নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আপোনাৰো ফ’বিয়া আছে নেকি?

মৃদুপৱন বৰগোহাঁই

সাধাৰণতে মানুহে তেওঁলোকৰ গোটেই জীৱনকালত কেৱল শাৰীৰিক আঘাততে ক্ষান্ত নাথাকে, জীৱনৰ কোনো কোনো এক মুহূর্তত নাইবা পৰিস্থিতিত কোনোৱে নহয় কোনোৱে হয়তো মানসিক আঘাতৰো সন্মুখীন হ’বলগীয়া হয়৷ হঠাতে ঘটা এনে কিছুমান ঘটনা বা পৰিস্থিতিয়ে মানুহৰ জীৱনত এনেকুৱা কিছুমান প্রভাৱ বিস্তাৰ কৰে, যাৰ ফলত আমি কেতিয়াবা মানসিকভাৱে ভাৰাক্রান্ত হৈ পৰোঁ৷ আমি হয়তো কেতিয়াবা এনে পৰিস্থিতিৰ খুব সহজেই সন্মুখীন হওঁ আৰু জয়লাভ কৰোঁ৷ উদাহৰণস্বৰূপে আমি হাঁহো নাইবা কান্দো, আমাৰ খং উঠে নতুবা বেছিভাগ ক্ষেত্রতে আমি পাহৰি যাওঁ৷ কিন্তু যেতিয়া আমাৰ এই মানসিক সমস্যাবিলাক অতি গুৰুতৰ হয় আৰু এইবিলাকক প্রতিৰোধ কৰিবলৈ আমি অক্ষম হওঁ, তেতিয়া আমাৰ মনত কিছুমান সমস্যাৰ সৃষ্টি হয়৷ এই সমস্যাবিলাকৰ বিৰুদ্ধে যুঁজ দিবলৈ সৃষ্টি হোৱা এনে লক্ষণ বা প্রতিকাৰসমূহেই হৈছে ফ’বিক ৰিয়েকচন৷ সাধাৰণতে মানুহে গোটেই জীৱনকালত যিবিলাক মানসিক আঘাত বা সমস্যাৰ সন্মুখীন হয়, সেইবিলাক হৈছে কোনো এক নির্দিষ্ট বিষয় নাইবা পৰিস্থিতিৰ লগত পৰস্পৰ নির্ভৰশীল৷ ফ’বিয়াৰ সাধাৰণ লক্ষণসমূহৰ ভিতৰত যদি আমি চাওঁ, তেন্তে দেখা পাওঁ পালপিটেচন (দ্রুতগতিত হূদস্পন্দন), বমি, মূৰৰ বিষ, ডায়েৰীয়া, অনিদ্রা, পেটৰ ৰোগ, সঘনাই প্রস্রাৱ, হঠাতে মূর্ছা যোৱা, অসুৰক্ষিত বুলি নিজকে ভবা ইত্যাদি৷ ইয়াৰে কিছুমান ফ’বিয়া ইমানেই নগণ্য যে সেইবিলাকক প্রকৃত মানসিক ৰোগ বুলি গণ্য কৰিব নোৱাৰি৷ আনহাতে, যিবিলাক ফ’বিয়া অতি গুৰুতৰ, সেইবিলাকে মানুহৰ দৈনন্দিন জীৱনশৈলীত বাৰুকৈয়ে প্রভাৱ বিস্তাৰ কৰে৷ মনোবিজ্ঞানীসকলে ফ’বিয়াক তিনিটা ভাগত ভাগ কৰিছে৷
১৷ সুক্ষম ফ’বিয়া
২৷ এগৰা ফ’বিয়া আৰু
৩৷ সামাজিক ফ’বিয়া৷
সুক্ষম ফ’বিয়া হৈছে কোনো এক নির্দিষ্ট বস্তু বা পৰিস্থিতিলৈ ভয় কৰা, যেনে– জীৱ–জন্তুক লৈ ভয় কৰা, সাপলৈ ভয় কৰা, মেকুৰীলৈ ভয় কৰা, উচ্চতালৈ ভয় কৰা, বন্ধ কোঠালৈ ভয় কৰা, পানীলৈ ভয় কৰা ইত্যাদি৷ এই সুক্ষম ফ’বিয়াসমূহ সাধাৰণতে সৰু সৰু ল’ৰা–ছোৱালী আৰু বিশেষকৈ মহিলাসকলৰ ক্ষেত্রত বেছিকৈ দেখা যায়৷ অৱশ্যে প্রাপ্তবয়স্কসকলৰ্ ক্ষেত্রতো এনে লক্ষণ দেখা দিয়ে৷
আনহাতে, এগৰা ফ’বিয়া হৈছে য’ত ৰোগীয়ে জনসমাগম, বজাৰ, ষ্টেচন, ৰাজহুৱা অনুষ্ঠান–প্রতিষ্ঠান, সামাজিক ঠাই আদিলৈ ভয় কৰে৷ ৰোগীয়ে এনেবোৰ পৰিস্থিতিত নিজকে খুব অকলশৰীয়া আৰু অসুৰক্ষিত অনুভৱ কৰে আৰু পৰাপক্ষত এনে লোকে জনসমাগম, বজাৰ, ষ্টেচন, ৰাজহুৱা অনুষ্ঠান–প্রতিষ্ঠান, সামাজিক ঠাই আদি প্রত্যাহাৰ কৰে৷ সামাজিক ফ’বিয়া হৈছে সমাজৰ আগত নিজকে মূর্খ, অজ্ঞানী বা অলাগতিয়াল বুলি নিজেই ভাবি ফুৰা বা ভয় কৰা৷ এনে লোকে খুব সহজতে হীনমন্যতাত ভোগা দেখা যায়৷ এতিয়া প্রশ্ণ হৈছে আমি কেনেকৈ এই ফ’বিয়াসমূহৰ পৰা আঁতৰত থাকিব পাৰিম৷ প্রথমতে আপুনি ভাবি উলিয়াওক সাধাৰণতে কি কি বস্তুলৈ ভয় কৰে৷ উদাহৰণস্বৰূপে আপুনি হয়তো দাঁতৰ চিকিৎসকৰ ওচৰলৈ যাবলৈ খুব ভয় কৰে, কাৰণ চিকিৎসকে ব্যৱহাৰ কৰা সেই বেজীটোলৈ আপোনাৰ ভয়৷ গতিকে এনেক্ষেত্রত আপুনি নিজেই বিচাৰ কৰক আপোনাৰ ভয় চিকিৎসক নে সেই বেজীটো৷ আপুনি আপোনাৰ ফ’বিয়াৰ এখন লিষ্ট উলিয়াই লওক, য’ত কি কি পৰিস্থিতিত আপোনাৰ ফ’বিয়াৰ মাত্রা আটাইতকৈ বেছি৷ এই লিষ্টৰ সহায়ত আপোনাৰ ফ’বিয়াৰ মাত্রা আগতকৈ কমিছে নে বাঢ়িছে নে একেবাৰে নাইকিয়া হৈ গৈছে, নিজকে বিশ্লেষণ কৰি উলিয়াব পাৰিব৷ বুজি পাওক ভয় খোৱাটো মানুহৰ এক স্বাভাৱিক লক্ষণ, গতিকে আপোনাৰ ভয়টোক যদি আপুনি নিয়ন্ত্রণ কৰিব নোৱাৰে, তেন্তে যিকোনো ধৰণৰ ফ’বিয়াৰ পৰা আপুনি কেতিয়াও বাচি থাকিব নোৱাৰে৷ ধ্যান, যোগাসন, প্রাণায়াম আদিয়ে আপোনাৰ এই ভয়ক নিয়ন্ত্রণ কৰাত যথেষ্ট সহায় কৰে৷ আপুনি আপোনাৰ পৰিয়াল নাইবা আপোনাৰ কোনোবা অন্তৰংগ বন্ধুক ফ’বিয়াৰ বিষয়ে অৱগত কৰাব পাৰে৷ আপুনি যিমানেই ভয় লগা পৰিস্থিতি নাইবা বস্তুৰ পৰা পলাই নাইবা আঁতৰি থাকিবলৈ চেষ্টা কৰিব, সিমানেই ফ’বিয়াৰ মাত্রা বৃদ্ধি পাব৷ গতিকে এনে পৰিস্থিতিৰ লগত মোকাবিলা নাইবা মুখামুখি হ’লেহে আপুনি সেই ভয়ক জয় কৰিব পাৰিব৷ আজিকালি বহুতো ছেল্ফ হেল্প গ্রুপ আছে, যিয়ে আপোনাক ফ’বিয়াৰ পৰা মুক্তি পাবলৈ যথেষ্ট সহায় কৰিব৷ তাৰ উপৰি বহুতো ভাল ভাল লেখকৰ ছেল্ফ হেল্প গ্রন্থ আছে, যাৰ দ্বাৰা ফ’বিয়া কি বুজি পাবলৈ আৰু অধিক সহায় হ’ব৷

You might also like