নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেলবিহীন ব্যঞ্জন

জ্যোতি দাস

আজিৰ পৰা কেইবছৰমান আগৰ কথা৷ কামৰ লগতে মনৰ তাগিদাত ছয় দিনৰ বাবে ত্রিপুৰালৈ গৈছিলোঁ৷ আগৰতলাত আমাৰ দ্বিতীয় দিন৷ আগদিনা আবেলি সময়ত আগৰতলা গৈ পাইছোঁ৷ ইয়াৰ পৰা টলৌ টলৌকৈ ঘূৰি সন্ধিয়াৰ আগে আগে হোটেলত সোমাইছিলোঁ৷ অত্যন্ত ভাগৰ লাগিছিল৷ গা ধুই চাহ একাপ খাই বিছনাত বাগৰ দিছিলোঁ৷ টোপনিৰ আমেজ এটাই পৰশিবলৈ লওঁতেই দুৱাৰত টোকৰ পৰিল৷ দর্জা খুলি দেখিলোঁ বর্তমান The Tripura Times ৰExecutive Director মানস পাল৷ লগত এ আই জি অৰিন্দম দত্ত৷ আগনিশা আমি একেলগে আমি থকা ৰাজধানী হোটেলৰ ৰেষ্টুৰেণ্টত একেলগে নিশাৰ আহাৰ খাইছিলোঁ৷ দুয়ো খুব বন্ধু৷ মানস পালৰ লগত আমাৰ আগদিনাহে চিনাকি হৈছিল৷ আমাক আনিবলৈ এয়াৰপ’টলৈ আহিছিল৷ পিন্ধনত আছিল ৰঙা ৰঙৰ স্প’র্টিং৷ মোক ফোনত কৈছিল– ‘বাইদেউ, মই ৰঙা ৰঙৰ স্প’র্টিং পিন্ধি আহিম৷ আপোনালোকৰ মোক বিচাৰি উলিয়াবলৈ সহজ হ’ব৷’
কামৰ পৰা ঘৰলৈ ওভতাৰ পথত যদি একেলগ হয়, তেন্তে দুয়ো বজাৰত পাক এটা মাৰে৷ সেইদিনাও মাৰিছিল৷ আগৰতলাৰ বজাৰত সন্ধিয়াৰ সময়ত বিক্রী হয় পর্ক ভার্টা Pork Bharta), চাকৰিয়াল বহুতোৰে দিনটোৰ অৱসাদ যেন গৰম চাহ একাপৰ লগত খোৱা পর্ক ভার্টাই কর্পূৰৰ দৰে আঁতৰায়৷ ২০০৯ চনৰ জুন মাহৰ সেই সন্ধিয়া আগৰতলাৰPopular street foodৰ জুতি লওঁতে মোৰ সেই অনুভৱেই হৈছিল৷ Wagbahan Musdeng Kokborok ভাষাত)Wagbahanৰ অর্থ হৈছে গাহৰি আৰুMusdengৰ অর্থ সানি লোৱা Mix), গাহৰি মাংস খাবলৈ মই ভাল নাপাওঁ৷ কিন্তু মোৰ নিজৰ ৰন্ধা–মেলাৰ আগ্রহৰ বাবেই কেতিয়াবা খোৱাৰ প্রয়োজন হৈ পৰে৷ মানসে খুব আগ্রহেৰে কাগজৰ টোপোলাটো খুলি প্লেট এখনত আগবঢ়াই দিলে৷ চামুচ এখনেৰে অলপ মুখত ল’লোঁ৷ পোৰা কেঁচা জলকীয়া গোন্ধৰ লগতে পিঁয়াজ আৰু আদাৰ সোৱাদে পর্ক ভার্টাৰ সোৱাদ অপূর্ব কৰিছিল৷ তাৰ পিছত আগৰতলাত ইয়াৰ সোৱাদ পাইছিলোঁ এসময়ত শিলচৰ অনাতাঁৰ কেন্দ্রৰ বিখ্যাত নজৰুল গায়ক অসীম দেৱবার্মাৰ ঘৰত৷ উত্তম দেৱ বর্মনৰ ঘৰতো খাইছিলোঁ৷
আজিৰ পৰা দুমাহমাহৰ আগতে ২০১৯ চনৰ ৭ ডিচেম্বৰৰ দিনা গুৱাহাটীত এই ব্যঞ্জনৰ সোৱাদে ত্রিপুৰাত পোৱা প্রথম জুতিৰ কথা মনত পেলাই দিলে৷ টাটাৰ উদ্যোগত তাজ ভিভাণ্টাত আমাৰ উত্তৰ–পূব ভাৰতৰ জনজাতীয় খোৱাৰ প্রচাৰ আৰু প্রসাৰৰ বাবে সৰুকৈ এখন ফুড ফেষ্টিভেল পতা হৈছিল৷ অতিথি হিচাপে তাত আমন্ত্রিত হৈছিলোঁ৷ তাত ত্রিপুৰাৰ পর্ক ভার্টাৰ লগতে ফিছ ভার্টা পৰিৱেশন কৰা হৈছিল৷ অতি সুন্দৰ আছিল তাৰ পৰিৱেশন৷ প্রতি টুকুৰা মাংস ১/২ ইঞ্চিমান বর্গৰ আছিল৷ ধনিয়াৰ সোৱাদে ভার্টা খাবলৈ অতি মনোগ্রাহী কৰিছিল৷ কিন্তু মোৰ প্রথম ত্রিপুৰাত খোৱা পর্ক ভার্টাৰ জুতি আজিও মুখত লাগি আছে৷ যিদৰে মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ মোৰ বাগিচাৰ প্রথমটো ষ্ট্রবেৰীৰ জুতি বা আইতাৰ বাৰীৰ প্রথমটো গোলাপী জামুৰ সোৱাদ৷

ৰঙালাউ আৰু আলুৰ গ’ডক-

উপকৰণঃ ৰঙালাউ ১০০ গ্রাম, আলু ২০০ গ্রাম, কেঁচা জলকীয়া ৪টামান, কেঁচা হালধি ১০ গ্রাম, নিমখ জুতি অনুযায়ী, ধনিয়া জুতি অনুযায়ী৷
প্রণালী ঃ আলুৰ বাকলি আঁতৰাই ধুই ডাঙৰ টুকুৰা কৰিব৷ কেঁচা হালধিৰ বাকলি আঁতৰাই ধুই বটি ল’ব৷ ৰঙালাউৰ বাকলি আঁতৰাই ধুই টুকুৰা কৰিব৷ জলকীয়া ধুই টুকুৰা কৰিব৷ এটা ডাঠ কেৰাহীত পানী ৩৫০ মিলিলিটাৰ গৰম কৰিব৷ উতল আহিলে কেঁচা হালধি বটা মিলাই ভালদৰে লৰাব৷ আলুৰ টুকুৰা কেৰাহীত দিব৷ ঢ়াকনি দিব৷ আলু আধা সিজা হ’লে ৰঙালাউৰ টুকুৰা মিলাব৷ জলকীয়া মিলাই পাচলি সিজিব দিব৷ ঢ়াকোন মাৰিব৷ ৰঙালাউ আৰু আলু সিজিলে পানী শুকাব দিব৷ নিমখ ছটিয়াই গৰমে গৰমে হেতা এখনেৰে পিটিকা কৰিব৷ ঠাণ্ডা হ’লে ধনিয়া মিলাই দাইল, ভাতৰ লগত সোৱাদ লওক৷
জানি থওক– আমি যেনেকৈ বিভিন্ন পাচলিৰ পিটিকা খাওঁ, ত্রিপুৰাতো পৰম্পৰাগতভাৱে বিভিন্ন শাক–পাচলিৰ পিটিকা খায়৷ পিটিকাত তেওঁলোকে আমাৰ দৰে সৰিয়হ তেল নিমিলায়৷ পাচলি চুঙাত পুৰি তেওঁলোকে অতীজৰে পৰা বিভিন্ন শাক–পাচলি গ’ডক খাই আহিছে৷ সুবিধা আৰু সস্তা হয় বাবে বহুতে বর্তমান কেৰাহীত সিজাই বিভিন্ন গ’ডকৰ সোৱাদ লয়৷

তেলবিহীন মাংসৰ জোল-

উপকৰণঃ পঠা মাংস ৫০০ গ্রাম, মাংসৰ চর্বি ৭৫ গ্রাম, কেঁচা হালধি ২০ গ্রাম, পিঁয়াজ ১০০ গ্রাম, আদা ১৫ গ্রাম, নহৰু ১৫ গ্রাম, কেঁচা জলকীয়া ৫–১০টামান, সিজোৱা আলু ৫০ গ্রাম, নিমখ জুতি অনুযায়ী, পানী ৪০০ মিলিলিটাৰমান৷
প্রণালী ঃ মাংসখিনি জোখৰ টুকুৰা কৰি ধুই টানকৈ চেপি ল’ব৷ মাংসৰ চর্বিখিনিও ধুই ল’ব৷ টুকুৰা কৰিব৷ কেঁচা হালধিৰ বাকলি আঁতৰাই ধুই ল’ব৷ পিঁয়াজৰ বাকলি আঁতৰাই ধুই টুকুৰা কৰিব৷ আদাৰ বাকলি আঁতৰাব৷ নহৰুও গুচাব৷ আদা, নহৰু আৰু কেঁচা হালধি মিহিকৈ বটি ল’ব৷ কেঁচা জলকীয়া দুই ভাঙি ল’ব৷ এটা ডাঙৰ চৰিয়াত মাংস আৰু চর্বিখিনি ল’ব৷ আদা, নহৰু আৰু হালধি বটা মিলাই মথি মথি সানিব৷ কেইমিনিটমান সানি পিঁয়াজখিনি মিলাই পুনৰ ভালদৰে সানিব৷ ৩০–৪০ মিনিটমান টানকৈ ঢ়াকোন বন্ধ কৰি থ’ব৷ এটা ডাঠ কেৰাহীত ২০০ মিলিলিটাৰ পানী ঢ়ালিব৷ পানী গৰম হ’লে মাংসখিনি কেৰাহীত দিব৷ নিমখ মিলাব৷ টানকৈ ঢ়াকনি বন্ধ কৰি ১৫ মিনিটমান সিজিব দিব৷ ঢ়াকন খুলি সময়ে সময়ে লৰাব৷ জলকীয়া মিলাব৷ যেতিয়া মাংসৰ পানী শুকাব আৰু মাংসখিনি প্রায় সিজি উঠিব, বাকী থকা পানীখিনি গৰম কৰি কেৰাহীত দিব৷ সিজোৱা আলুখিনি ভাঙি মাংসত মিলাব৷ যেতিয়া মাংস ভালদৰে সিজি উঠি পাগ উঠিব, জুই বন্ধ কৰিব৷ ধুনীয়াকৈ সজাই গৰমে গৰমে মাংসৰ জোলৰ জুতি লওক৷

পর্ক ভার্টা-

উপকৰণঃ গাহৰি মাংস ৩৫০ গ্রাম, কেঁচা জলকীয়া ৬–১০টা, আদা ১০ গ্রাম, নহৰু ২০ গ্রাম, পিঁয়াজ ৭৫ গ্রাম, নিমখ জুতি অনুযায়ী৷
প্রণালী ঃ গাহৰিৰ মাংসখিনি খুব ভালদৰে ধুই ল’ব৷ মাংসৰ পছন্দৰ টুকুৰা কৰিব৷ আদাৰ বাকলি আঁতৰাই ধুই ল’ব৷ কেঁচা জলকীয়া ধুই জুইত সেকি ল’ব৷ নহৰুৰ বাকলি আঁতৰাই ধুই থেতালি ল’ব৷ আদাখিনি মিহিকৈ থেতালি ল’ব৷ জলকীয়াখিনি থেতালি ল’ব৷ পিঁয়াজৰ বাকলি আঁতৰাই ধুই ল’ব৷ পিঁয়াজৰ পাতল আৰু দীঘলকৈ টুকুৰা কৰিব৷ এটা কেৰাহী জুইৰ ওপৰত বহাব৷ জুই মধ্যমীয়াত ৰাখি পানী ঢ়ালিব৷ মাংসৰ টুকুৰা কেৰাহীত দিব৷ পানী মাংসতকৈ দুই আঙুলমান ওপৰত ৰাখিব৷ থেতেলা নহৰু মাংসত মিলাব৷ ১/৩ ভাগ থেতেলা জলকীয়া আৰু নিমখ মিলাব৷ কম জুইত মাংস সিজিবলৈ দিব৷ প্রয়োজনবোধ কৰিলে অলপ গৰম পানী ঢ়ালিব৷ যেতিয়া মাংস সিজিব, মাংসৰ পানী শুকাব দিব৷ পাতলকৈ কটা পিঁয়াজ, বাকী থকা থেতেলা জলকীয়া আৰু থেতেলা আদা মিলাব৷ জুই বন্ধ কৰি ঢ়াকনি বন্ধ কৰিব৷ ৩ মিনিটৰ পিছত ঢ়াকনি খুলি নিমখৰ জুতি চাব৷ পৰিৱেশনত কুটা ধনিয়া অলপ মিলাব পাৰে৷ গৰমে গৰমে পর্ক ভার্টাৰ জুতি লওক৷ পছন্দৰ পৰিৱেশন কৰিব পাৰে৷

You might also like