নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত কুঁহিলা শিল্পৰ কৰ্মশালা

নিয়মীয়া বাৰ্তা, ১৪মাৰ্চ:নগাঁৱৰ আৰ্ট ভিলেজৰ প্ৰতিষ্ঠা দিৱসৰ লগতে স‌ংগতি ৰাখি আজিৰে পৰা তিনিদিনীয়াকৈ কুঁহিলা শিল্পৰ কৰ্মশালা আৰম্ভ হৈছে। আৰ্ট ভিলেজৰ দ্বিতীয় বৰ্ষ পুৰ্তি অনুষ্ঠানত অসমৰ লোককলা আৰু পৰম্পৰাগত শিল্পকলাক উত্তৰ প্ৰজন্মৰ মাজত পৰিচয় কৰাই দিয়াৰ উদ্দেশ্য আয়োজন কৰা এই কৰ্মশালাত ধুৱৰীৰ কুঁহিলা শিল্পী দুলাল মালাকাৰে প্ৰশিক্ষণ প্ৰদান কৰে। অসমৰ বিশিষ্ট চিত্ৰশিল্পী সুজিত দাসৰ পৰিচালনাত আয়োজন কৰা এই কৰ্মশালাত ইতিমধ্যে প্ৰায় দুই কুৰি ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এগছি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক অৰুপ মান্নাই। অনুষ্ঠানৰ আৰম্ভণিতে এটি লোকগীত পৰিৱেশন কৰে লোক সংগীত শিল্পী গোলাপ বৰাই।

কৰ্মশালাৰ আৰম্ভণি অনুষ্ঠানত শিশুবন্ধু দুলাল বৰা, কবি নয়নমণি মিশ্ৰকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

You might also like