সমগ্র বিশ্বৰ পর্যটকসকলৰ বাবে জাপান এখন আকর্ষণীয় দেশ৷ দেশখনত যিদৰে আছে সমৃদ্ধ ইতিহাস, তেনেকৈ আছে অনিন্দ্যসুন্দৰ ভূ–সৌন্দর্য, বিস্ময়কৰ ঠাই, নানা স্থাপত্যকর্ম আৰু বৈচিত্র্যময় সংস্কৃতি আৰু ঐতিহ্য৷ সেয়ে প্রতিবছৰে দেশ–বিদেশৰ বহু পর্যটক জাপান ভ্রমণলৈ আহে৷
জাপানৰ চাৰিটা দ্বীপৰ মাজৰ সকলোতকৈ ক্ষুদ্রতম আৰু কম বসতিপূর্ণ এটা দ্বীপ হৈছে ‘চিকোকু’৷ প্রায় ১৮,৮০০ বর্গকিলোমিটাৰ এলেকাজুৰি দ্বীপটো বিস্তৃত৷ দ্বীপটোৰ সৰু এটা উপত্যকা হ’ল ‘লিয়া’৷ এই দুর্গম পার্বত্য এলেকাৰ কাষেৰে বৈ গৈছে দ্বীপটোৰ প্রধান নদী ‘য়োচিনো’৷ উপত্যকাৰ পাদদেশত গঢ়ি উঠিছে অপৰূপ সৌন্দর্যৰে ঘেৰা, ছবিৰ দৰে এখন গাঁও, নাম ‘নাগোৰা’৷ গাঁওখনত মানুহৰ সংখ্যা তেনেই কম৷ এসময়ত এই ঠাইত ৩০০জনমান মানুহৰ বসতি আছিল৷ এনেয়ে জাপানৰ জনসংখ্যা ক্রমান্বয়ে হ্রাস পাই আহিছে৷ নাগোৰা গাঁওখনো তাৰ ব্যতিক্রম নহয়৷ এক তথ্য মতে, ২০১৫ চনত গাঁওখনৰ জনসংখ্যা আছিল মাত্র ৩৫গৰাকী আৰু ২০১৬ চনত সেয়া কমি ৩০ পাইছে৷
বর্তমান এই গাঁৱত ২৭জন বাসিন্দা আছে, যাৰ মাজত সকলোতকৈ কম বয়সীয়া ব্যক্তিজনৰ বয়স ৫০ বছৰ৷ বেছিভাগেই বয়োবৃদ্ধ৷ গাঁৱৰ অধিকাংশ মানুহৰ হয় মৃত্যু হৈছে, নহয়তো অন্য ঠাইলৈ গুচি গৈছে৷ গাঁওখনত কমবয়সীয়া মানুহ নাই বুলিলেই হয়৷ চিকোকু দ্বীপৰ পৰা বেছ দূৰৰ সংলগ্ণ উপত্যকাত গাঁওখন অৱস্থিত হোৱাত এই গাঁৱলৈ যোৱাটো কষ্টসাধ্য৷ দিনত এবাৰ গাঁওখনৰ মাজৰ পথটোত গণিব পৰা কেইখন মান বাছ চলাচল কৰে, আকৌ কেতিয়াবা কোনো বাছেই এই পথেদি অহা–যোৱা নকৰে৷ ওচৰৰ ৰে’ল ষ্টেচনৰ পৰা গাঁৱলৈ আহিবলৈ এক ঘণ্টাৰো বেছি সময় লাগে৷
গাঁৱৰ যুৱকসকলে উচ্চ শিক্ষা ল’বলৈ আৰু আর্থিক সচ্ছলতাৰ বাবে জাপানৰ ডাঙৰ ডাঙৰ চহৰবিলাকত স্থায়ীভাৱে বাস কৰিবলৈ আৰম্ভ কৰিছে৷ গাঁৱলৈ উভতি অহাৰ তেনে কোনো আগ্রহেই তেওঁলোকৰ নাই৷ ফলত গাঁৱত কমবয়সীয়া ল’ৰা–ছোৱালীৰ সংখ্যা কমি কমি এতিয়া সেয়া শূন্যৰ ঘৰত৷ বছৰত এবাৰ আত্মীয়–স্বজনসকল দেখা কৰিবলৈ কোনোবাজন আহে চহৰৰ পৰা গাঁৱলৈ৷ সময়ৰ অভাৱত বহুজন আহিবও নোৱাৰে৷ এনে এখন সুন্দৰ গাঁৱত মানুহ নাথাকিব– সেই কথা যেন মানি ল’ব পৰা নাছিল এই গাঁৱৰেই এগৰাকী বাসিন্দা চুকিমি আইয়ানোৱে৷ বয়স ৬৮ৰ ওচৰা–উচৰি৷ শৈশৱতে আইয়ানোৰ পৰিয়াল–পৰিজনসহ্ তিনিশৰো বেছি অধিবাসী এই গাঁৱত বাস কৰিছিল৷ পঢ়া–শুনাৰ বাবে এই গাঁও এৰি নিকটৱর্তী চহৰ ওচাকালৈ আইয়ানো গুচি যাব লগা হৈছিল৷
ওচাকাত দীর্ঘ ১১ বছৰ কটাই বৃদ্ধ দেউতাকক চাবৰ বাবে ২০০২ চনত তেওঁ আকৌ গাঁৱলৈ উভতি আহে৷ উভতি আহি দেখা পায় গাঁৱৰ পুৰণি বহু লোকেই আৰু জীয়াই থকা নাই৷ তেওঁৰ ঘৰৰ কাষৰ প্রতিবেশীসকলৰো তেওঁ অহাৰ কিছুদিন আগেয়েই মৃত্যু হৈছে৷ শৈশৱতে দেখা সেই গাঁৱৰ সৈতে এতিয়াৰ গাঁওখনক যেন কোনোমতেই মিলাব পৰা নাই আইয়ানোৱে৷ গোটেই গাঁওখন ঘূৰিও কোনো পৰিচিত মুখ বিচাৰি নাপায় তেওঁ৷ আত্মীয়–স্বজন, বন্ধু–বান্ধৱহীন গাঁওখন তেওঁৰ বাবে যেন এক শ্মশানপুৰী৷ এদিন নিজৰ খেতিৰ বাগানৰ বাবে তেওঁৰ দেউতাকৰ দৰে এটা পুতলা তৈয়াৰ কৰিবলৈ লৈ তেওঁ ভাবিবলৈ আৰম্ভ কৰিলে– এনেদৰে গোটেই গাঁওখন যদি মানুহ পুতলাৰে ভৰাই তুলিব পৰা যায়, তেনেহ’লে মনুষ্যবিহীন গাঁওখনত মানুহৰ অভাৱ কিছু পৰিমাণে হ’লেও পূৰণ হ’ব পাৰে৷ সেই তেতিয়াৰ পৰা আৰম্ভ হয় আইয়ানোৰ পুতলা তৈয়াৰীৰ কাম৷ গাঁও এৰি গুচি যোৱা বা মৃত্যুমুখত পৰা মানুহসকলৰ উপস্থিতি স্মৰণ কৰি তেওঁ এটাৰ পিছত এটা পুতলা তৈয়াৰ কৰি যায়৷
২০০৩ চনত আইয়ানোয়ে তেওঁৰ কৃষিভূমিৰ বাবে প্রথমে কেইটামান পুতলা তৈয়াৰ কৰে৷ ইয়াৰ পিছত তেওঁ প্রতিবেশীৰ মুখৰ আকাৰত তৈয়াৰ কৰে আৰু কেইবাটাও পুতলা৷ সেইবিলাক প্রতিবেশীৰ ঘৰৰ সমুখত এনেভাৱে ৰাখিলে যে পুৰণি দিনৰ দৰে সেই প্রতিবেশীয়ে যেন তেওঁৰ সৈতে বাক্যালাপহে কৰিছে৷ এনেদৰে তেওঁ এটাৰ পিছত এটাকৈ তৈয়াৰ কৰাত লাগিল মানুহৰ আকাৰৰ পুতলা৷ শিশু, কিশোৰ–কিশোৰী, যুৱক–যুৱতী, বৃদ্ধ–বৃদ্ধা সকলো ধৰণৰেই পুতলা তৈয়াৰ কৰাত লাগিল তেওঁ৷ ক্রমেই গোটেই গাঁওখন বিভিন্ন বয়সৰ পুতলাৰে ভৰি পৰিবলৈ লাগিল৷ এসময়ত গাঁৱত বসবাসকাৰী মানুহৰ সংখ্যাতকৈ পুতলাৰ সংখ্যা বাঢ়ি গ’ল৷ বর্তমান গাঁওখনে পুতলাৰ গাঁও হিচাপে পৰিচিতি পাইছে৷ বিগত দহ বছৰে আইয়ানোৱে প্রায় চাৰে তিনিশৰো অধিক পুতলা তৈয়াৰ কৰিছে৷
গাঁওখনলৈ যিয়েই আহে, গাঁওখনৰ য’তে–ত’তে সিঁচৰতি হৈ থকা বিভিন্ন বয়সৰ পুতলাবোৰ দেখি আচৰিত হৈ যায়৷ গাঁৱৰ পথাৰৰ মাজৰ পথেৰে গৈ থাকিলে চকুত পৰে খেতিপথাৰৰ মাজত ব্যস্ত কোনো কৃষকৰূপী পুতলা৷ নদীৰ পাৰত ফুৰিবলৈ গ’লে চকুত পৰে ঢ়িলা পেণ্ট আৰু চেক ছার্ট পিন্ধি , মূৰত টুপী পৰিহিত এটা পুতলা মাছ ধৰাত ব্যস্ত, দূৰৰ পৰা দেখিলে অনুভৱ হ’ব যেন সঁচা এজন জীৱন্ত মানুহ৷
ছাত্র–ছাত্রীৰ অভাৱত গাঁৱৰ একমাত্র স্কুলখন কেতিয়াবাই বন্ধ হৈ গৈছে৷ স্কুলত শুনা পোৱা নাযায় আগৰ সেই কোলাহল৷ এতিয়া সেই স্কুলত ধূলি–বালি, মকৰা, চৰাই, বাদুলিৰ বাসস্থান৷ মামৰ ধৰি গৈছে স্কুলৰ ঘণ্টাত৷
এই বিষয়টোৱে আইয়ানোক খুব কষ্ট দিলে৷ তেওঁ স্কুলৰ ক্লাছৰুমবিলাক পুতলাৰে ভৰাই তুলিলে৷ প্রতিটো ক্লাছৰুমৰ বেঞ্চত শাৰীবদ্ধভালে বহি আছে এদল ছাত্র৷ তেওঁলোকৰ সমুখত বহী আৰু কিতাপৰ বেগ৷ ছাত্রসকলৰ কোনো কোনোৱে পেঞ্চিলেৰে বহীত শিক্ষকে দিয়া টোকা লিখাত ব্যস্ত৷ কোনোবাই আকৌ গভীৰ মনোযোগসহকাৰে ছবি আঁকিছে৷ গম্ভীৰ মুখমণ্ডলেৰে শিক্ষকে পঢ়াই আছে৷ আইয়ানোৱে পুতলাবিলাক এনেদৰে তৈয়াৰ কৰিছে যে দেখিলে অনুভৱ হয় বাস্তৱৰ কোনো ক্লাছৰুম৷ স্কুলখনত সকলো আছে, মাথোঁ নাই কোলাহল৷
আইয়ানোৱে কেনেকৈ তৈয়াৰ কৰে এই পুতলাবিলাক? তেওঁ কয়– তেওঁ হাতৰ কাষত যি পায়, তাৰেই পুতলাবিলাক তৈয়াৰ কৰে৷ কিন্তু পুতলা তৈয়াৰীতকৈ পুতলাৰ অভিব্যক্তি ফুটাই তোলাটো সকলোতকৈ কঠিন কাম৷ বিভিন্ন বয়সৰ মানুহৰ মুখৰ গঠন আৰু তেওঁলোকৰ মুখৰ অনুভূতি ভিন্ন ধৰণৰ হৈ থাকে৷ এজন যুৱকৰ মুখৰ অভিব্যক্তিৰ সৈতে এজন বৃদ্ধৰ মুখৰ অভিব্যক্তি মিলোৱা সম্ভৱ নহয়৷ তেনেকৈ এগৰাকী গৃহিণীৰ মুখৰ আকাৰ আৰু এজন শিক্ষকৰ মুখৰ আকাৰ সম্পূর্ণ ভিন্ন৷ মানুহৰ বয়সৰ কাৰণে চেহেৰা আৰু পোছাক–পৰিচ্ছদত ব্যাপক পৰিৱর্তন ঘটে৷ বিভিন্ন বয়সৰ পুতলা তৈয়াৰীৰ সময়ত এই বিষয়টো মনত ৰাখিব লগা হৈছে বুলি আইয়ানোৱে এটা সাক্ষাৎকাৰত জনায়৷
এই পুতলাবিলাক তেওঁৰ সন্তানতুল্য৷ আত্মীয়, বন্ধু–বান্ধৱহীন গাঁওখনত পুতলাবিলাকক লৈয়ে তেওঁ গঢ়ি তুলিছে তেওঁৰ পুতলাৰ সংসাৰ৷
পূর্বে নাগোৰা এখন সাধাৰণ গাঁও আছিল৷ গাঁওখনক লৈ কাৰো কোনো আকর্ষণ নাছিল৷ কিন্তু ২০১৪ চনত এজন জার্মান চিত্রনির্মাতা ফ্রিৎজ শুম্যানে আইয়ানোৰ কামক লৈ এখন তথ্যচিত্র নির্মাণ কৰে৷ তেওঁ সেই তথ্যচিত্রত নাগোৰা গাঁৱক পৰিচয় কৰাই দিয়ে ‘ভেলী অৱ ডল্ছ’ নামেৰে৷
আইয়ানোৰ শিল্পকর্ম আৰু ছবিৰ দৰে সজোৱা গাঁওখনে বিশ্বৰ পর্যটকসকলৰ মনোযোগ আকর্ষণ কৰিবলৈ সক্ষম হয়৷ তাৰ পিছৰ পৰাই এই গাঁৱৰ আমূল পৰিৱর্তন হৈ থাকে৷ দেশ–বিদেশৰ বহু চিত্র সাংবাদিকে গাঁওখনলৈ আহিবলৈ আৰম্ভ কৰে, লগতে বিভিন্ন বয়সৰ পর্যটকো৷ গাঁওখনত ঘূৰিলে দেখা পোৱা যায় গাঁৱৰ পুতলাৰূপী মানুহ সকল ব্যস্ত তেওঁলোকৰ দৈনন্দিন কাম–কাজত৷ যেনে– মূৰত টুপী পিন্ধি কোনো শ্রমিক ৰাস্তা মেৰামতি কৰাত ব্যস্ত, নদীৰ পাৰৰ গছৰ তলত নৱবিবাহিত দম্পতী ওচৰা–উচৰিকৈ বহি প্রকৃতিৰ শোভা উপভোগৰত, গাঁৱৰ বজাৰত কোনো কোনো পুতলা শাক–পাচলি লৈ বহি আছে গ্রাহকৰ আশাত, কেইবাজনো বয়স্ক মানুহে বাগান পৰিচর্যাৰ শেষত ক্ষণিকৰ বিশ্রামৰ বাবে চকী পাৰি বহি আছে৷ কিন্তু ইয়াত নাই কোনো হুলস্থূল, নাই উত্তেজনা৷ সমগ্র গাঁওখনত নিঃশব্দ, কোলাহলবিহীন এক পৰিৱেশ৷ বিগত কেইবাটাও বছৰ ধৰি প্রতি বছৰৰ অক্টোবৰ মাহৰ প্রথম সপ্তাহৰ ৰবিবাৰে এই গাঁৱত পুতলা উৎসৱ পালিত হৈ আহিছে৷ বহু পর্যটক সেই সময়ত গাঁওখনলৈ আহে৷ তেওঁলোকে আইয়ানোৰ ঘৰত তেওঁৰ সৃষ্ট শিল্পকর্ম চাবৰ বাবে উদগ্রীৱ হৈ থাকে৷
ওচাকালৈ আকৌ উভতি যাবৰ ইচ্ছা আছেনে নাই জানিব বিচাৰিলে আইয়ানোৱে বাকী জীৱনটো এই পুতলাবিলাকৰ সৈতেই কটাই দিব বিচাৰে বুলি সাংবাদিকক জনায়৷ এই প্রসংগত তেওঁ আৰু কয়– ‘মই মোৰ অসুস্থ দেউতাক চোৱা–চিতা কৰিবৰ বাবেই ইয়ালৈ উভতি আহিছিলোঁ৷ যদি মই অসুস্থ হওঁ বা খুব বৃদ্ধ হৈ পৰোঁ, তেন্তে ওচাকাত থকা মোৰ সন্তানৰ কাষলৈ উভতি যাব পাৰোঁ৷ অন্যথা মই যিমান দিন সুস্থ হৈ থাকিম, এই গাঁৱতে এই পুতলাবিলাকৰ মাজতেই দিন কটাব বিচাৰোঁ৷’