ কিন্তু দলে তেতিয়া চকুমুদা কুলিৰ ভাও ধৰিছিল৷ তেতিয়াই তেওঁৰ ওপৰত ব্যৱস্থা গ্রহণ কৰাহেঁতেন, এইবাৰ ভুল নকৰিলেহেঁতেন৷ শ্বহীদক অৱমাননা কৰি তেওঁ অক্ষমণীয় অপৰাধ কৰিছে৷

ইফালে, বিধায়ক শ্বেৰমান আলী আহমেদক কংগ্রেছে নিলম্বন কৰা কার্যক সমালোচনা কৰি জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই কয়– বিধায়কজনে কৰা অক্ষমণীয় অপৰাধৰ বাবে ভূপেন বৰাই তেওঁক বহিষ্কাৰ কৰিবৰ সাহস কৰিব নোৱাৰা বাবে গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ৷ নিলম্বন মানে দুদিন পাছত সেয়া উঠি যাব৷ আচলতে বাঘবৰ, জনিয়া সমষ্টিকে ধৰি সকলোতে ভূপেন বৰাক বাংলাদেশী মূলৰ ভোট লাগে বাবেই শ্বেৰমানক বহিষ্কাৰৰ সাহস গোটাব নোৱাৰিলে৷ শর্মা উপাধিৰ বিৰুদ্ধে চোলা খোলা ভূপেন বৰাই শ্বেৰমানৰ বিৰুদ্ধে চোলা খুলিবলৈ সাহস নকৰিলে৷ মন কৰিবলগীয়া এয়ে যে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই বিধায়ক শ্বেৰমান আলী আহমেদক নিলম্বন কৰাৰ নির্দেশটোত তেওঁক কিমান বছৰৰ বাবে দলৰ পৰা নিলম্বিত কৰা হৈছে, সেই বিষয়ে স্পষ্টকৈ একো উল্লেখ নকৰাটো তাৎপর্য হিচাপে বিবেচিত হৈছে৷

You might also like