নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ কেইখনমান আজব ৰেষ্টুৰেণ্ট

-কংকণ কাশ্যপ

ফিনলেণ্ড ৰেষ্টুৰেণ্টঃ এই ৰেষ্টুৰেণ্টখন সম্পূর্ণ বৰফেৰে নির্মিত৷ ৰেষ্টুৰেণ্টখনৰ সম্পূর্ণ আচবাব, টেবুল–চকী আদি বৰফেৰে নির্মিত৷ আনকি এই ৰেষ্টুৰেণ্টখনৰ বেৰবোৰো বৰফেৰে নির্মিত৷ এই ৰেষ্টুৰেণ্টখনৰ তাপমান বিশেষ ব্যৱস্থাৰে সম্পূর্ণ নিয়ন্ত্রণত ৰখা হয়, যাতে সেইবোৰ গলি নাযায়৷
ইট্থা ৰেষ্টুৰেণ্ট ঃ মালদ্বীপৰ এই ৰেষ্টুৰেণ্টখন সাগৰতলিত নির্মিত৷ অত্যাধুনিক কাৰিকৰী পদ্ধতিৰে এই ৰেষ্টুৰেণ্টখন ২০০৫ চনৰ এপ্রিলত সাগৰতলিত নির্মাণ কৰা হয়৷ এই ৰেষ্টুৰেণ্টখন অৱশ্যে তুলনামূলকভাৱে সৰু৷ ইয়াত মাত্র ১৪জন মানুহে একেলগে এবাৰত খাদ্য গ্রহণ কৰিব পাৰে৷

মাংকী ৰেষ্টুৰেণ্টঃ এই ৰেষ্টুৰেণ্টখন জাপানত অৱস্থিত৷ বিশ্বৰ প্রায়বোৰ ৰেষ্টুৰেণ্টতে মানুহে গ্রাহকক খাদ্য যোগান ধৰাৰ পৰিৱর্তে এই ৰেষ্টুৰেণ্টখনত বান্দৰে গ্রাহকক খাদ্য যোগান ধৰে৷ ইয়াৰ বাবে বান্দৰবোৰক বিশেষভাৱে প্রশিক্ষণ দিয়া হয়৷ অৱশ্যে ইয়াৰ খাদ্য বনোৱা আৰু অন্যান্য কামবোৰ মানুহেই কৰে৷ মাত্র বান্দৰে খাদ্যখিনি গ্রাহকৰ টেবুলত যোগান ধৰে৷

ডিনাৰ ইন দ্য স্কাইঃ মেক্সিকোৰ এই ৰেষ্টুৰেণ্টখন বিশ্বৰ এখন অন্যতম আজব ৰেষ্টুৰেণ্ট৷ এই ৰেষ্টুৰেণ্টখন ভূ–পৃষ্ঠৰ পৰা ১৫০ ফুট ওপৰত বিশেষ কাৰিকৰী পদ্ধতিৰে নির্মাণ কৰা হৈছে৷ অৱশ্যে এই ৰেষ্টুৰেণ্টখনত খাদ্য গ্রহণ কৰা সকলোৰে পক্ষে সম্ভৱ নহয়৷ কিয়নো শূন্যত ওলমি থকা এই ৰেষ্টুৰেণ্টখনত টেবুল–চকীত বহি সকলোৱে খাদ্য গ্রহণ কৰিব নোৱাৰে৷

কেনিবেলিষ্টিক ৰেষ্টুৰেণ্টঃ জাপানৰ এই আজব ৰেষ্টুৰেণ্টখনত মানৱ দেহৰ আর্হিত খাদ্য প্রস্তুত কৰি গ্রাহকক যোগান ধৰা হয়৷ খাদ্যবস্তুৰ নিজস্ব আকৃতিৰ সলনি মানৱ দেহৰ আর্হিত খাদ্যবস্তু প্রস্তুত কৰি গ্রাহকক যোগান ধৰা হয়৷ গ্রাহকে মানৱ দেহ আকৃতিৰ খাদ্যবস্তুৰ যিকোনো অংশ কাটি খাব পাৰে৷ ইয়াতকৈ ডাঙৰ কথাটো হ’ল মানৱ শৰীৰৰ আর্হিৰ এই খাদ্যবস্তু কাটিলে তেজৰ নিচিনা এবিধ তৰল পদার্থ নির্গত হয়৷ যিবোৰ খোৱাৰ উপযোগী৷

নেক্ড ৰেষ্টুৰেণ্টঃ এই ৰেষ্টুৰেণ্টখন নিউয়র্কত অৱস্থিত৷ এই ৰেষ্টুৰেণ্টখনত খাদ্য গ্রহণ কৰিবলৈ যোৱা সকলো গ্রাহকে নগ্ন হৈ প্রৱেশ কৰিব লাগে৷ অৱশ্যে ইচ্ছা কৰিলে গ্রাহকে দেহৰ কিছুমান অংগ ঢ়াকি ল’ব পাৰে৷

লি’ টাইমৰী ৰেষ্টুৰেণ্টঃ জাপানৰ এই ৰেষ্টুৰেণ্টখনত ডাইনিং টেবুলত গ্রাহকক খাদ্য যোগান ধৰাৰ পৰিৱর্তে এগৰাকী নগ্ন মহিলাৰ দেহৰ ওপৰত খাদ্য যোগান ধৰা হয়৷ এনে অৱস্থাত গ্রাহকে মহিলাগৰাকীক কোনো ধৰণৰ অশ্লীল বা বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব৷ এনে কৰিলে জৰিমনা ভৰিব লাগিব৷

You might also like