নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানসিক ৰোগীৰ প্রতি সমাজৰ দায়বদ্ধতা

এণ্টিডট 

গীতিমালিকা নেওগ 

 

ল’ৰালিৰ কিছুমান স্মৃতিয়ে মনটো এতিয়াও বিষাদগ্রস্ত কৰি তোলে৷ সেই সময়ত সমস্যাবোৰ সমাধান কৰিবলৈ বিচাৰিছিলোঁ যদিও কণমানি মনটোৱে তাৰ একো উৱাদিহ পোৱা নাছিল৷ কিন্তু আজি তেনে এটা সমস্যা দেখিলে তাৰ কাৰণ ভালদৰে বুজি উঠোঁ৷
আমাৰ ঘৰৰ কাষতে এজন আদবয়সীয়া মানুহ আছিল৷ তেজ–মঙহৰ সম্পর্ক নথকা সত্ত্বেও আমি তেওঁক বৰদেউতা বুলি সম্বোধন কৰিছিলোঁ৷ তেওঁ আমাকবৰ মৰম কৰিছিল৷ গৰমৰ দিনত আমাক স্কুললৈ নিবলৈ সৰু সৰু পাতল বাঁহৰ বিচনী সাজি দিছিল৷ বিচনীখনৰ দুয়োফালে নিজৰ নামটো লিখি সেইখন আটোমটোকাৰিকৈ স্কুলৰ বেগত ভৰাই লৈ গৈছিলোঁ৷ সেই বৰদেউতাজনে পত্নীৰ অকাল বিয়োগত তেওঁৰ দুগৰাকী কন্যাকতুলি–তালি ডাঙৰ–দীঘল কৰিছিল৷ সামান্য খেতি কৰি, পাচি–খৰাহি সাজি, তাৰ উপার্জনেৰে তিনিজনীয়া পৰিয়ালটো আটোমটোকাৰিকৈ চলিছিল৷ বৰদেউতাই ছোৱালী দুজনীক বৰ মৰম কৰিছিল৷ আনকি ৰন্ধা–বঢ়া, ঘৰ সৰাৰ দৰে ঘৰুৱা কামবোৰ আনন্দেৰে কৰিছিল৷ কথা–বতৰাত অতি ভদ্র বৰদেউতাই সন্ধিয়া হোৱাৰ লগে লগে এটা বেলেগ ৰূপ ধাৰণ কৰিছিল৷ সামান্য উজুহাততে তেওঁ মানুহক গালি পাৰিছিল৷ প্রথমে ঘৰটোৰ ভিতৰত ঘূৰি–পকি গালি পাৰিছিল৷ লাহে লাহে তেওঁৰ গালিৰ প্রকোপ বাঢ়ি গৈছিল৷ কেতিয়াবা চোতালৰ সোঁমাজত থিয় হৈ অথবা বাৰীৰ ঢ়াপতউঠি গালি পাৰিছিল৷ বৰদেউতাৰ এই গালিৰ কাৰণ এটা অজুহাতহে আছিল৷ কেতিয়াবা বাৰীৰ জপনা ঠেলি সোমোৱা গৰুৰ গৃহস্থকো গালি পাৰিছিল৷ অথবা সন্মুখৰ ৰাস্তাৰে জোৰত চাইকেল চলাই যোৱা ল’ৰা এজনো গালিৰ কাৰণ আছিল৷ তেওঁৰ সেই সন্ধিয়া গালি এটা নিত্য–নৈমিত্তিক ঘটনাত পৰিণত হৈছিল৷ আনকি আমাৰ ঘৰলৈ অহা আলহীয়ে সুধিছিল– ‘তহঁতৰ ঘৰৰ কাষৰ গালি পৰা মানুহজনৰ কি খবৰ?’ আচৰিত কথা যে প্রতিদিনে প্রায় এঘণ্টাকৈ গালি পৰা বৰদেউতাৰ গালিৰ কাৰণ কিন্তু কোনোদিন তেওঁৰ ছোৱালী দুজনী নাছিল৷
আমাৰ গাঁওখন ম’হবন্ধা বাগানৰ লগতে লাগি আছিল৷ বাগানৰ এটা ডেকা ল’ৰা প্রায়ে আমাৰ গাঁৱত মাগিবলৈ আহিছিল৷ সি মানুহৰ ঘৰত সোমায়ে এখন হাতেৰে এখন কাণ ঢ়াকি ধৰি মূৰটো সামান্য বেঁকা কৰি চিঞৰি চিঞৰি গান গাইছিল৷
কিয়া হুৱা তেৰা ৱাদা
অ’ কচম ভলে জাদা…
কেতিয়াবা ভৰ দুপৰীয়া আহিও সি চোতালত প্রখৰ ৰ’দত থিয় হৈ এইদৰে পুৰণা হিন্দী গান গাইছিল৷ শুদ্ধ সুৰত গোৱা প্রতিটো গানত সি বেছিকৈ চিঞৰিছিল বাবে কোনোটো গানেই সম্পূর্ণকৈ গাব নোৱাৰিছিল৷
তেনেদৰে কেইবাটাও বিচিত্র চৰিত্রৰ মানুহে ল’ৰালিৰ স্মৃতিত অগা–দেৱা কৰে৷ তেওঁলোকৰ সেই আচৰণৰ কাৰণ বুজি পোৱা নাছিলোঁ৷ কেৱল জ্যেষ্ঠজনৰ মুখত শুনিছিলোঁ যে ই একপ্রকাৰৰ উন্মাদনা বা বলিয়ালি৷ বোধকৰো তেতিয়া তেওঁলোকেও জনা নাছিল যে সেই উন্মাদনাৰ চিকিৎসা আছে৷
চিকিৎসা বিজ্ঞানত প্রায়ভাগ ৰোগৰে কাৰণ কি বুলিলে যিদৰে এটা স্পষ্ট উত্তৰ দিয়া দেখা যায়, কিন্তু তাৰ পৰিৱর্তে মানসিক ৰোগৰ কাৰণ ব্যাখ্যা কৰা সহজ নহয়৷ ইয়াৰ মূলতেই হ’ল যে মানসিক ৰোগ বিষয়টোৱে অনেক সমস্যা সাঙুৰি লয়৷ হতাশা, বিষাদগ্রস্ততা, স্মৃতি বিভ্রম, মানসিক আঘাত বা দুর্যোগ, পৰিৱেশ–পৰিস্থিতিৰ লগত খাপ খাব নোৱাৰা অৱস্থা, নিচাযুক্ত দ্রব্যৰ ব্যৱহাৰ, শিশুৰ শিক্ষণ সমস্যা আদি অলেখ কাৰণ ইয়াৰ কাৰক হ’ব পাৰে৷ কিন্তু এটা কথা নিশ্চিত যে মানসিক ৰোগৰ লগত মনৰ ওতপ্রোত সম্পর্ক আছে৷ বৈজ্ঞানিক দৃষ্টিভংগীত মানুহৰ মন শৰীৰৰ অংগ নহয় যদিও মনে শৰীৰৰ ওপৰত আৰু শৰীৰে মনৰ ওপৰত অহৰহ প্রভাৱ পেলায়৷ মানুহৰ মনে জীৱনৰ অভিজ্ঞতা উপলব্ধি কৰিব পাৰে আৰু সকলো স্মৃতি হিচাপে ধৰি ৰাখিব পাৰে৷ ফলত পৰিস্থিতি সাপেক্ষে ক্রিয়াও কৰিব পাৰে৷
চিকিৎসা বিজ্ঞানত মানসিক ৰোগক দুভাগত ভাগ কৰিছে৷ গুৰুতৰ মানসিক ৰোগ আৰু লঘু মানসিক ৰোগ৷ প্রথমে আচৰণৰ ওপৰত ভিত্তি কৰি মানসিক ৰোগ চিনাক্ত কৰা হয়৷ এজন মানুহক তেতিয়াই অস্বাভাৱিক আচৰণ কৰা বুলি কোৱা হয়, যেতিয়া মানুহজনৰ কাম আৰু কথাৰ মাজত সংগতি নাথাকে অথবা তেওঁৰ আচৰণে চৌকাষৰ পৰিৱেশ, সমাজত প্রভাৱ পেলায়৷ কিন্তু তৎসত্ত্বেও চিকিৎসা শাস্ত্রত স্বাভাৱিক আচৰণ আৰু অস্বাভাৱিক আচৰণৰ মাজত পার্থক্যৰ ৰেখাডাল স্পষ্ট নহয়৷ মানসিক ৰোগীৰ চিন্তাৰ বিভ্রান্তি ঘটে৷ কেতিয়াবা কোনো কথা ৰোগীৰ মনত এনেভাৱে সোমাই পৰে যে যুক্তি বা প্রমাণ সহকাৰে ইয়াক খণ্ডন কৰিব পৰা নাযায়৷
এখন সুস্থ সমাজ গঢ়ি উঠিবলৈ সমাজৰ প্রতিজন ব্যক্তিৰে মানসিক স্বাস্থ্য সুস্থ হোৱা প্রয়োজন৷ আনহাতে সমাজত প্রতিনিয়ত সংঘটিত ঘটনাৱলীয়ে এই কথা প্রমাণ কৰে যে সমাজৰ এচাম মানুহৰ মানসিক স্বাস্থ্য সুস্থ নহয়৷ প্রাণীজগতত কেৱল মানুহৰে জ্ঞান, বুদ্ধি আৰু বিবেক থকা কথা প্রমাণ হোৱা সত্ত্বেও সম্প্রতি মানুহেই বিবেচনাহীন কাণ্ডত জডিত হৈ পৰিছে৷ মানুহৰ সমস্যা বিশ্লেষণ কৰিব পৰা ক্ষমতা আছে, অর্থাৎ সমস্যা সমাধানো কৰিব পাৰে৷ সৃষ্টিমূলক ধ্যান–ধাৰণা আৱিষ্কাৰ কৰিব পাৰে, চৌকাষৰ পৰিৱেশ অধ্যয়ন কৰিব পাৰে, নিজৰ ইচ্ছা–নিচ্ছাক নিয়ন্ত্রণ কৰিব পাৰে, ভাল–বেয়া বিবেচনা কৰিব পাৰে, আৱেগ–নুভূতি দমন কৰিব পাৰে, ইন্দ্রিয়ানুভূতি নিয়ন্ত্রণ কৰিব পাৰে৷ মুঠৰ ওপৰত এজন সুস্থ মানুহে নিজৰ মস্তিষ্কক সুস্থভাৱে পৰিচালনা কৰিব পাৰে৷ কিন্তু প্রতিদিনে ঠায়ে ঠায়ে ঘটি থকা বিক্ষিপ্ত ঘটনাই আমাক সকীয়াই আছে যে নিজৰ মনৰ ওপৰত নিয়ন্ত্রণ নোহোৱা অবিবেচক মানুহৰ সংখ্যা সমাজত বাঢ়িছে৷
এয়া অসমৰ বা ভাৰতৰ প্রতিচ্ছবি নহয়৷ ই সমগ্র বিশ্বতে সংঘটিত হৈছে৷ সমাজ বিজ্ঞানীসকলে এই সমস্যাৰ ওপৰত নিৰন্তৰ গৱেষণা চলাই আছে৷ তেওঁলোকৰ ব্যাখ্যাত বিভিন্ন কাৰণৰ মাজত ঠাই পাইছে ষ্ট্রেছে৷ সমাজ দ্রুতগতিত পৰিৱর্তন হৈছে৷ যাৰ প্রভাৱ পৰিছে মানুহৰ জীৱনশৈলীত৷ মূল্যবোধৰ সলনি হৈছে৷ দিনটোৰ ২৪ ঘণ্টাৰ সময় সলনি হোৱা নাই যদিও ২৪ ঘণ্টাত সম্পন্ন কৰিবলগীয়া কামৰ মাত্রা সলনি হৈছে৷ সময়ৰ বাবে খাদ্যাভ্যাস সলনি হৈছে৷ আনকি মানুহৰ শুবলৈও, অর্থাৎ জিৰণিৰ মাত্রা কমি আহিছে৷ প্রতিযোগিতাই সর্বত্র গ্রাস কৰিছে৷ প্রতিযোগিতাত সদায় এচাম লোকহে কৃতকার্য হয়৷ বিফল হোৱা চামৰ মাজত ক্ষোভ, হতাশা বৃদ্ধি পাইছে৷ সেইসকলৰ মুষ্টিমেয় কেইজনমান নিজৰ নিয়ন্ত্রণৰ বাহিৰত ওলাই যোৱাৰ দিশটোও সমাজ বিজ্ঞানীসকলে নুই কৰা নাই৷ আনহাতে কর্মব্যস্ততাই মানুহক আত্মকেন্দ্রিক কৰি তুলিছে৷ ফলত নিঃসংগতাবোধ বা নিৰাপত্তাহীনতাত ভোগাটো সাধাৰণ কথা হৈ পৰিছে৷
যিহেতু এইটো সামাজিক সমস্যা, সেয়ে সমাধানৰ উৎসও সমাজতে নিহিত হৈ আছে৷ আমাৰ সমাজত মানসিক ৰোগীক সহানুভূতিৰ দৃষ্টিৰে চোৱা নহয়৷ কোনোজনে সহানুভূতি দেখুৱালেও লগৰ এজনে অৱজ্ঞা কৰে৷ প্রকৃততে সমাজৰ যিকোনো স্তৰত এজন মানুহ মানসিক ৰোগৰ চিকাৰ হ’ব পাৰে৷ সকলোবোৰ মানসিক অসুস্থতাৰ কাৰণ ব্যক্তিগত নহ’বও পাৰে৷ সমাজৰ এজন ব্যক্তিৰ মানসিকতাৰ বিসংগতিয়ে প্রত্যক্ষভাৱে এটা পৰিয়ালৰ ক্ষতি কৰে যদিও পৰোক্ষভাৱে বহুকেইটা পৰিয়াল জডিত হৈ থাকে৷ সেয়ে মানসিক বিকাৰৰ উমান পালেই চিকিৎসকৰ পৰামর্শ গ্রহণ কৰিব লাগে৷
বর্তমান মানসিক ৰোগৰ চিকিৎসা যথেষ্ট উন্নত হৈছে৷ এটা সময় আছিল যেতিয়া মানসিক ৰোগটো দমন কৰিহে মাত্র ৰোগীৰ চিকিৎসা কৰা হৈছিল৷ অর্থাৎ ৰোগীজন ঘৰৰ ভিতৰত সোমাই থাকিবলৈ বাধ্য হৈছিল৷ কিন্তু আধুনিক চিকিৎসাত ৰোগীজনক বাস্তৱ জীৱনৰ লগত মুখামুখি হ’বলৈ শিকোৱা হয়৷ এতিয়াৰ চিকিৎসাত চেষ্টা কৰা হয় ৰোগীক স্বাভাৱিক জীৱন প্রদান কৰিবলৈ৷ মানসিক অসুস্থতাৰ সঠিক চিকিৎসা নকৰিলে ব্যক্তিগত আৰু সামাজিক উভয় ক্ষেত্রতে বিৰূপ প্রভাৱ পৰে৷ সমাজৰ প্রতিজন মানুহৰে দায়িত্ব মানসিক ৰোগীৰ প্রতি সহানুভূতিশীল হোৱা উচিত৷
আটাইতকৈ গুৰুত্বপূর্ণ কথা হ’ল যে মানসিক ৰোগীসকল সমাজৰে এজন৷ কোনো এটা পৰিয়ালত এজন ব্যক্তিৰ আচৰণত অসুস্থতাই দেখা দিলে পৰিয়ালৰ লোকসকলে, আত্মীয়–স্বজনে অথবা বন্ধুসকলে সেই কথা লোকচক্ষুৰ পৰা গোপন কৰিবলৈ চেষ্টা নকৰি যিমান সোনকালে সম্ভৱ মানসিক ৰোগৰ চিকিৎসকৰ পৰামর্শ ল’ব লাগে৷ মানসিক ৰোগৰ বিজ্ঞানসন্মত চিকিৎসা আছে৷ প্রধানতঃ দৰবৰ দ্বাৰা কৰা চিকিৎসাইহে মানসিক ৰোগৰ লক্ষণসমূহ হ্রাস হোৱাত সহায় কৰে৷ চিকিৎসকৰ নির্দেশত দিহা–পৰামর্শ দিও মানসিক ৰোগীক সুস্থ কৰি তোলা হয়৷ আনহাতে কেতিয়াবা আকৌ ঔষধ আৰু পৰামর্শ দুয়োটাৰে প্রয়োজন হয়৷ কেৱল সকলোৱে মনত ৰখা উচিত যে আন সৰু–বৰ ৰোগৰ দৰে মানসিক অসুস্থতাও একধৰণৰ ৰোগহে৷ ৰোগীক যিমান দূৰ সম্ভৱ তেওঁলোকে বিচৰা ধৰণে পৰিৱেশ দিবলৈ চেষ্টা কৰিব লাগে৷ সকলোৱে লক্ষ্য ৰাখিব লাগে যাতে ৰোগী স্বাভাৱিক জীৱনলৈ ঘূৰি আহে৷ অন্যথা মানসিক ৰোগীসকলে সামাজিক জীৱনত অশান্তিৰ সৃষ্টি কৰিব৷ ফলত দেশৰ মানৱ সম্পদৰো অপচয় হয়৷
মানসিকভাৱে বাধাগ্রস্ত শিশুসকলৰ প্রতি কেৱল পিতৃ–মাতৃয়েই দায়বদ্ধ হ’লে নহ’ব, চৌকাষৰ সমাজখনো সেই শিশুটিৰ প্রতি সহানুভূতিশীল হোৱা উচিত৷ শিশুৰ মানসিক বাধাগ্রস্ত হৈছে স্বাভাৱিক জ্ঞানৰ তলৰ এটা অৱস্থা৷ অর্থাৎ শিশুৰ মগজুৰ পূর্ণ বিকাশ নোহোৱা এটা অৱস্থা, ১০ বছৰীয়া ল’ৰা এটিৰ মানসিক অৱস্থা ৫ বছৰীয়া ল’ৰা এটিৰ নিচিনাও হ’ব পাৰে, শিশুৰ ক্ষেত্রত মানসিক বাধাগ্রস্ততা নির্মূল কৰিবলৈ প্রশিক্ষণ দিয়া হয়৷ সেইটো কেৱল চিকিৎসকৰ দ্বাৰাহে সম্ভৱ৷ সাধাৰণতে এজন ব্যক্তিৰ শাৰীৰিক সুস্থতাত যিদৰে গুৰুত্ব দিয়া হয়, তাৰ বিপৰীতে মানসিক সুস্থতাৰ ওপৰত গুৰুত্ব দিয়া নহয়৷ সমাজৰ মানসিক স্বাস্থ্য সুস্থ হ’লেহে দেশ দোপতদোপে আগবাঢ়ি যাব পাৰিব৷

You might also like