নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলঃ বৃহৎ দল লৈ ইংলেণ্ডলৈ যাব ভাৰত

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ ঐশ্বর্যশালী টি–২০ লীগ আই পি এলৰ ফাইনেলৰ পিছতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বাবে ইংলেণ্ডলৈ ৰাওনা হ’ব টীম ইণ্ডিয়া৷

টেষ্ট ক্রিকেটৰ বিশ্বকাপ হিচাপে পৰিচিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল অহা ১৮–২২ জুনত নিউজিলেণ্ডৰ ছাউদাম্পটনত অনুষ্ঠিত হ’ব যদিও বিৰাট কোহলি নেতৃত্বাধীন দলটোৱে প্রথমে লণ্ডনত উপস্থিত হৈ কোৱাৰেণ্টাইনত থাকিব৷ হাম্পশ্বায়াৰ ক্রিকেট ব’ডৰ অধ্যক্ষ ৰোড ব্রানছগ্র’ভে এই কথা প্রকাশ কৰি কয় যে টীম ইণ্ডিয়াই এটা বৃহৎ দল লৈ লণ্ডনত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ প্রস্তুতি চলাব৷

নিউজিলেণ্ডৰ বিৰুদ্ধে ফাইনেলত নমাৰ পূর্বে কোনো প্রস্তুতি মেচ নথকাৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে এটা বৃহৎ দল প্রেৰণৰ প্রস্তুতি চলাইছে৷ ফাইনেলৰ পূর্বে ভাৰতীয় খেলুৱৈসকলৰ মাজতে অতি কমেও দুখন ৱার্মআপ মেচ অনুষ্ঠিত হ’ব৷ এইদৰে টীম ইণ্ডিয়াই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেললৈ সাজু হ’ব বুলি হাম্পশ্বায়াৰ ক্রিকেট ব’ৰ্ডৰ মুৰব্বীগৰাকীয়ে জানিবলৈ দিছে৷

উল্লেখ্য যে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল ক্রিকেটৰ মক্কা লর্ডছত অনুষ্ঠিত হ’ব বুলি আৰম্ভণিতে প্রকাশ পাইছিল যদিও মহামাৰী ক’ভিড–১৯ৰ প্রট’কলৰ বাবে মেচখন ছাউদাম্পটনলৈ স্থানান্তৰ কৰা হয়৷

You might also like