নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ মনোমোহা দলংসমূহ…

  • চীনৰ দানয়াং কানশ্বান গ্রেণ্ড  ব্রিজ

আধুনিক প্রযুক্তিৰ দেশ চীনে মাত্র ৪বছৰৰ ভিতৰত নির্মাণ কৰি উলিয়াইছিল দানয়াং–কানশ্বান গ্রেণ্ড ব্রিজ৷ কেইবাখনো চহৰ, নদী আৰু হ্রদৰ ওপৰেৰে যোৱা ১৬৯ কিলোমিটাৰ দৈর্ঘ্যৰ এইখন হ’ল বিশ্বৰ সবাতোকৈ দীঘল দলং৷ ২০১১ চনত মুকলি হোৱা দলংখন নির্মাণ কৰিবলৈ প্রায় ১০ হাজাৰ লোকে চাৰি বছৰ দিনে–নিশাই কাম কৰিছিল৷ অত্যাধুনিক কাৰিকৰী কৌশলেৰে নির্মিত দলংখনত ৮.৫ বিলিয়ন ডলাৰ ব্যয় হৈছিল৷ বিশ্বৰ সবাতোকৈ দীঘল আৰু অন্যতম মনোমোহা দলংখনত ৰে’লৱে লাইনৰো ব্যৱস্থা আছে ৷

  • চীনৰ বেইপানজিয়াং ব্রিজ

যাত্রীক ৰোমাঞ্চিত কৰি তোলা বিশ্বৰ আন এখন মনোমোহা দলং হ’ল চীনৰ বেইপানজিয়াং ব্রীজ৷ ৫৬০ মিটাৰ উচ্চতাৰ এই দলঙৰ আন নাম হ’ল ডিউজ ব্রীজ৷ নদী, পাহাৰ আৰু গভীৰ খাদেৰে ভৰা দক্ষিণ চীনৰ গুইঝৌ প্রদেশত অৱস্থিত বেইপানজিয়াং ব্রীজ বিশ্বৰ ভিতৰতে সবাতোকৈ উচ্চ দলং৷ দুখন সুউচ্চ পাহাৰক সংযোগ কৰা এই দলং ২০১৬ চনৰ ডিচেম্বৰত সম্পূর্ণ হৈ উঠিছিল৷ ইয়াৰ দৈর্ঘ্য হ’ল ১,৩৪১ মিটাৰ৷ উন্নত আন্তঃগাঁথনি, চমকপ্রদ কাৰিকৰী কৌশল আৰু বিচিত্র ষ্টাইলৰ বাবে চীনৰ বেইপানজিয়াং ব্রীজ পর্যটকৰ আকর্ষণৰ কেন্দ্রবিন্দু৷ ইয়ে যুনান আৰু গুইঝৌ প্রদেশৰ মাজৰ যাত্রা সময় ৪ ঘণ্টালৈ হ্রাস কৰিছে ৷

  • পর্তুগালৰ ভাস্কো ডা গামা ব্রিজ

পর্তুগালৰ উত্তৰ আৰু দক্ষিণ প্রান্তক সংযোগ কৰা ভাস্কো–ডা–গামা দলং হ’ল ইউৰোপৰ দ্বিতীয় দীঘল দলং৷ ইয়াৰ দৈর্ঘ্য হ’ল ১২.২ কিলোমিটাৰ৷ ১৯৯৮ চনত যাত্রীৰ বাবে মুকলি হোৱা দলংখন বিখ্যাত পর্তুগীজ পৰিব্রাজক ভাস্কো ডা গামাৰ নামেৰে নামকৰণ কৰা হয়৷ তেওঁ আছিল পঞ্চদশ শতিকাত সাগৰীয় পথেৰে ভাৰতত প্রৱেশ কৰা ইউৰোপৰ প্রথমগৰাকী ব্যক্তি৷ লিছবনৰ টাগাছ নদীৰ ওপৰত নির্মিত ভাস্কো ডা গামা দলংখনৰ এটি অন্যতম বিশেষত্ব হ’ল যে ই প্রতি ঘণ্টাত ২৫০ কিলোমিটাৰ বেগেৰে অহা বতাহকো প্রতিৰোধ কৰিব পাৰে ৷

  • ভিয়েটনামৰ গ’ল্ডেন ব্রিজ

সেউজ পাহাৰেৰে চৌদিশ আগুৰা এক নৈসর্গিক পৰিৱেশৰ মাজত অৱস্থিত ভিয়েটনামৰ গ’ল্ডেন ব্রিজ বিশ্বৰ পর্যটকৰ অন্যতম আকর্ষণৰ কেন্দ্রস্থল৷ ফাইবাৰ গ্লাছ আৰু গুণাৰ আৱৰণেৰে নির্মিত শিলৰ দুখন প্রকাণ্ড হাতৰ ওপৰত থিয় হৈ থকা দলংখন ২০১৮ৰ জুনত পর্যটকৰ বাবে মুকলি কৰা হৈছিল৷ তেতিয়াৰে পৰা দৈনিক প্রায় ১০ হাজাৰ পর্যটকে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে৷ নিখুঁত কাৰিকৰী প্রযুক্তিৰে নির্মিত দুখন প্রকাণ্ড হাতৰ ওপৰত থিয় হৈ থকা গ’ল্ডেন ব্রিজৰ অপৰূপ সৌন্দর্যত অভিভূত হৈ বিশ্বৰ ভিন্ন প্রান্তৰ পর্যটকে ইয়াক ‘হেণ্ড অৱ গড’ আখ্যা দিছে৷ প্রায় ডেৰ বছৰৰ ভিতৰত সম্পূর্ণ হৈ উঠা ১৫০ মিটাৰ দৈর্ঘ্যৰ চিত্তাকর্ষক দলংখনে ভিয়েটনামৰ পর্যটন ক্ষেত্রৰ ৰূপৰেখা সলনি কৰি দিছে ৷

  • মুকুট শর্মা

ফোনঃ৯৭০৬৫–৪২৪১২

You might also like