নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

নিয়মীয়া বাৰ্তা ,১ ডিচেম্বৰ : চিৰাং জিলাৰ বিজনীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দহলাপাৰাস্থিত টোল গেটত বিনামূলীয়া চকু পৰীক্ষা আৰু চিকিৎসা সেৱা আগবঢ়োৱা হয়। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ তথা নাহাই’ৰ উদ্যোগত আয়োজন কৰা হয় এই চকু চিকিৎসা শিবিৰৰ। বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই সংঘটিত হৈ থকা দুৰ্ঘটনা কিছু ৰোধ কৰাৰ উদ্দেশ্যৰে সকলোধৰণৰ গাড়ীৰ চালকক চকুৰ পৰীক্ষা কৰাৰ উপৰিও চিকিৎসা সেৱা আগবঢ়োৱা হয়। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বঙাইগাঁৱস্থিত প্ৰজেক্ট ইম্প্লিমেণ্টেচন ইউনিটৰ অভিযন্তা সৌৰভ কুমাৰ চৌধুৰীয়ে পথ সুৰক্ষা আৰু দুৰ্ঘটনা ৰোধ কৰাৰ বাবে চালক সকলক চকু পৰীক্ষা কৰি চিকিৎসা গ্ৰহণ কৰাৰ লগতে বিনামূলীয়াকৈ অস্ত্ৰোপচাৰৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। আনফালে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ উদ্যোগত আৰু স্বাস্থ্য বিভাগৰ সহযোগত আয়োজন কৰা উক্ত চিকিৎসা সেৱাত চিৰাং জিলাৰ কাজলগাঁৱস্থিত জে এছ বি অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ মেডিকেল আৰু স্বাস্থ্য বিষয়াদ্বয় তথা চকু বিশেষজ্ঞ ডাঃ প্ৰদীপ কুমাৰ আৰু ডাঃ শ্যামল বসুমতাৰীৰ উপৰিও চিকিৎসা কৰ্মী মালবিকা ডেকাই সহযোগিতা আগবঢ়ায়। আজিৰে পৰা শুভাৰম্ভণী হোৱা উক্ত চিকিৎসা গোটেই বৰ্ষজুৰি চলিব বুলি জানিব দিয়ে। ইফালে আজিৰ এই কাৰ্যসূচীত গাড়ী চালকৰ তৰফৰ পৰা যঠেষ্ট সঁহাৰি পোৱা বুলি চিকিৎসকে জানিব দিয়ে।

You might also like