বৃদ্ধি পাব বিশ্বকাপৰ পুৰস্কাৰৰ ধন, ফিফাই মানি ল’লে অংশগ্রহণকাৰী দেশৰ দাবী
ডিজিটেল ডেস্ক, ১ মে’ : আগন্তুক বিশ্বকাপত ফিফাই অভিলেখসংখ্যক আর্থিক পুৰস্কাৰ প্রদান কৰিব৷ অংশগ্রহণকাৰী দলসমূহৰ দাবী মানি লৈ বিশ্ব ফুটবল শাসক সংস্থাই এই সিদ্ধান্ত গ্রহণ কৰিছে৷ এইবাৰ বিশ্বকাপ আৰু বেছি দিন চলিব৷ সেয়ে দেশসমূহে পুৰস্কাৰৰ ধন বৃদ্ধিৰ দাবী জনাইছে৷
বিশ্বকাপ আৰু বেছি দিন চলিব৷ ইয়াৰ ফলত দলসমূহৰ খৰচ বৃদ্ধি পাব৷ ইয়াৰ উপৰি এইবাৰ তিনিখন দেশত অনুষ্ঠিত হ’ব এই প্রতিযোগিতা৷ কোৱার্টাৰ ফাহনেলত প্রৱেশ কৰা দলসমূহৰ খৰচ বহু পৰিমাণে বৃদ্ধি পাব৷ এই কথা মনত ৰাখি ইউৰোপৰ কিছুমান দেশে প্রথমে পুৰস্কাৰৰ ধন বৃদ্ধিৰ দাবী জনাইছিল৷ পিছলৈ আন কিছুমান দেশে তেওঁলোকৰ দাবীক সমর্থন কৰিছিল৷ অংশগ্রহণকাৰী দেশসমূহৰ ফুটবল সন্থাৰ সৈতে আলোচনাৰ অন্তত পুৰস্কাৰৰ ধন বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে৷ অৱশ্যে বৃদ্ধিৰ পৰিমাণ এতিয়াও ঘোষণা কৰা হোৱা নাই৷
ফিফাৰ এজন বিষয়াই ৰয়টার্ছক কয়- ‘ফিফা কাউঞ্চিলৰ বৈঠকৰ পূর্বে সদস্য দেশসমূহক আশ্বাস দিয়া হৈছে যে বিশ্বকাপৰ পৰা অধিক লভ্যাংশ বিতৰণ কৰা হ’ব৷ সেই বৈঠকতে দিয়া হ’বলগীয়া ধনৰাশিৰ সিদ্ধান্ত লোৱা হ’ব৷ বিশ্বকাপৰ বাবে পুৰস্কাৰৰ ধন যথেষ্ট বৃদ্ধি পাব, সেয়া নিশ্চিত৷ ২১১খন সদস্য দেশৰ ফুটবলৰ উন্নয়নৰ বাবে আবণ্টনো বৃদ্ধি কৰা হ’ব৷’ ইয়াৰ পূর্বে প্রথমতে ঘোষণা কৰা হৈছিল যে বিশ্বকাপৰ মুঠ পুৰস্কাৰৰ ধন হ’ব ৭২৭ মিলিয়ন ডলাৰ (প্রায় ৬৮.৯০ কোটি টকা)৷ চেম্পিয়ন দলটোৱে লাভ কৰিব ৫ কোটি ডলাৰ (প্রায় ৪৭৪ কোটি টকা)৷ অংশগ্রহণকাৰী দলসমূহে কমেও ১০.৫ মিলিয়ন ডলাৰ (প্রায় ১০০ কোটি টকা) লাভ কৰিব৷
ফিফাৰ দাবী যে ২০২৬ চনৰ বিশ্বকাপে ফুটবল জগতখনক এক নতুন দিশ দেখুৱাব৷ সংস্থাটোৱে এতিয়া ফুটবলৰ বিকাশৰ বাবে অধিক খৰচ কৰাৰ স্থান লাভ কৰিছে৷