নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলবায়ু পৰিৱর্তনে কঢ়িয়াইছে অশনি সংকেতঃ দেশৰ প্রথম ২৫ সংবেদনশীল জিলাৰ ভিতৰত ১৫খনেই অসমৰ

  • কৃষি–পশুপালন–মৎস, জৈৱ বৈচিত্র্য–শক্তি–আর্থ সামাজিক উন্নয়ন–দুর্যোগ প্রশমন–স্বাস্থ্য খণ্ডত পেলাইছে প্রভাৱ
  • হাইলাকান্দি–কামৰূপ– (মহানগৰ)–নগাঁও–নলবাৰী–শিৱসাগৰ জিলাত ১০টাতকৈও অধিক গ্রীষ্ম প্রৱাহৰ ঘটনা

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চ:   সমগ্র বিশ্বৰ লগতে অসমলৈও অশনি সংকেত কঢ়িয়াই আনিছে জলবায়ু পৰিৱর্তনে৷ ৰাজ্যৰ অর্থনীতিৰ সৈতে জড়িত বিভিন্ন খণ্ডত জলবায়ু পৰিৱর্তনৰ প্রভাৱ পৰিছে৷ এই উদ্বেগজনক তথ্য   বিধানসভাৰ মজিয়াত সদৰী কৰে বিজ্ঞান–প্রযুক্তি তথা জলবায়ু পৰিৱর্তন বিভাগৰ মন্ত্রী কেশৱ মহন্তই৷ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক প্রশ্ণৰ উত্তৰত মন্ত্রী মহন্তই সদৰী কৰা অনুসৰি কৃষি, পশুপালন, মৎস্যপালন, জলসম্পদ, বন, জৈৱ–বৈচিত্র্য, শক্তি, আর্থ–সামাজিক উন্নয়ন, দুর্যোগ প্রশমন আৰু স্বাস্থ্য খণ্ডত জলবায়ু পৰিৱর্তনত প্রভাৱ পৰিছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল জলবায়ু পৰিৱর্তনৰ ক্ষেত্রত দেশৰ সংবেদনশীল ৰূপে চিহ্ণিত প্রথম ২৫খন জিলাৰ ভিতৰত ১৫খনেই অসমৰ৷ কেন্দ্রীয় চৰকাৰৰ বিজ্ঞান আৰু প্রযুক্তি বিভাগে প্রকাশ কৰা তথা আইআইটি মাণ্ডি, আইআইটি গুৱাহাটী আৰু বাংগালুৰুস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সে প্রস্তুত কৰা ‘ভাৰতবর্ষৰ অভিযোজন পৰিকল্পনাৰ বাবে উমৈহতীয়া কাঠামো ব্যৱহাৰ কৰি জলবায়ু সংবেদনশীলতাৰ মূল্যায়ন’ শীর্ষক প্রতিবেদনত অন্তর্ভুক্ত অসমৰ এই ১৫খন জিলা হ’ল কৰিমগঞ্জ, গোৱালপাৰা, ধুবুৰী, দৰং, শোণিতপুৰ, গোলাঘাট, কাছাৰ, বৰপেটা, কোকৰাঝাৰ, তিনিচুকীয়া, বাক্সা, মৰিগাঁও, ডিব্রুগড়, শিৱসাগৰ আৰু হাইলাকান্দি৷ অকল ইমানেই নহয়, দ্বিতীয় ২৫খন সংবেদনশীল জিলাৰ ভিতৰত অসমৰ আন পাঁচখনেও স্থান লাভ কৰিছে৷ এই পাঁচ জিলা হৈছে নগাঁও, লখিমপুৰ, যোৰহাট, চিৰাং আৰু ওদালগুৰি৷ প্রধানতঃ ১৪টা সূচকৰ ওপৰত ভিত্তি কৰি জিলাসমূহক সংবেদনশীল ৰূপে চিহ্ণিত কৰা হৈছে উক্ত প্রতিবেদনখনত৷ এই সূচকসমূহৰ বিষয়েও প্রকাশ কৰে মন্ত্রী মহন্তই৷ সূচকসমূহ হ’ল– গ্রামাঞ্চলত সর্বাধিক উপার্জন কৰা পৰিয়াল এটাৰ মাহিলি উপার্জন ৫ হাজাৰ টকাতকৈ কম হোৱা ঘৰৰ শতাংশ, পশুধন–মানুহৰ মাজৰ অনুপাত, সীমিত–ক্ষুদ্র ভূমিৰ অধিকাৰীৰ অনুপাত, কর্মক্ষেত্রত মহিলাৰ অংশগ্রহণ, প্রতি ১০০গৰাকী জনসংখ্যাৰ বিপৰীতে থকা বনাঞ্চল, বৃষ্টি নির্ভৰ কৃষিভূমিৰ পৰিমাণ, উদ্যান শস্য এলেকাৰ অধীনৰ মুঠ ৰোপণ অঞ্চল, খাদ্যশস্যৰ উৎপাদনৰ পৰিৱর্তনশীলতা, পথৰ ঘনত্ব, এমজি এনৰেগাৰ সফলতা, শস্য বীমাৰ অধীনত থকা এলেকা, প্রতি এহাজাৰ জনসংখ্যাৰ স্বাস্থ্যৰ আন্তঃগাঁথনি, মহিলাৰ সাক্ষৰতাৰ হাৰ আৰু উন্নত খোৱাপানীৰ উৎস থকা ঘৰৰ শতাংশ৷ উদ্বেগজনকভাৱে অসমৰ কেইবাখনো জিলাত ১০টাতকৈও অধিক গ্রীষ্ম প্রৱাহৰ ঘটনাও সংঘটিত হৈছে৷ এই সম্পর্কত ‘আছাম ষ্টেট একচন প্লেন অন ক্লাইমেট চেঞ্জ, ভার্ছন ২.০’ৰ উদ্ধৃতিৰে মন্ত্রী মহন্তই কয় যে হাইলাকান্দি, কামৰূপ, কামৰূপ (মহানগৰ), নগাঁও, নলবাৰী, শিৱসাগৰ আৰু শোণিতপুৰ জিলাত লিপিবদ্ধ কৰা হৈছে ১০টাতকৈও অধিক গ্রীষ্ম প্রবাহৰ ঘটনা৷ অৱশ্যে গড় স্বাভাৱিক উষ্ণতা বৃদ্ধিৰ বিতং তথ্য বিজ্ঞান–প্রযুক্তি তথা জলবায়ু পৰিৱর্তন বিভাগৰ হাতত নাই বুলি উল্লেখ কৰিলেও কিছুসংখ্যক প্রকাশিত গৱেষণা পত্রৰ উদ্ধৃতিৰে অসমত ২০০৫–০৬ চনত বঙাইগাঁও, কাছাৰ, ধুবুৰী, গোৱালপাৰা, গোলাঘাট, যোৰহাট, কার্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মৰিগাঁও, নলবাৰী, শিৱসাগৰ আৰু শোণিতপুৰ জিলাত খৰাং সদৃশ পৰিস্থিতিয়ে দেখা দিয়াৰ কথা তেওঁ সদৰী কৰে৷ লগতে মন্ত্রী মহন্তই কয় যে ২০০৯–২০১১ৰ সময়ছোৱাত অসমৰ ১০–১৪খন জিলাত খৰাং বতৰে দেখা দিয়ে৷ ২০২২ চনত প্রকাশিত শেহতীয়া গৱেষণা মতে অসমত ১৯৬২, ১৯৬৭, ১৯৭২, ১৯৭৮, ১৯৯৪, ১৯৯৬, ১৯৯৭, ২০০১, ২০০২, ২০০৬, ২০০৯, ২০১১, ২০১২, ২০১৩, ২০১৪, ২০১৫, ২০১৬ আৰু ২০১৮ চনত খৰাং বতৰে দেখা দিছিল৷ জলবায়ু পৰিৱর্তন ৰোধৰ বাবে ৰাজ্যত এতিয়ালৈ লোৱা ব্যৱস্থা সম্পর্কত মন্ত্রী মহন্তৰ উত্তৰ আছিল এনেধৰণৰ– জলবায়ু পৰিৱর্তন সমগ্র বিশ্বত ঘটি থকা এটা পৰিঘটনা৷ এইক্ষেত্রত বিজ্ঞান–প্রযুক্তি তথা জলবায়ু পৰিৱর্তন বিভাগৰ অধীনস্থ অসম বিজ্ঞান প্রযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদে কিছু কাম কৰি আছে৷ পৰিষদে ২০১০ চনতে প্রথমে প্রস্তুত কৰা খচৰা জলবায়ু পৰিৱর্তন কার্য পৰিকল্পনাখনক পাছত অসম ৰাজ্যিক জলবায়ু পৰিৱর্তন কার্য পৰিকল্পনা, ২০১৫–২০২০ৰ প্রস্তুতিকৰণত এক আধাৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল৷ আমাৰ বিভাগে ২০২১ চনৰ ছেপ্ঢেম্বৰ মাহলৈকে ইয়াৰ জলবায়ু কোষৰ যোগেদি অসমত জলবায়ু পৰিৱর্তনৰ লগত মোকাবিলা কৰিবলৈ কিছু পৰীক্ষামূলক কাম কৰি আহিছে৷ কিন্তু পূর্বৰ বিজ্ঞান আৰু প্রযুক্তি বিভাগক বর্তমান বিজ্ঞান–প্রযুক্তি আৰু জলবায়ু পৰিৱর্তন বিভাগ হিচাপে নামকৰণ কৰাৰ পাছত পৰিষদৰ কামৰ পৰিসৰ বৃদ্ধি পায়৷ ৰাজ্য চৰকাৰৰ উদ্যোগত পৰিষদে ১০০খন জলবায়ু সহনশীল গাঁও প্রকল্পৰ জৰিয়তে ১০০জন ছাত্র–ছাত্রীৰ জলপানিৰ ব্যৱস্থা কৰিছে৷ বিজ্ঞান–প্রযুক্তি আৰু জলবায়ু পৰিৱর্তন বিভাগে জলবায়ু পৰিৱর্তন সঞ্চালকালয় গঠন কৰাৰ প্রস্তুতি ইতিমধ্যে হাতত লৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷

You might also like