নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলা বিশ্বকাপ ফুটবলৰ মুঠ প্রাইজমানী ১,২৩৭ কোটি টকা

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চ: মহিলা বিশ্বকাপ ফুটবলৰ পুৰস্কাৰ মূল্য ৩০০ শতাংশ বৃদ্ধি কৰিলে ফিফাই৷ ৩২টা দলে অংশগ্রহণ কৰা প্রতিযোগিতাখনৰ মুঠ পুৰস্কাৰ মূল্য হ’ল প্রায় ১,২৩৭ কোটি ৭৩ লাখ টকা৷ ফিফাৰ গৱর্নিং কাউন্সিলৰ বৈঠকত মহিলা বিশ্বকাপৰ মুঠ পুৰস্কাৰ মূল্য বৃদ্ধিৰ সিদ্ধান্ত লোৱা হয়৷ ১৯৯১ চনৰ পৰা আৰম্ভ হোৱা মহিলা বিশ্বকাপত প্রথমবাৰ ১২খন দেশে অংশগ্রহণ কৰিছিল৷ ১৯৯৯ চনত দলৰ সংখ্যা ১৬টালৈ বৃদ্ধি হয়৷ ২০১৫ চনত এই সংখ্যা ২৪লৈ বৃদ্ধি কৰে ফিফাই৷ ২০২৩ চনত মহিলা ফুটবলৰ বিশ্বকাপত অংশগ্রহণ কৰিব ৩২খন দেশে৷ অষ্ট্রেলিয়া আৰু নিউজিলেণ্ডে যৌথভাৱে আয়োজন কৰিব এইবাৰৰ বিশ্বকাপ৷ ২০২৬ চনত পুৰুষ বিশ্বকাপৰ সমান পুৰস্কাৰ মূল্য প্রদান কৰা হ’ব মহিলা বিশ্বকাপৰ দলসমূহক৷ এই আশ্বাস দিছে ফিফাৰ সভাপতি জিয়ানী ইনফাণ্টিনোৱে৷ উল্লেখ্য যে কাটাৰ বিশ্বকাপত মুঠ পুৰস্কাৰ মূল্য আছিল প্রায় ৩,৬৩৫ কোটি টকা৷

You might also like