নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৰালাৰ যমজ গাঁও কোডিনহী

কিশোৰ কলিতা

ভাৰতবর্ষৰ এখন বিশেষ গাঁও, যি আজিও গোটেই বিশ্বৰ বাবে নুবুজা সাঁথৰ হৈ আছে৷ এই বিশেষ গাঁওখন হৈছে কোডিনহী৷ বিভিন্ন জাতি–জনজাতিৰে ভৰপূৰ ভাৰতবর্ষৰ বিভিন্ন গাঁও–চহৰ ভিন্ন বিশেষত্বৰ বাবে আজিও বিশ্বত জনপ্রিয়৷ কোনোবা এখন গাঁও যদি ১০০ শতাংশ শিক্ষাৰ ক্ষেত্রত আগবঢ়া, আকৌ আন কোনোবা এখন কৃষি তথা শস্যৰ ক্ষেত্রত আগবঢ়া৷ কিন্তু এই কোডিনহী গাঁওখনৰ জনপ্রিয়তা অন্য গাঁওবোৰতকৈ তুলনামূলকভাৱে যথেষ্ট পৃথক৷ এই জনপ্রিয়তাৰ মূল কাৰণ হৈছে অসংখ্য যমজ সন্তানৰ জনবসতি৷ এই সুকীয়া গাঁওখন কেৰালাৰ মালাপ্পুৰম জিলাত অৱস্থিত৷ এই গাঁওখনে গোটেই বিশ্বৰ ভিতৰত এক সুকীয়া স্থান লাভ কৰিছে৷ কোডিনহী গাঁওখনক ‘টুইন্ছ ভিলেজ’ বুলিও কোৱা হয়৷ এই কোডিনহী গাঁওখনত বর্তমান প্রায় ৫৫০তকৈও অধিক যমজ সন্তান আছে৷ বিশ্বত প্রতি ১০০০ সন্তান জন্মৰ ভিতৰত গড়ে ৬ যমজ সন্তানৰ জন্ম হয়৷ কিন্তু কোডিনহীত এই অনুপাতৰ সংখ্যা যথেষ্ট বেছি৷ ইয়াত এই অনুপাতৰ সংখ্যা গড়ে ৪২৷ যমজ সন্তানৰ জন্মৰ এই পৰিঘটনা কোডিনহী গাঁওখনত কেইবা পীৰিৰ পৰা প্রচলিত হৈ আহিছে৷ কোডিনহীৰ স্থানীয় বা সিন্দাৰ মতে, এই অঞ্চলটোৰ সবাতোকৈ পুৰণি যমজ সন্তানযোৰৰ জন্ম হৈছিল ১৯৪৯ চনত৷ কিছুসংখ্যক চিকিৎসকৰ মতে এই অঞ্চলৰ লোকসকলে ব্যৱহাৰ কৰা পানীত কিছু বিশেষ ৰাসায়নিক পদার্থ থকাৰ বাবে ইয়াত যমজ সন্তানৰ জন্মৰ হাৰৰ মাত্রা অত্যধিক৷ কিন্তু কোডিনহীত এই যমজ সন্তানৰ জন্মৰ আঁৰত লুকাই থকা ৰহস্যৰ সম্ভেদ আজিও বহু বিজ্ঞানী–চিকিৎসকে উলিয়াবলৈ সক্ষম হোৱা নাই৷ বর্তমানেও বহু গৱেষক, বিজ্ঞানীয়ে এই ৰহস্যৰ সম্ভেদ উলিয়াবলৈ পৰীক্ষা–নিৰীক্ষা চলাই আছে৷ কোডিনহী গাঁওখনত বসবাস কৰা যমজ সন্তানবোৰৰ অধিকাংশই ১৫ বছৰ বয়সৰ তলৰ৷ এই গাঁওখনত এখন স্কুলত প্রায় ৮৮জন যমজ সন্তানে শিক্ষাগ্রহণ কৰা দেখা যায়৷ সঁচাকৈ এয়া এক আশ্চর্যকৰ বিষয়৷ এই যমজ সন্তানবোৰৰ বাবে কোডিনহীবাসীয়ে বিভিন্ন সময়ত বিভিন্ন সমস্যাৰো সন্মুখীন হ’ব লগা হৈছে৷ বিবাহ তথা শিক্ষাগ্রহণৰ কিছু কিছু ক্ষেত্রত এই যমজ সন্তানৰ ঋণাত্মক প্রভাৱ পৰাও দেখা যায়৷ ২০০৮ চনৰ তথ্য অনুসৰি এই গাঁওখনত আনুমানিকভাৱে প্রায় ২,০০০ পৰিয়ালে বাস কৰি আছে৷ ইয়াত বসবাস কৰা লোকসকলৰ অধিকাংশই চুন্নী মুছলমান সম্প্রদায়ৰ৷ ইয়াৰ উপৰি অন্য সম্প্রদায় তথা অনূসূচিত জাতিৰ লোকো এই অঞ্চলত বাস কৰা দেখা যায়৷ পশ্চিমীয়া দেশবোৰত যমজ সন্তানৰ জন্মৰ হাৰ কৃত্রিম গর্ভধাৰণ প্রক্রিয়াৰ বাবে বৃদ্ধি হৈছে৷ কিন্তু ভাৰতবর্ষত এই গর্ভধাৰণ প্রক্রিয়া সম্পূর্ণৰূপে স্বাভাৱিক৷ ভাৰতবর্ষৰ এলাহাবাদৰ মহম্মদপুৰ উমৰীতো অধিকসংখ্যক যমজ সন্তান দেখিবলৈ পোৱা যায়৷ ২০১৬ চনতCSIR, KUFOS (Kerala University of Fisheries and Ocean Studies), University of London ইত্যাদিৰ গৱেষকৰ এটা যুটীয়া দলে কোডিনহীৰ যমজ সন্তানৰ মূল ৰহস্যৰ সন্ধানত কোডিনহী গাঁওখন পর্যবেক্ষণ কৰিছিল৷ গৱেষকসকলে যমজসকলৰDNA অধ্যয়ন কৰিবলৈ সিহঁতৰ শৰীৰৰ পৰা বিভিন্ন ধৰণৰ নমুনা সংগ্রহ কৰিছিল৷ বিশ্বৰ প্রেক্ষাপটৰ পৰা যদি আমি চাওঁ ভাৰতবর্ষৰ উপৰি ব্রাজিলৰ কেণ্ডিডো গদৈ CANDIDO GODOI) আৰু নাইজেৰিয়াৰ ইগব’–ওৰা IGBO-ORA)তো যমজ সন্তান অত্যধিক মাত্রাত দেখা পোৱা যায়৷ ৰহস্যৰে ভৰপূৰ ভাৰতবর্ষত আৰু এনে বহু ঠাই আছে, যিবোৰে আজিও বিজ্ঞানী মহলৰ দৃষ্টি আকর্ষণ কৰিছে৷ সুকীয়া পৰিচয়েৰে জনজাত কোডিনহী ঠাইখনো ইয়াৰ ব্যতিক্রম নহয়৷ কোডিনহী গাঁওখনে এছিয়া মহাদেশতেই সীমিত নাথাকি সমগ্র বিশ্বতেই যমজ সন্তানৰ জন্মৰ ক্ষেত্রত এক বিশেষ স্থান অধিকাৰ কৰি আহিছে৷

You might also like