গৌৰৱময় ভাৰতৰ বর্ণিল ইতিহাস খুঁচৰিলে ন–ন তথ্যই আমাক ৰোমাঞ্চিত কৰে৷ ভাৰতীয় সভ্যতাৰ মূল কাঠামোই হ’ল নদীকেন্দ্রিক৷ সিন্ধু নদীৰ পাৰত গঢ় লৈ উঠা সিন্ধু সভ্যতাৰ বহু পুৰণি সমল ইতিহাস খননৰ জৰিয়তে ভাৰতত পোৱা গৈছে৷ ধর্মীয় সমল ভাৰতীয় সংস্কৃতিৰ মূল দিশ বাবে ইতিহাসৰ বহু দিশেই ধৰি ৰাখিছে উদ্ধাৰকৃত সমলে৷ দেশ বিভাজনে কিছু কিছু সমল উদ্ধাৰত ব্যৱধান আনি দিয়াৰ বিপৰীতে কিছু ইতিহাস ধ্বংস বা পতন হৈছিল বানৰ প্রভাৱ তথা প্রাকৃতিক বিপর্যয়ৰ বাবে৷ তেনে এখন ইতিহাস তথা বুৰঞ্জীপ্রসিদ্ধ ঠাই আছিল ল’থাল৷ এসময়ত ব্যৱসায়–বাণিজ্যৰ কেন্দ্রস্থল হিচাপে পৰিচিতি লাভ কৰা ল’থাল হেৰাই গৈছিল ইতিহাসৰ পাতত৷ কিন্তু সম্প্রতি ই আহিছে চর্চালৈ৷ চৰকাৰী উদ্যোগত পর্তুগীজ আর্হিত নির্মাণ হ’ব লগা এই ল’থালৰ সংৰক্ষণ তথা সংবর্ধনৰ বাবে ভাৰতীয় পুৰণি এক ইতিহাস পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷
নীল নদীৰ আশে–পাশে ইজিপ্তৰ সভ্যতা, ইউফ্রেটিছ আৰু টাইগ্রীছ নদীৰ পাৰত মেছ’পটেমিয়া, চীনৰ হোৱাংহো নৈৰ পাৰত চীনা সভ্যতা গঢ়ি উঠাৰ সময়ছোৱাতে সিন্ধু নদীৰ পাৰত গঢ়ি উঠিছিল সিন্ধু সভ্যতা৷ কিন্তু এইসমূহৰ ভিতৰত সামূহিকভাৱে সিন্ধু সভ্যতাৰ পৰিসৰ বৃহৎ বুলি জনা যায়৷ সিন্ধু সভ্যতাক হৰপ্পা সভ্যতা অথবা ব্রঞ্জৰ যুগৰ সভ্যতা বুলিও কোৱা হয়৷ সিন্ধু সভ্যতা গঢ়ি উঠাৰ মুখ্য স্থলসমূহ সিন্ধু নদী আৰু সিন্ধুৰ উপনৈসমূহৰ কাষতে গঢ়ি উঠাৰ বাবে এই সভ্যতাৰ নাম হৈছিল সিন্ধু সভ্যতা৷ ১৯২১ চনত হৰপ্পা নামৰ ঠাইত সিন্ধু সভ্যতাই স্থিতি লাভ কৰাৰ বাবেই এই সভ্যতাক কোৱা হয় হৰপ্পা সভ্যতা৷ ব্রঞ্জৰ যুগৰ সভ্যতা বুলি কোৱাৰ মুখ্য কাৰণ হৈছে সেই সময়ছোৱাত ধাতুৰ ব্যৱহাৰ হৈছিল, মুখ্যতঃ ক’পাৰ আৰু টিন৷ সিন্ধু সভ্যতা গঢ়ি উঠা মুখ্য স্থানসমূহ আছিল ৰাভী নৈৰ (সিন্ধু নদীৰ উপনৈ) পাৰত হৰপ্পা, সিন্ধুৰ কাষত মহেঞ্জোদাৰো, ল’থাল, কালিবাংগান, চাহনুডাৰু, ধ’লাভিৰা, চুৰক’টাডা৷ কিন্তু দেশ বিভাজন হোৱাৰ পিছতে সিন্ধু সভ্যতা গঢ়ি উঠা একাংশ চহৰ পাকিস্তানৰ অন্তর্ভুক্ত হ’ল৷ বিভাজনৰ পিছত সিন্ধু সভ্যতাৰ মুখ্য স্থানসমূহৰ ভিতৰত ভাৰতবর্ষত থাকিল– ল’থাল (গুজৰাট), কালিবাংগান (ৰাজস্থান), ধ’লাভিৰা (গুজৰাট), চুৰক’টাডা (গুজৰাট)৷
সিন্ধু সভ্যতা গঢ়ি উঠা মুখ্য চহৰসমূহৰ নগৰ উন্নয়ন, কৃষি ব্যৱস্থা, ধর্মীয় ৰীতি–নীতি, ব্যৱসায়ৰ বিশেষ আৰু সুকীয়া বিশেষত্ব আছিল৷ ২৫০০ খ্রীষ্টপূর্বত সিন্ধু সভ্যতাৰ লোকসকলে ভূ–গর্ভৰে পানী নিষ্কাশনৰ বাবে সুন্দৰ নলী–নাদ ব্যৱহাৰ কৰিছিল৷ সিন্ধু সভ্যতাৰ পৰিকল্পিত চহৰসমূহৰ মুখ্য পথসমূহ উত্তৰা–দক্ষিণাকৈ নির্মাণ কৰা হৈছিল৷ উপপথসমূহ পূব–পশ্চিম দিশত নির্মাণ কৰা হৈছিল৷ নগৰসমূহ আপাৰ টাউন আৰু ল’ৱাৰ টাউন নামেৰে দুটা ভাগত ভাগ কৰা হৈছিল৷ আপাৰ টাউন ল’ৱাৰ টাউনতকৈ বেছি উচ্চতাত নির্মাণ কৰা হৈছিল৷ আপাৰ আৰু ল’ৱাৰ টাউন চৌহদত সম্পূর্ণ দেৱালৰ ব্যৱস্থা আছিল৷ ঘৰসমূহ এক বা দুই মহলীয়া হিচাপে নির্মাণ কৰা হৈছিল৷ এই ঘৰসমূহ ৪ঃ২ঃ১ দৈর্ঘ্য, প্রস্থৰ ইটাৰে নির্মিত হৈছিল৷ প্রৱেশদ্বাৰসমূহ মুখ্য পথৰ বিপৰীতে সৰু সৰু উপপথৰ দিশত খোলাৰ ব্যৱস্থা আছিল৷ সেইদৰে কৃষিকার্যত মুখ্যভাৱে উৎপাদন কৰা হৈছিল বার্লি, ঘেঁহু আৰু ধান৷ হৰপ্পা বা সিন্ধু সভ্যতাৰ লোকসকলেই বিশ্বত প্রথমবাৰৰ বাবে কপাহ উৎপাদন কৰিছিল৷ জীৱ–জন্তুৰ ক্ষেত্রত কুকুৰ, ম’হ, ষাঁড়, ভেড়া আৰু ছাগলীৰ উপস্থিতিৰ প্রমাণ পোৱা যায়৷ কিন্তু সিন্ধু সভ্যতাত গৰু আৰু সিংহৰ উপস্থিতিৰ প্রমাণ পোৱা নাযায়৷ সিন্ধু সভ্যতাত কোনো বিশেষ ধর্মৰ বিষয়ে জনা নাযায় যদিও ভগৱানৰ প্রতি বিশ্বাস জড়িত থকাৰ কথা জানিব পৰা গৈছে হৰপ্পা সভ্যতাত উদ্ধাৰ হোৱা এটা ছীলৰ পৰা, য’ত খোদিত আছে পশুপতিৰ আলোকচিত্র৷
ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত সিন্ধু সভ্যতাত ইৰান আৰু আফগানিস্তানৰ পৰা টিন আৰু মূল্যৱান পাথৰ আমদানি কৰা হৈছিল৷ বিনিময় প্রথাও চলিছিল সেই সময়ৰ ব্যৱসায়–বাণিজ্যত৷ এই বিশাল সিন্ধু সভ্যতাৰ এক মুখ্য স্থান ল’থালৰ গুৰুত্বতা সংৰক্ষণ আৰু সংবর্ধনৰ ক্ষেত্রত দেশৰ বর্তমান কেন্দ্রীয় চৰকাৰে লৈছে বিশেষ পদক্ষেপ৷ পুৰণি সিন্ধু সভ্যতাৰ চহৰ ল’থালৰ আৱিষ্কাৰ হৈছিল ১৯৫৪ চনত৷ ল’থালৰ অর্থ হৈছে ‘মৃত চহৰ’৷ এখন পুৰণা চহৰ, যিখন ৪,৪০০ বছৰ পুৰণি সিন্ধু সভ্যতাৰ ব্যৱসায়–বাণিজ্যৰ মুখ্য কেন্দ্র আছিল৷ ল’থাল আছিল মূলতঃ ঋক্বেদিক সভ্যতাৰ পিছৰ সময়ছোৱাৰ লগতLustrous Red wave cultureৰ স্থল য’ত মৃৎ শিল্পৰ এক সুকীয়া পৰিচয় ঘটিছিল৷
ল’থালৰ মুখ্য আকর্ষণ হৈছে এটা বন্দৰ, গুদাম, মণি–মুকুতা তৈয়াৰ কৰা স্থান আৰু কবৰস্থান৷ ১৯৫৭ চনত এছ আৰ ৰাৱে প্রথমবাৰৰ বাবে ল’থালত খনন চলাইছিল৷ আর্কি’লজিকেল ছার্ভে অৱ ইণ্ডিয়াৰ তথ্য মতে, ল’থালত বিশ্বৰ প্রাচীনতম বন্দৰ আছিল৷ খননৰ সময়ছোৱাত সবৰমতী নৈৰ কাষতে জাহাজৰ নির্মাণস্থলী উদ্ধাৰ হৈছিল৷ জাহাজ নির্মাণস্থলীৰ উপৰি ল’থালত উদ্ধাৰ হোৱা ছীলসমূহে পৌৰাণিক সময়ত সাগৰীয় ব্যৱসায়–বাণিজ্যৰ বাবে ল’থাল মুখ্য কেন্দ্র আছিল বুলি প্রমাণ দাঙি ধৰিছে৷ ল’থালত উদ্ধাৰ হোৱা পার্ছিয়ান গ’ল্ফৰ ছীলে উমান দিয়ে সেই সময়ত সাগৰীয় ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত ল’থালৰ অপৰিসীম ভূমিকাৰ কথা৷ সেই সময়ত ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত মেছ’পটেমিয়াৰ সৈতে বিশাল ভাৰতবর্ষৰ প্রত্যক্ষ যোগসূত্র থকাটো প্রমাণিত হৈছে৷ সবৰমতী আৰু ভ’গাৱা নৈৰ মাজৰ এই ল’থালৰ পৰাই সেই সময়ত বিশেষ কিছু কৃষিজাত আৰু সাগৰীয় সামগ্রী ৰপ্তানি কৰা হৈছিল৷ বিশেষকৈ ঘৰুৱা ব্যৱহাৰৰ বাবে প্রয়োজনীয় বিভিন্ন ধাতুৰ সামগ্রীও সেই সময়ত ৰপ্তানি কৰা সামগ্রীৰ ভিতৰত অন্যতম আছিল৷
ল’থালৰ গুৰুত্বৰ বিষয়টো বর্তমান চর্চিত হৈ পৰিছে অলপতে দেশৰ বিত্তমন্ত্রী নির্মলা সীতাৰমণে প্রকাশ কৰা কেন্দ্রীয় বাজেটৰ বাবে৷ কেন্দ্রীয় বাজেটত ৩,১৫০ কোটি টকা ধার্য কৰা হৈছে ল’থালত দেশৰ একমাত্র মেৰিটাইম মিউজিয়াম স্থাপনৰ বাবে৷ ইতিমধ্যে ২০১৯ চনত দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মেৰিটাইম মিউজিয়াম প্রকল্পৰ আধাৰশিলা স্থাপন কৰিছে৷ পর্তুগালৰ ৰাজধানী লিছবনত পর্তুগীজ নৌসেনাৰ ব্যৱস্থাপনাত থকা মিউজিয়ামটোৰ দৰেই ভাৰততো আহমেদাবাদৰ ল’থালত মেৰিটাইম মিউজিয়ামটো নির্মাণ কৰা হ’ব৷ ইতিমধ্যে এই সন্দর্ভত ২০২০ চনৰ ১৪ ফেব্রুৱাৰীত দেশৰ ৰাজধানী দিল্লীত ৰিপাব্লিক অৱ পর্তুগালৰ সহযোগিতাত ভাৰত চৰকাৰৰ দ্বাৰা গুজৰাটৰ আহমেদাবাদৰ ল’থালত নির্মাণ হ’বলগীয়াWorld Class National Maritime Heritage Complexৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হয়৷ জাহাজ মন্ত্রালয়ৰ তত্ত্বাৱধাৱনত নির্মাণ হ’ব লগা মেৰিটাইম মিউজিয়ামৰ প্রজেক্ট ৰূপায়ণৰ ক্ষেত্রত ভাৰতীয় নৌসেনা আৰু পর্তুগীজ সেনা বিশেষভাৱে জড়িত থাকিব বুলি জানিব পৰা গৈছে৷ সিন্ধু সভ্যতাৰ স্থলী ল’থালত গুজৰাটৰ সৌৰাষ্ট্র উপকূলত নির্মাণ হ’বলগীয়া মেৰিটাইম মিউজিয়ামটো সাগৰীয় প্রত্নতত্ত্বৰ এক স্বাধীন গৱেষণা কেন্দ্র হ’ব য’ত নৌকা নির্মাণৰ প্রত্নতাত্ত্বিক কৌশল, সমুদ্রৰ ইতিহাস সম্পর্কীয় তথ্য ইত্যাদি বিষয় সন্নিৱিষ্ট থাকিব৷ এটা সূত্র অনুসৰি ল’থালক এক জনপ্রিয় পর্যটনস্থলী হিচাপে গঢ়ি তোলাৰ বাবে শীঘ্রে সকলো উন্নয়নমূলক কাম হাতত ল’ব চৰকাৰে৷ বিগত বছৰত আধাৰশিলা স্থাপনৰ সময়ত দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উল্লেখ কৰা অনুসৰি ল’থালত নির্মাণ হ’বলগীয়া মেৰিটাইম মিউজিয়ামত প্রদর্শিত হ’ব ভাৰতবর্ষৰ পৌৰাণিক সামুদ্রিক শক্তি আৰু থাকিব অন্যান্য বিশ্বমানৰ সুবিধা৷
সিন্ধু সভ্যতা গঢ়ি উঠা ল’থালত বাস কৰা লোকসকলৰ মানৱ সভ্যতাত নগৰ উন্নয়ন, কলা, স্থাপত্য কলা, বিজ্ঞান, প্রযুক্তিবিদ্যা, মৃৎ শিল্পৰ ক্ষেত্রখনত অভূতপূর্ব অৱদানৰ লগতে তেওঁলোক ধাতু বিদ্যা, মণি–মুকুতাৰ অলংকাৰ নির্মাণত সুনিপুণ আছিল৷ ইউনেস্ক’ৰ ৱর্ল্ড হেৰিটেজ ছাইটৰ তালিকালৈ বাছনি হোৱা ল’থালক গুজৰাটী ভাষাত কোৱা হয় ‘মৃত টিলা’৷ সিন্ধু সভ্যতাৰ মহেঞ্জোদাৰো আৰু হৰপ্পাৰ ক্ষয় হোৱাৰ পিছতো ল’থাল চহৰখন পৰৱর্তী বহু সময়লৈকে বর্তি আছিল৷ কিন্তু জলবায়ু পৰিৱর্তনৰ বাবে বৃহৎ বান, গ্রীষ্ম মণ্ডলীয় ধুমুহাৰ বাবে এটা সময়ত ধ্বংস হৈছিল ল’থাল চহৰ আৰু অন্ত পৰিছিল এটা অভিজাত সভ্যতা আৰু সংস্কৃতিৰ৷ এ এছ আই(Archaeological Survey of India)ৰ তথ্য অনুসৰি ল’থাল আছিল প্রাচীনতম বন্দৰ যিয়ে সিন্ধু হৰপ্পান চহৰ আৰু সৌৰাষ্ট্র উপকূলৰ মধ্যৱর্তী বাণিজ্যিক পথ যিয়ে সবৰমতী নদীৰ এটা প্রাচীন পথৰ লগত সংযোগ কৰিছিল কাট্ছ(Kutch), যি অংশ বর্তমান আৰৱ সাগৰ৷ ল’থাল প্রাচীন সিন্ধু সভ্যতাৰ দক্ষিণৰ চহৰসমূহৰ মাজৰ এখন, যি গুজৰাটৰ আহমেদাবাদ জিলাৰ ধলকা টালুকাৰ সাৰগৱালা গাঁৱত অৱস্থিত আছিল যাক আৱিষ্কাৰ কৰা হৈছিল ১৯৫৪ চনত৷ ১৯৫৫ চনৰ ১৩ ফেব্রুৱাৰীৰ পৰা ১৯৬০ চনৰ ১৬ মে’লৈকে প্রাচীন স্মৃতিসৌধ সংৰক্ষণৰ বাবে ভাৰতীয় চৰকাৰী সংস্থা প্রত্নতাত্ত্বিক সমীক্ষা এ এছ আইৰ দ্বাৰা ল’থালত খনন চলোৱা হৈছিল৷
একাংশ প্রত্নতত্ত্ববিদৰ মতে ল’থাল এখন চহৰ আছিল আৰু যিটো বন্দৰ আছিল বুলি ধাৰণা কৰা হয়, সেইটো মাত্র কৃষিভিত্তিক এটা পুখুৰী আছিল৷ কিন্তু এই বিতর্কিত বিষয়টো মীমাংসা কৰিলে গোৱাৰ নেচনেল ইনষ্টিটিউট অৱ অ’চেন’গ্রাফীৰ বিজ্ঞানীসকলে৷গৱেষণাৰ অন্তত জানিব পৰা গ’ল যে আয়তাকাৰ পুখুৰীসদৃশ স্থানত সমুদ্রৰ মাইক্র’ফছিল আৰু লৱণ, জিপচামৰ উপস্থিতিয়ে প্রমাণ কৰিছিল বন্দৰৰ উপস্থিতি৷ এ এছ আই আৰু অন্যান্য পুৰাতত্ত্ববিদৰ মতে সিন্ধুৰ পৰা গুজৰাটৰ সৌৰাষ্ট্রলৈকে প্রাচীন লোকসকলৰ ব্যৱসায়–বাণিজ্যৰ পথৰ ক্ষেত্রত এটা বৃহৎ নদী ব্যৱস্থাৰ অংশ আছিল ল’থাল৷