মানুহৰ মনবোৰ জ্ঞানপিপাসু৷ অতীতৰ পৰা বর্তমানলৈ মানৱ সভ্যতাৰ বিকাশৰ যি যাত্রা, সেই সম্পর্কে হয়তো সকলোৱে জানিবলৈ ইচ্ছুক৷ ইতিহাস হৈছে অতীত আৰু বর্তমানৰ মাজৰ এখন সাঁকো৷ ইতিহাসে শিকায় বহু নজনা কথা৷ প্রস্তৰ যুগৰ পৰা আৰম্ভ কৰি বিভিন্ন যুগৰ কলা–সংস্কৃতি তথা মানৱ সভ্যতাৰ জীৱন প্রণালীৰ প্রাচীন বিৱৰণ আজিও আমি পৃথিৱীৰ বিভিন্ন প্রান্তত পর্যবেক্ষণ কৰিবলৈ সক্ষম হৈছেছা৷ ইয়াৰ ভিতৰত ভীমবেটকা প্রস্তৰ ক্ষেত্র অন্যতম৷ ভীমবেটকা প্রস্তৰ ক্ষেত্র হৈছে ভাৰতৰ সবাতোকৈ পুৰণি সভ্যতাৰ এক উৎকৃষ্ট নিদর্শন৷ ভীমবেটকা প্রস্তৰ ক্ষেত্র ভাৰতৰ মধ্যপ্রদেশৰ ৰাইছেন জিলাত অৱস্থিত৷ মধ্যপ্রদেশৰ ভূপালৰ পৰা ৪৫ কিঃমিঃ দক্ষিণে এই প্রস্তৰ ক্ষেত্র দেখিবলৈ পোৱা যায়৷ ভীমবেটকা অঞ্চলটোৰ চাৰিওফাল পাহাৰ আৰু ঘন জংঘলেৰে ভৰি আছে৷ ভাৰতৰ অন্যান্য পর্যটনস্থলসমূহ ভিতৰত ভীমবেটকাও উল্লেখনীয়৷ ইয়াৰ মূল অঞ্চলটোৰ মাটিকালি প্রায় ১০,২৮০ হেক্টৰ৷ ভীমবেটকা নামটোৰ সৈতে মহাভাৰতৰ অন্যতম নায়ক ভীমৰ সম্পর্ক আছে৷ ভীমবেটকা প্রস্তৰ ক্ষেত্র সম্পর্কে ইউনেস্ক’ অভিলেখনত কোৱা হৈছে– ‘এই স্থানটি প্রাকৃতিক শিলাসমূহৰ মাজত প্রস্তৰ চিত্রকলাৰ এক অসাধাৰণ ভাণ্ডাৰ’৷ ভীমবেটকাত আদিম মানুহৰ দ্বাৰা অংকিত বিভিন্ন শিলাচিত্র দেখিবলৈ পোৱা যায়৷ ভীমবেটকাত পোৱা কোনো কোনো শিলাচিত্রৰ বয়স আনুমানিক ৩০,০০০ বছৰ৷ ১,৮৯৩ হেক্টৰ এলেকাত পাথৰৰ আধাৰৰ ওপৰত এই প্রস্তৰ ক্ষেত্র প্রসাৰিত৷ এই প্রস্তৰ ক্ষেত্রৰ অনুসন্ধান ১৯৫৭ চনত ড০ বিষ্ণু শ্রীধৰ ৱাকানকাৰৰ দ্বাৰা কৰা হৈছিল৷ ১৮৮৮ চনত ভাৰতীয় প্রত্নতত্ত্ব ৰেকর্ডে স্থানীয় আদিবাসীৰ তথ্যৰ ভিত্তিত ‘ভীমবেটকা’ক বৌদ্ধ মঠ হিচাপে উল্লেখ কৰিছিল৷
ইয়াৰ গুহাবোৰত এতিয়াও হাজাৰ বছৰ পুৰণি কলা–সংস্কৃতি স্পষ্ট ৰূপত দেখা যায়৷ ২০০৩ চনত ইউনেস্ক’য়ে ইয়াক এক অনন্য সাংস্কৃতিক সম্পত্তি ৰূপে বিশ্ব ঐতিহ্যৰ তালিকাত অন্তর্ভুক্ত কৰে৷ ইয়াত প্রায় ৭০০ প্রস্তৰ ক্ষেত্র আছে আৰু ইয়াৰ ২৪৩ ভীমবেটকা গ্রুপত অন্তর্গত আৰু ১৭৮ লাখা জুৱাৰ গ্রুপত অন্তর্গত আৰু প্রায় ৫০০ প্রস্তৰ ক্ষেত্র চিত্রৰদ্বাৰা সজ্জিত হৈ আছে৷ এই প্রস্তৰ ক্ষেত্রসমূহত অংকিত কৰা চিত্রসমূহৰ পৰা সেই সময়ৰ দৈনন্দিন জীৱনৰ বিভিন্ন ঘটনা–পৰিঘটনাৰ উমান পোৱা যায়৷ এই চিত্রবোৰে হাজাৰ বছৰ পূর্বৰ জীৱন প্রণালী দর্শায়৷ ইয়াত অংকিত চিত্রসমূহত সাধাৰণতে সেই সময়ৰ নৃত্য, সংগীত, জীৱ–জন্তুৰ পিঠিত উঠি কৰা পৰিভ্রমণৰ আভাস পোৱা যায়৷ তদুপৰি বাঘ, সিংহ, হাতী, ঘঁৰিয়ালৰ দৰে অন্যান্য জীৱ–জন্তুবোৰৰ চিত্রও অংকিত কৰা হৈছিল৷ সেই সময়ছোৱাত মানুহে কেৱল চিকাৰৰ ওপৰত অধিক নির্ভৰশীল আছিল আৰু সেইবাবেই হয়তো এই গুহাবোৰত জীৱ–জন্তুৰ চিত্র অধিকসংখ্যক দেখিবলৈ পোৱা যায়৷ ভীমবেটকা প্রস্তৰ ক্ষেত্রৰ বেৰবোৰ ধার্মিক চিহ্ণৰে সজ্জিত হৈ আছে, যিবোৰ পূর্ব ঐতিহাসিক সংস্কৃতিৰ লগত জডিত মানুহৰ মাজত জনপ্রিয় আছিল৷ এইদৰে এই স্থানটি মানৱ বিকাশৰ আৰম্ভণিৰ পটভূমি বুলিও অনুমান কৰিব পাৰি৷ এই চিত্রবোৰৰ পৰা মানৱ সভ্যতাৰ লগত জডিত বহু তথ্যৰ সম্ভেদ পোৱা গৈছে৷ এই চিত্রবোৰত ব্যৱহাৰ কৰা ৰংবোৰ সাধাৰণতে গেৰুৱা, ৰঙা আৰু বগা আৰু কিছু কিছু চিত্রত হালধীয়া আৰু সেউজীয়া ৰং ব্যৱহাৰ কৰা দেখা যায়৷ ভীমবেটকাৰ এই চিত্রবোৰ ভাৰতৰ ইতিহাসৰ লগত জডিত৷ ইতিহাসৰ পাত যদি লুটিয়াই চাওঁ এই চিত্রবোৰ সিন্ধু সভ্যতাতকৈও পুৰণি৷ ভীমবেটকাৰ গুহাবোৰত কাপ আকাৰৰ আন এটি প্রস্তৰ কলা দেখিবলৈ পোৱা যায়৷ এইবোৰক কাপইউলছ কোৱা হয়৷ বৈজ্ঞানিক পৰীক্ষণৰ দ্বাৰা জানিব পৰা গৈছে যে এই কাপইউলছবোৰ প্রস্তৰ যুগৰ আৰম্ভণিৰ পৰা হৈছিল৷ ভাৰতবর্ষৰ বুৰঞ্জীৰ পাত যদি লুটিয়াই চাওঁ এই কাপইউলছবোৰ সিন্ধু সভ্যতাই নহয়, আনকি ভীমবেটকাৰ চিত্রবোৰতকৈও পুৰণি৷ কাপইউলছ অর্থাৎ কাপ আকাৰৰ এই চিত্রবোৰ আনুমানিকভাৱে দুই লাখ বছৰ পুৰণি৷ কিন্তু ইয়াৰ সঠিক সময় বর্তমানেও জানিব পৰা হোৱা নাই৷ ভীমবেটকা কেৱল মধ্যপ্রদেশ বা ভাৰতবর্ষই নহয়, গোটেই বিশ্বৰ বাবে ইতিহাসৰ ভাণ্ডাৰ হয়৷ মানৱ সভ্যতাৰ ইতিহাস সম্পর্কে জানিবলৈ এনে ঐতিহ্যমণ্ডিত ঠাইৰ পৰিভ্রমণ বাৰুকৈয়ে লাভদায়ক৷