নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপ ফুটবলত চমক দিবলৈ সাজু ক্ষুদ্র দেশ কাটাৰ

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ প্রায় তিনি বছৰৰ পিছত কাটাৰত অনুষ্ঠিত হ’ল ফিফা কংগ্রেছ৷ তাতেই ঘোষণা কৰা হ’ল বিশ্বকাপৰ সূচী৷ ইতিমধ্যে ‘গ্রেটেষ্ট শ্ব’ অন দ্য আর্থ’ৰ বাবে সজাই তোলা হৈছে দেশখন৷ এখন ক্ষুদ্র চহৰ৷ ৪৫ মিনিটৰ ভিতৰত পোৱা যায় সকলো ষ্টেডিয়াম৷ দূৰত্ব অতি বেছি ২০ৰ পৰা ২২ কিলোমিটাৰ৷ যুদ্ধকালীন তৎপৰতাৰে চলিছে প্রস্তুতি পর্ব৷ তালৈ গ’লেহে অনুভৱ কৰিব পাৰি এখন ক্ষুদ্র দেশে কিদৰে আগশাৰীৰ ফুটবল দেশৰ সৈতে প্রতিদ্বন্দ্বিতাত নমাৰ বাবে যুঁজত নামিছে৷ বিশ্বকাপৰ পূর্বৰ আয়োজক সমৃদ্ধিশালী ইউৰোপ অথবা আমেৰিকাৰ দেশসমূহক চমক দিবলৈ সাজু হৈছে কাটাৰ৷ প্রতিগৰাকী কাটাৰবাসীয়ে এই বিশ্বকাপক প্রত্যাহ্বান হিচাপে গ্রহণ কৰিছে৷ এই বিশ্বকাপৰ সুকীয়া আকর্ষণ হ’ব লি’নেল মেছি আৰু ক্রিষ্টিয়ানো ৰ’নাল্ডো৷ বিশ্বৰ দুই মহাতাৰকাৰ বাবে এইখনেই হ’ব অন্তিম বিশ্বকাপ৷ তদুপৰি কিলিয়ান এমবাপেৰ দৰে তৰুণসকলৰ প্রতিভা বিচ্ছুৰণৰ প্রতিযোগিতা হ’ব কাটাৰ বিশ্বকাপ৷ জুন–জুলাইৰ পৰম্পৰা ভাঙি কাটাৰৰ ৫০ ডিগ্রী উষ্ণতা অতিক্রম কৰি নৱেম্বৰত বিশ্বকাপ অনুষ্ঠিত হ’ব৷ তাৰ প্রতিখন ষ্টেডিয়াম শীত তাপ নিয়ন্ত্রিত৷ এই সকলোবোৰেই এইবাৰ বিশ্বকাপৰ আকর্ষণ৷ অৱশ্যে ফিফাৰ বাবেও এয়া এক বৃহৎ প্রত্যাহ্বান৷ কাটাৰৰ ওপৰত আস্থা ৰাখি ফিফাই যে ভুল কৰা নাছিল সেই কথা বুজিব পৰা গৈছিল অফিচিয়েল ছং আৰু বল উন্মোচনৰ দিনা৷ সুন্দৰ, সুসজ্জিত মঞ্চত মায়াময় আলোকৰ মাজত গানটো মুকলি কৰা হৈছিল৷ য’ত উপস্থিত আছিল মুল থিম ছঙৰ গায়ক–গায়িকাসকল৷ এই অনুষ্ঠানতেই কৰা হৈছিল আল ৰিহলা বলটোৰ উন্মোচন৷ অৱশ্যে ভাৰতীয়সকলৰ বাবে কাটাৰলৈ যোৱাটো সহজ নহ’ব৷ আকাশলংঘী বিমান ভাৰাৰ উপৰি হোটেলৰ ভাৰাও প্রচুৰ৷ এতিয়া কেৱল পঞ্চতাৰকা হোটেলতহে বুকিং পোৱা সম্ভৱ৷ ফ্লেট ভাৰা লোৱাৰ সুযোগ আছে যদিও তাৰ মূল্যও অপৰিসীম৷

You might also like