গ্রীক শব্দ ‘মুচ্চ্’ আৰু ‘ফ’বছ’ লগ হৈ গঠন হৈছে ‘মাইচ’ফ’বিয়া’ শব্দ৷ মুচ্চ মানে অপৰিষ্কাৰ আৰু ফ’বছ মানে ভয়৷ জীবাণু আতংকত ভুগি স্বচ্ছতা সন্দর্ভত অতি সচেতন হোৱা একপ্রকাৰ বিকাৰযুক্ত অস্বাভাৱিক অৱস্থা হৈছে মাইচ’ফ’বিয়া৷ ধূলি–মাকতি, বীজাণু, লেতেৰা পৰিৱেশ আদি সম্পর্কত সচেতন হোৱাটো এটি স্বাস্থ্যসন্মত কথা৷ কিন্তু অনবৰত জীবাণু বিষয়ত আতংকিত হৈ থকা, ঘনে ঘনে হাত–ভৰি ধুই থকা, জীবাণুনাশক পানীত হাত জুবুৰিয়াই ৰাখিব বিচৰা, মানুহক স্পর্শ কৰিলেই জীবাণু বিয়পিব বুলি ভাবি সাৱধান হৈ থকা, বিশেষ কাৰণত মানুহৰ সৈতে কৰমর্দন কৰিবলগীয়া হ’লে চাবোনেৰে কেইবাবাৰো হাত ধোৱা আদি আচৰণসমূহ কেতিয়াও স্বাভাৱিক আচৰণ হ’ব নোৱাৰে৷ আশ্চর্যজনক কথা এয়ে যে ৰোগীজনে গম নাপায় যে তেওঁ মাইচ’ফ’বিয়াত ভুগি আছে৷ তেওঁলোকে ভাবে যে এয়া সু–স্বাস্থ্যৰ বিজ্ঞানসন্মত সাধাৰণ আচৰণ৷ ইয়াত অস্বাভাৱিক একো নাই৷ কিন্তু আচলতে এয়া হৈছে বিকাৰযুক্ত এক অস্বাভাৱিক অৱস্থা৷ চিকিৎসকৰ ওচৰ চাপি সঠিক ব্যৱস্থা গ্রহণ কৰিলে এই সমস্যা দূৰ হোৱাটো সম্ভৱ৷ সঘনাই এজমা ৰোগত আক্রান্ত ব্যক্তিসকল এই ফ’বিয়াত আক্রান্ত হোৱাৰ আশংকা বেছি৷ জেনেটিক কাৰণত, অতীতত লেতেৰা পৰিৱেশৰ বাবে হোৱা যন্ত্রণাদায়ক অনুভূতি, জীবাণুৰ পৰা হোৱা বিভিন্ন সমস্যা সম্পর্কত দূৰদর্শনত দেখুওৱা বিজ্ঞাপনৰ গভীৰ ৰেখাপাত, বাল্যকালত সংচাৰী ৰোগৰ কষ্টদায়ক অভিজ্ঞতা, দীর্ঘদিনীয়া ডিপ্রেছন আদি বিভিন্ন কাৰণত ব্যক্তি ‘মাইচ’ফ’বিয়া’ত আক্রান্ত হ’ব পাৰে৷ এই ৰোগত ভোগা ব্যক্তিয়ে চুমা খোৱাটো ডাঙৰ ৰিস্ক বুলি ভাবে৷ কিছুমান ৰোগীয়ে পকেটত হেণ্ডৱাছ লৈ ঘূৰি ফুৰে৷
মাইচ’ফ’বিয়াত ভোগা ব্যক্তিৰ বিভিন্ন লক্ষণ–
– বাৰে বাৰে হাত–ভৰি ধোৱাৰ প্রৱণতা৷
– ধূলি–মাকতি দেখিলে অতি অস্বস্তিত ভোগা৷
– শোৱনিকোঠা বাৰে বাৰে চাফা কৰি থকাৰ অভ্যাস৷ খোৱা বাচন–বর্তন কেইবাবাৰো ঘঁহি ঘঁহি ধোৱাৰ অভ্যাস৷
– দেহলৈ জীবাণু বিয়পিব বুলি মানুহৰ সমাগম বেছি হোৱা ঠাইলৈ মুঠেই যাবলৈ ইচ্ছা প্রকাশ নকৰা৷
– কৰমর্দন, আলিংগন আদিৰ নামত আতংকিত হোৱা৷
– ৰাস্তাৰে গৈ থাকিলে নাকত ৰুমাল লোৱাৰ অভ্যাস৷
– আন ব্যক্তিৰ সৈতে ৰুম শ্বেয়াৰ কৰাৰ ক্ষেত্রত তীব্র অসন্তুষ্টি প্রকাশ৷
– সঘনাই নাক কোঁচাই থকা আদি৷
উপযুক্ত চিকিৎসাৰ দ্বাৰা এই বিকাৰ দূৰ হোৱাটো সম্পূর্ণ সম্ভৱ৷
Prev Post
Next Post
You might also like