নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তুৰস্কৰ ধ্বংসস্তূপৰ পৰা উদ্ধাৰ চেলছিৰ প্রাক্তন ফুটবলাৰ আটছুক

বিশেষ বাৰ্তা, ৮ ফেব্রুৱাৰীঃ উদ্ধাৰ কৰা হৈছে ফুটবলাৰ ক্রিষ্টিয়ান আটছুক৷ তুৰস্কৰ ধ্বংসস্তূপত আবদ্ধ হৈ পৰিছিল চেলছিৰ প্রাক্তন ফুটবলাৰগৰাকী৷ অৱশেষত তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়া হৈছে৷ গুৰুতৰভাৱে আঘাতপ্রাপ্ত হ’লেও জীৱিত আছে খেলুৱৈগৰাকী৷ উল্লেখ্য যে তুৰস্কত ভূমিকম্পত অসংখ্য মানুহৰ মৃত্যু হৈছে৷ ভূমিকম্পৰ পিছৰ পৰাই নিখোজ হৈ আছিল চেলছিৰ ফুটবলাৰ আটছু৷ সম্প্রতি তেওঁ তুৰস্কৰ ক্লাব হাটাইস্পৰৰ হৈ খেলে৷ সেই ক্লাবটো কাহৰামাননাৰাছ অঞ্চলত অৱস্থিত আৰু এই অঞ্চলটোত ভূমিকম্পৰ সর্বাধিক প্রভাৱ পৰে৷ সেইবাবে সমর্থকসকলৰ মাজত তীব্র আতংকৰ সৃষ্টি হৈছিল৷ অৱশেষত আজি জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে ঘানাৰ ফুটবলাৰগৰাকীক৷ আটছুৰ লগতে ক্লাবৰ স্প’র্টিং সঞ্চালক টানেৰ ছাভুটো নিখোজ হৈ আছে৷ তেওঁ ধ্বংসস্তূপত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে৷ ছ’চিয়েল মিডিয়াত প্রকাশিত খবৰ অনুসৰি ভূমিকম্পৰ পিছত আটছু ধ্বংসস্তূপত আবদ্ধ হৈ পৰিছিল৷ তেওঁক উদ্ধাৰ কৰা হৈছে যদিও শ্বাস কষ্টৰ সমস্যাত ভুগি আছে৷

You might also like