নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা বনাম ক’লা ভেঁকুৰ

ড০ অঞ্জন কুমাৰ ডেকা

ক’ৰোনা মহামাৰীৰ নতুন সংক্রমণৰ ঢ়ৌৱে সমগ্র ভাৰতত ত্রাস সৃষ্টি কৰাৰ সময়তে ভূতৰ ওপৰত দানহ পৰাদি পৰিছেহি অন্য এক সংক্রমণ– ক’লা ভেঁকুৰ৷ চিকিৎসকসকলে ভেঁকুৰৰ সংক্রমণক নীৰৱ ঘাতক বুলিও অভিহিত কৰিছে৷ চিকিৎসা বিজ্ঞানৰ ভাষাত মিউক’মাইক’ছিছ বুলি এক পৰিৱেশত থকা ভেঁকুৰৰ পৰা হয়, বেক্টেৰিয়াৰ পৰা নহয়৷ সাধাৰণতে ক’ৰোনাত আক্রান্ত হৈ থকাসকলক ঔষধৰ লগতে এণ্টিবায়’টিক দিয়া হয়, কিন্তু এই এণ্টিবায়’টিকে বেক্টেৰিয়াজনিত সংক্রমণৰ ওপৰত কাম কৰিব যদিও ভেঁকুৰৰ ওপৰত এণ্টিবায়’টিকৰ কোনো ক্রিয়া নাথাকে৷ ধূলি আৰু ধোঁৱাজনিত পৰিৱেশ এৰাই চলা, উপযুক্ত মাস্ক সঠিকভাৱে ব্যৱহাৰ কৰা, পুনৰ ব্যৱহাৰযোগ্য মাস্ক পৰিষ্কাৰ কৰা আদি ব্যৱস্থাৰ দ্বাৰা ক’লা ভেঁকুৰকো আঁতৰত ৰাখিব পাৰি৷ লাগে মাথোঁ জনসচেতনতা৷ ডাক্টৰসকলে ক’ভিড ৰোগীৰ মধুমেহ নিয়ন্ত্রণ আৰু ৰোগীক ষ্টেৰয়ড ব্যৱহাৰৰ ক্ষেত্রত সাৱধানতা অৱলম্বন কৰিবলৈ পৰামর্শ দিছে৷ যিহেতু ক’ভিড ৰোগী কিছুসংখ্যকৰ ৰোগ প্রতিৰোধ ক্ষমতা দুর্বল হৈ পৰে, সেয়েহে মিউক’মাইক’ছিছ বা ক’লা ভেঁকুৰৰ সংক্রমণে ৰোগীক ধৰাশায়ী কৰিব পাৰে৷ আনহাতে, চিকিৎসা গৱেষণা পৰিষদে অক্সিজেন থেৰাপীৰ সময়ত বীজাণু আৰু প্রদূষণমুক্ত পানীহে ব্যৱহাৰ কৰিবলৈ পৰামর্শ দিছে, যিহেতু ৰোগীক অক্সিজেনৰ লগত জলীয় বাষ্প যোগানৰ বাবে পানী ব্যৱহাৰ কৰা হয়৷

You might also like