আধুনিক বিশ্বত বিজ্ঞান–প্রযুক্তিবিদ্য্ দ্বাৰা নিতৌ ন ন অসাধ্য সাধন হোৱাৰ সময়তে পৰম্পৰাত বিশ্বাসী ভাৰতভূমিত অসম্ভৱো সম্ভৱ হৈ উঠিছে একমাত্র আত্মবিশ্বাস আৰু কষ্টসহিষ্ণুতাৰ বলত৷ ভাৰতবর্ষৰ বিভিন্ন জাতি–সম্প্রদায়ৰ সংস্কৃতি–পৰম্পৰা ভিন্ন যদিও ‘অনৈক্যৰ মাজতো ঐক্য’ই ভাৰতক সমগ্র বিশ্বত এক অনন্য স্থানত অধিষ্ঠিত কৰাইছে৷
সম্প্রতি ভাৰতত পৰম্পৰাগতভাৱে চলি অহা এবিধ খেল চর্চালৈ আহিছে৷ এই খেলবিধ খেতিপথাৰত বোকাৰ মাজত অনুষ্ঠিত কৰা হয়৷ খেলবিধত দুটা ম’হৰ সৈতে এজন যুৱকে দৌৰি এক নির্দিষ্ট দূৰত্ব অতিক্রম কৰিব লাগে৷ পৰম্পৰাগত এই খেলবিধ ‘কাম্বালা ৰেচ’ অথবা ‘বাফেল’ ৰেচ’ হিচাপে জনা যায়৷ অৱশ্যে খেলবিধতকৈ অধিক চর্চালৈ আহিছে সদ্যহতে অনুষ্ঠিত খেলবিধত অংশগ্রহণ কৰা থূলন্তৰ যুৱক এজন৷ হয়, শেহতীয়াকৈ কর্ণাটকত পৰম্পৰাগতভাৱে অনুষ্ঠিত এইবিধ খেলৰ বাবে অচিনাকি যুৱকজন একেনিশাই সকলোৰে আশাৰ মধ্যমণি হোৱাৰ উপৰি তেওঁৰ অলিম্পিকলৈ যোৱাৰ পথ প্রশস্ত হোৱাৰ পথত৷ যুৱকজন হ’ল কর্ণাটকৰ মুদাবিদ্রী গাঁৱৰ ২৮ বছৰীয়া শ্রীনিৱাস গৌড়া৷
শ্রীনিৱাস গৌড়া কর্ণাটকৰ এটি সাধাৰণ পৰিয়ালৰ সদস্য৷ নির্মাণকার্যত শ্রমিক হিচাপে নিয়োজিত হৈ জীৱন নির্বাহ কৰা গৌড়াই বিগত কেইবাবছৰ ধৰি কর্ণাটকত পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈ অহা ‘কাম্বালা ৰেচ’ নামৰ খেলবিধত অংশগ্রহণ কৰি আহিছে৷ সৰুৰে পৰাই পৰম্পৰাগত খেলবিধৰ প্রতি আগ্রহী গৌড়াই উৎসুক মন লৈ এই খেলবিধত অংশগ্রহণ কৰি আহিছিল যদিও সফলতাই হেনো তেওঁলৈ বাট চাই আছিল অন্য এক ধৰণেহে৷ সেই সুযোগেই যেন ধৰা দিলে শেহতীয়াকৈ কর্ণাটকত অনুষ্ঠিত ‘কাম্বালা ৰেচ’ নামৰ খেলবিধত৷ ‘কাম্বালা ৰেচ’ত দুটা ম’হৰ সৈতে এক নির্দিষ্ট দূৰত্ব দৌৰিবলৈ দিয়া হয়৷ বয়সভিন্ন যুৱকে প্রশিক্ষিত ম’হ লৈ এইবাৰো এই খেলবিধত অংশগ্রহণ কৰিছিল৷ এই ম’হ দৌৰোৱা যুৱকক ‘কাম্বালা জকী’ হিচাপে জনা যায়৷ এইবাৰ এই দূৰত্ব আছিল ১৪২ মিটাৰ৷ এই দূৰত্ব ‘কাম্বালা জকী’ গৌড়াই অতিক্রম কৰে ১৩.৪২ ছেকেণ্ডত৷ সেই হিচাপত ১০০ মিটাৰ দৌৰ তেওঁ সম্পূর্ণ কৰে ৯.৫৫ ছেকেণ্ডত৷ বর্ণিল ইতিহাসৰ পাতত শ্রীনিৱাস গৌড়াই নিজৰ নাম লিপিবদ্ধ কৰাৰ প্রথম অধ্যায় ৰচনা কৰাৰ লগে লগে গাঁওখনত হৈ–চৈ লাগে৷ কাৰণ তেওঁ উক্ত খেলবিধৰ সকলো ৰেকর্ড ভংগ কৰে৷ তদুপৰি তেওঁ বিশ্ব প্রসিদ্ধ দৌৰবিদ জামাইকান স্প্রিণ্টাৰ উছেইন বল্টৰো ৰেকর্ড ভংগ কৰিবলৈ সক্ষম হয় বুলি একাংশই দাবী কৰিছে৷ কিয়নো ১০০ মিটাৰ দৌৰ উছেইন বল্টে ৯.৫৮ ছেকেণ্ডত সম্পূর্ণ কৰি সমগ্র বিশ্বত খলকনি তুলি এক ৰেকর্ড গঢ়ি থৈছে৷ স্থানীয় যুৱকৰ সাফল্যত উৎফুল্লিত শুভাকাংক্ষীয়ে এই দাবী কৰাটোৱে স্বাভাৱিক৷ একাংশৰ এই দাবীৰ বিপৰীতে ‘কাম্বালা’ৰ গৱর্নিং ব’ডীয়ে স্প্রিণ্টাৰ বল্টৰ লগত গৌড়াক তুলনা কৰাটো অমূলক বুলি সদৰী কৰিছে৷ ‘কাম্বালা’ একাডেমীৰ অধ্যক্ষ কে কে গুণাপালে কয়– আমি আনৰ লগত গৌড়াক তুলনা কৰাটো নিবিচাৰোঁ যদিও কর্ণাটকৰ পৰম্পৰাগত খেলবিধৰ ইতিহাসত ২৮ বছৰীয়া শ্রীনিৱাস গৌড়াই ৩০ বছৰ পুৰণি ৰেকর্ড ভংগ কৰিবলৈ সক্ষম হৈছে৷ অসম্ভৱক সম্ভৱ কৰি উৎফুল্লিত গৌড়াই তেওঁৰ ৰেকর্ড ভংগকাৰী বিজয় সন্দর্ভত কয়– ‘মই এই জয়ৰ কৃতিত্ব ম’হ দুটাকহে দিব খুজিম৷’
কর্ণাটকৰ খেতিপথাৰত অনুষ্ঠিত এই খেলবিধত তেওঁৰ এই প্রতিভা উদ্ভাসিত হোৱাৰ পিছতে বহুতে তেওঁৰ মাজত সমগ্র দেশক বিশ্বত উজলাই তুলিব পৰা ক্ষমতা দেখা পাইছে৷ ৰাজনীতিবিদ, উদ্যোগপতিকে আদি কৰি ভিন্নজনে তেওঁক অভিনন্দন জনোৱাৰ উপৰি ভৱিষ্যতৰ বাবে উৎসাহিত কৰে৷ সমান্তৰালভাৱে শ্রীনিৱাস গৌড়াক সঠিক প্রশিক্ষণৰ দ্বাৰা অলিম্পিকৰ বাবে সাজু কৰিবলৈও কেন্দ্রীয় চৰকাৰৰ দৃষ্টিগোচৰ কৰাইছে৷ ইয়াৰ পৰিপ্রেক্ষিতত কেন্দ্রীয় খেল মন্ত্রী কিৰেণ ৰিজিজুৱে এক টুইট কৰি জনায়– ‘ইতিমধ্যে শ্রীনিৱাস গৌড়াৰ বাবে ৰে’লৰ টিকট কৰা হৈছে৷ তেওঁক এছএআইৰ প্রশিক্ষকৰ দ্বাৰা প্রশিক্ষণ দি অলিম্পিকৰ বাবে সাজু কৰা হ’ব৷ ভাৰতত যাতে কোনো প্রতিভা হেৰাই নাযায়, সেয়া নিশ্চিত কৰিবলৈ মই প্রস্তুত৷’ তদুপৰি কংগ্রেছ নেতা শশী থাৰুৰে গৌড়াৰ এই অভিলেখৰ পিছত টুইট কৰি এথলেটিক এছ’চিয়েচন অৱ ইণ্ডিয়াক শ্রীনিৱাস গৌড়াৰ সম্পূর্ণ দায়িত্ব লৈ অলিম্পিকৰ বাবে সাজু কৰিবলৈ আহ্বান জনাইছে৷ শ্রীনিৱাস গৌড়াক এই সন্দর্ভত সোধাত তেওঁ এই প্রস্তাৱৰ প্রতি আগ্রহী নহয় বুলি জনোৱাৰ লগতে ৰাষ্ট্রীয় খেলত অংশগ্রহণ কৰাৰ কোনো হাবিয়াস নাই বুলি জানিবলৈ দিছে৷
কাম্বালা ৰেচঃ ‘কাম্বালা’ কর্ণাটকৰ এক কৃষিভিত্তিক উৎসৱ৷ পৰম্পৰাগত এই উৎসৱত কর্ণাটকৰ বাসিন্দাই তেওঁলোকৰ উপাস্য দেৱতাক স্মৰণ কৰি পূজা–র্চনা কৰে৷ খেতিপথাৰৰ শস্য ভাল হোৱাৰ উপৰি বৰষুণৰ কামনাৰে কর্ণাটকৰ স্থানীয় জনসাধাৰণে ‘কাম্বালা’ উৎসৱত তেওঁলোকৰ উপাস্য দেৱতাক আৰাধনা কৰে৷ এই ‘কাম্বালা’ উৎসৱৰ সৈতে সংগতি ৰাখিয়েই কর্ণাটকৰ বিভিন্ন স্থানত ‘কাম্বালা ৰেচ’ অনুষ্ঠিত কৰি আহিছে৷ কর্ণাটকৰ পৰম্পৰাগত ‘কাম্বালা ৰেচ’ অথবা ‘বাফেল’ ৰেচ’ মেংগালোৰ আৰু উডুপীত অধিক প্রচলিত৷ বহুকেইখন গাঁৱত এই খেলবিধ আয়োজন কৰা হয়৷ কাম্বালা ৰেচৰ আয়োজকে খেলবিধ বিভিন্ন শাখাত অনুষ্ঠিত কৰি আহিছে৷ কনিষ্ঠ–জ্যেষ্ঠ শাখাৰ উপৰি ম’হৰ ডিঙিত ৰছী টানকৈ বা ঢ়িলাকৈ বন্ধা আদি বিভিন্ন শাখাত অনুষ্ঠিত হয়৷ ভিন্ন বয়সৰ সাহসী যুৱকে এই খেলবিধত এহাল ম’হৰ সৈতে অংশগ্রহণ কৰি দৌৰি লক্ষ্যস্থানত উপস্থিত হোৱাৰ প্রতিযোগিতাত অৱতীর্ণ হয়৷ অৱশ্যে প্রথমাৱস্থাত এই যুৱকসকলে (কাম্বালা জকী) এটা ম’হৰ সৈতে উক্ত খেলবিধত অংশগ্রহণ কৰিছিল৷ কাম্বালা এছ’চিয়েচনৰ উদ্যোগত আয়োজিত এই খেলবিধত বিজয়ী প্রতিযোগীক আৰম্ভণিতে পুৰস্কাৰ হিচাপে নাৰিকল প্রদান কৰিছিল যদিও এতিয়া সোণ–ৰূপৰ মেডেলেৰে পুৰস্কৃত কৰা হয়৷ অৱশ্যে এটা সময়ত প্রাণী সংৰক্ষণ সংস্থাই এই খেলবিধৰ বিৰোধিতা কৰি সমদল উলিয়াইছিল৷ তেওঁলোকৰ মতে, ‘বাফেল’ ৰেচ’ত ‘কাম্বালা জকী’য়ে ম’হবোৰক কোবাই জোৰ–জবৰদস্তি অধিক বেগত দৌৰিবলৈ বাধ্য কৰিছিল৷ ইয়াৰ পিছত পৰম্পৰাগত খেলবিধৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল যদিও মুখ্যমন্ত্রী ছিদ্দাৰামাইৰ কংগ্রেছ চৰকাৰে পৰম্পৰাগত ‘কাম্বালা ৰেচ’ অব্যাহত ৰাখিবলৈ বিল পাছ কৰিছিল৷ স্থানীয় খেতিয়কে ‘কাম্বালা ৰেচ’ত অংশগ্রহণৰ দ্বাৰা ম’হবোৰ বেমাৰ–আজাৰৰ পৰা সুৰক্ষিত হৈ থাকে বুলি বিশ্বাস কৰে৷ বিজ্ঞান–প্রযুক্তিবিদ্য্ জয়জয়–ময়ময় সময়তো ইয়াক অন্ধবিশ্বাস বুলি ক’বলৈ গৈ স্থানীয় লোকৰ গভীৰ বিশ্বাসৰ বাবে থমকি ৰ’ব লগা হৈছে৷
ৰেচৰ বাবে ম’হৰ প্রস্তুতিঃ পৰম্পৰাগতভাৱে অনুষ্ঠিত ‘কাম্বালা ৰেচ’ত অংশগ্রহণ কৰিব বিচৰাসকলে তেওঁলোকৰ ম’হবোৰক প্রতিযোগিতা অনুষ্ঠিত হোৱাৰ কেইবাদিন পূর্বৰে পৰা অনুশীলনত অৱতীর্ণ কৰায়৷ তেওঁলোকে ঘৰৰ কাষৰ মুকলি পথাৰত ট্রেক নির্মাণ কৰি ম’হক দৌৰাই প্রতিযোগিতাৰ বাবে প্রতিদিনে অনুশীলন চলায়৷ অনুশীলনৰ সময়ত কেতিয়াবা ম’হৰ লগতে স্থানীয় যুৱকসকল আঘাতপ্রাপ্ত হয় যদিও অত্যন্ত দৃঢ় মনোবলৰ গৰাকী যুৱকসকলে পিছহোঁহকাৰ চিন্তা একাষৰীয়া কৰি পুনৰ অনুশীলনত ভাগ লয়৷ এইকেইদিনত গৰাকীয়ে ফল–মূলৰ উপৰি অন্যান্য পুষ্টিকৰ খাদ্য যোগান ধৰে ম’হবোৰক৷ তদুপৰি ম’হবোৰৰ শৰীৰ মালিচ কৰি সঠিক পৰিচর্যাৰে প্রতিযোগিতাৰ বাবে প্রস্তুতি চলায়৷ প্রতিযোগিতাৰ পূর্বে ৰেচ অনুষ্ঠিত হ’ব লগা ট্রেকতো অনুশীলন চলোৱাৰ অনুমতি দিয়া হয়৷ এই খেলবিধত জয়ী হোৱাৰ পথ ইমান মসৃণ নহয় যদিও ‘কাম্বালা জকী’য়ে উক্ত প্রতিযোগিতাত জয়ী হ’বলৈ সর্বস্ব উজাৰি দিবলৈ প্রস্তুত হৈ থাকে৷
বিজ্ঞান–প্রযুক্তিবিদ্য্ প্রতিযোগিতাৰ এই যুগত স্ব–গৰিমাৰে জিলিকি উঠা দাৰিদ্র্যপিষ্ট প্রতিভা শ্রীনিৱাস গৌড়াক বিশ্ববাসীৰ সন্মুখত তুলি ধৰিবলৈ স্থানীয় প্রশাসনৰ লগতে কেন্দ্রীয় চৰকাৰৰ নিশ্চয় কৰণীয় আছে৷ উপযুক্ত পদক্ষেপ লৈ এই প্রতিভাক সঠিক পথ নির্দেশনা দিলে হয়তো এদিন বিশ্ববাসীৰ সন্মুখত ভাৰতৰ নাম উজলাবলৈ সক্ষম হ’ব জীৱন যুঁজৰ অঘোষিত যোদ্ধা শ্রীনিৱাস গৌড়া৷ শ্রীনিৱাস গৌড়াই ভৱিষ্যতে সফলতাৰ বাটত সুনাম অর্জন কৰক৷ শুভকামনা শ্রীনিৱাস গৌড়া৷