নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জ্যেষ্ঠসকলৰ চকুৰ যত্ন

- ডাঃ সৌৰভ কুমাৰ ভূঞা

বিজ্ঞান আৰু প্রযুক্তিৰ আধুনিক প্রয়োগৰ অপৰিহার্যতা আৰু উন্নতিৰ লগে লগে চকুৰ যত্নৰ ক্ষেত্রতো কিছু নতুন কথা আহি পৰিছে৷ মানুহৰ গড় আয়ুসো বাঢ়ি অহাৰ ফলত বেছি বয়সলৈ নিজৰ অংগ–প্রত্যংগসমূহ সুস্থ–সবল কৰি ৰখাৰ এক প্রত্যাহ্বান বিশেষভাৱে জ্যেষ্ঠসকলৰ জীৱনলৈ আহিছে, বিশেষকৈ গাইগুটীয়া পৰিয়াল আৰু ক্ষিপ্র আধুনিক জীৱনৰ চাপৰ মাজত৷ এই কালছোৱাত কিছু কামত আহিব পাৰে বুলি ভাবি সেয়ে চকুৰ যত্ন সম্পর্কীয় কেইটামান কথা জ্যেষ্ঠসকলক জনাব খুজিছোঁ৷
জ্যেষ্ঠসকলৰ চকুত কেইবিধমান ৰোগ বেছিকৈ দেখা যায়ঃ (ক) চকুত ছানি পৰা ৰোগ Cararact) (খ) গ্লুকমা ৰোগ Glaucoma) (গ) অক্ষিপটৰ ৰোগ Retinopathy) (ঘ) কিছুমান বয়সজনিত চকুৰ ৰোগ (ঙ) টেৰিজিয়াম Pterygium) (ছ) পেছা সম্পর্কিত চকুৰ সমস্যা Occupational eye Problems) (জ) এনট্র’পিয়ন Entropion) (ঝ) দীর্ঘম্যাদী ‘লেক্রিমেল চেক’ৰ প্রদাহ Chronic Dacryocystits) (ঞ) থাইৰয়ড গ্রন্থিজনিত চকুৰ ৰোগ (ট) অক্ষিপট বা ৰেটিনা এৰাই যোৱা Retinal Detachment) ইত্যাদি৷ এই ৰোগবোৰ সম্পর্কে কিছু সাধাৰণ জ্ঞান থাকিলে উপযুক্ত যত্ন লৈ আৰু ঠিক সময়ত ঠিক ব্যৱস্থা গ্রহণ কৰি এই ৰোগবোৰ বহুক্ষেত্রত বহুদিনলৈ নোহোৱাকৈ ৰাখিব পাৰি আৰু সোনকালে বুজি পাব পাৰি৷ যিহৰ বাবে সঠিক সময়ত উপযুক্ত চিকিৎসা গ্রহণ কৰি চকুৰ বিশেষ ক্ষতি নোহোৱাকৈ ৰাখিব পাৰি৷
(ক) চকুত ছানি পৰাঃ বয়স্ক লোকসকলেই বেছিকৈ এই ৰোগত ভোগে৷ এই ৰোগত ওচৰত বা দূৰত বা দুয়ো স্থানতে দৃষ্টিৰ সমস্যা হয়৷ ছানিজনিত অন্য জটিলতা নাথাকিলে ছানিৰ বাবে চকুৰ বিষ আৰু চকু ৰঙাপৰা আদি নহয়৷ চছমাৰ পাৱাৰৰ প্রয়োজনীয় পৰিৱর্তন কৰি ৰোগীক সাময়িকভাৱে কিছু সকাহ দিব পাৰে৷ কিন্তু ছানিৰ নির্দিষ্ট চিকিৎসা হ’ল সঠিক সময়ত কৰা ছানিৰ বিভিন্ন অস্ত্রোপচাৰ৷ চকুৰ ভিতৰত অন্য জটিলতা নাথাকিলে ছানিটো অস্ত্রোপচাৰযোগে আঁতৰাই সদায় এখন উপযুক্ত পাৱাৰৰ লেন্স চকুৰ ভিতৰত আজিকালি লগাই দিয়া হয় Intra-Ocular Lens, I.O.L)
(খ) গ্লুকমা ৰোগঃ নানাবিধ আছে, কিন্তু ইয়াৰেprimary open angle Glaucoma নামৰ ৰোগবিধত ৰোগীয়ে বুজিব নোৱাৰাকৈ অতি লাহে লাহে দৃষ্টি শক্তি কমি গৈ থাকে সেয়ে সঠিক সময়ত ধৰা নপৰিলে আৰু চিকিৎসা (ঔষধ বা অস্ত্রোপচাৰ) নল’লে দৃষ্টিৰ যথেষ্ট সমস্যাৰ সৃষ্টি হয়৷ সেয়ে ৪০ বছৰৰ পিছত বছৰে এবাৰকৈ চকু দেখুৱাব লাগে৷ ওচৰৰ কামৰ বাবে ব্যৱহাৰ কৰা চছমাৰ পাৱাৰ সঘনে সলনি হৈ থাকিলে এই ৰোগ হ’ব পাৰে বুলি সন্দেহ কৰা হয়৷ বংশগতিতাত্ত্বিক প্রভাৱ দেখা যায়৷
(গ) অক্ষিপটৰ ৰোগঃ সাধাৰণতে মধুমেহ আৰু উচ্চ ৰক্তচাপৰ ৰোগীৰ ক্ষেত্রত বেছিকৈ দেখা যায়৷ আৰম্ভণিতে ধৰা পৰিলে উপযুক্ত চিকিৎসাৰে ৰোগীক বেছি অসুবিধাত নপৰাকৈ বহুদিনলৈ ৰাখিব পাৰি৷ বেমাৰ দুবিধ সু–নিয়ন্ত্রণত নাথাকিলে এই ৰোগ retinopathy) বেছি হয়৷ এই ৰোগ হৈছে নে নাই ৰোগীয়ে নিজে বুজিবলৈ অসুবিধা৷ সেয়ে উচ্চ ৰক্তচাপ আৰু মধুমেহৰ ৰোগীয়ে নিয়মিত চকু পৰীক্ষা কৰাব লাগে৷ ঔষধ আৰু খাদ্যৰ ক্ষেত্রত সাৱধান আৰু হিচাপী হোৱাৰ প্রয়োজন৷
(ঘ) বয়সজনিত আন কিছু সমস্যাও জ্যেষ্ঠসকলৰ হ’ব পাৰে, যেনে– চকুৰ ভিতৰৰ ৰেটিনা নামৰ স্নায়ুৰ তৰপটোৰ লগতে দৃষ্টি স্নায়ুৰ OPTIC Nerve) সমস্যা আৰু চকুৰ সন্মুখৰ চকুপানীৰ তৰপটো tear Film) শুকাই যোৱা সমস্যা আদি৷ এইবোৰৰ পৰা বাচি থাকিবলৈ পৰিমিত সুষম আহাৰ, যথেষ্ট সেউজীয়া শাক, ফল–মূল, বিভিন্ন আঁহযুক্ত আহাৰৰ লগতে দিনে এটাকৈ এণ্টি অক্সিডেণ্ট পিল চিকিৎসকৰ পৰামর্শ মতে খাই থকা ভাল৷ চকুপানীৰ তৰপটোৰ সমস্যা আজিকালি পাৰিপার্শ্বিক প্রদূষণৰ বাবেও অধিক হৈছে, এই ৰোগত চিকিৎসকৰ পৰামর্শ মতে চকুত উপযুক্ত কৃত্রিম চকুপানীৰ ব্যৱহাৰ কৰিবলগা হয়৷ কম্পিউটাৰ, লেপটপ, ম’বাইল ফোন আদিৰ অধিক ব্যৱহাৰৰ বাবেও এই সমস্যা বাঢ়িছে সেয়ে এইবোৰ একেৰাহে বহু সময় ব্যৱহাৰ কৰিব নালাগে৷ চিকিৎসকৰ পৰামর্শ মতে চকুত উপযুক্ত চছমা ব্যৱহাৰ কৰিব৷
(ঙ) টেৰিজিয়াম Pterygium)ঃ এই ৰোগত চকুৰ বগা অংশৰ ফালৰ পৰা মাজৰ গোলাকাৰ মণিটোলৈ cornea) ছাল এখন বাঢ়ি আহি থাকে আৰু ক্রমে মণিটোৰ মাজলৈ বাঢ়ি আহি দৃষ্টিহানি ঘটায় এনে সম্ভাৱনাই দেখা দিলে ঠিক সময়ত উপযুক্ত অস্ত্রোপচাৰৰ প্রয়োজন হয়৷ সৌৰ ৰশ্মিৰ অতি বেঙুনীয়া ৰশ্মিৰ প্রভাৱত ছানিৰ দৰে এই ৰোগো অধিক হয়৷ সেয়ে খেতিপথাৰ বা ৰ’দত থাকি কাম কৰাসকলে উপযুক্ত গগল্ছ, টুপী, জাপি আদিৰ ব্যৱহাৰ কৰা উচিত৷
(চ) পেছা সম্পর্কীয় চকুৰ সমস্যা Occupational Eye Problem) ঃ প্রকৃততে সমস্যা হোৱাৰ সম্ভাৱনা থকা প্রতিটো পেছাতে কিছুমান উপযুক্ত প্রতিষেধক সৰঞ্জামৰ ব্যৱস্থা থাকে৷ সেইবোৰৰ ব্যৱহাৰেৰে বিপদৰ সম্ভাৱনা যথেষ্ট কমাই ৰাখিব পাৰি৷ উদাহৰণস্বৰূপে, ৱেল্ডিঙত ব্যৱহাৰ কৰা শ্বিল্ডখন, বৰফাবৃত অঞ্চলত কাম কৰাসকলে চকুত পিন্ধিবলগীয়া উপযুক্ত চছমা আৰু ৰাসায়নিক দ্রব্যৰ কামৰ লগত জড়িতসকলে ব্যৱহাৰ কৰিবলগীয়া বিভিন্ন সা–সৰঞ্জাম আদি৷ দেখা যায় যে প্রায়েই এইবোৰৰ উচিত ব্যৱহাৰ নকৰি বিশেষকৈ পুৰণি কর্মীসকল বিপদত পৰে৷ এইবোৰৰ ব্যৱহাৰ সদায় কৰিব৷
(ছ) এনট্র’পিয়ন Entropion) ঃ জ্যেষ্ঠসকলৰ ক্ষেত্রতো একপ্রকাৰৰ এনে ৰোগ দেখা যায়৷ এই ৰোগত চকুৰ পতাৰ নোম গজা অংশটো চকুৰ ফাললৈ ঘোৰ খাই সোমাই যায়৷ ফলত চকু পতাৰ দাঁতিত গজা নোমবোৰে চকু টিপ মাৰোতে চকুৰ সন্মুখভাগত ঘঁহি যায়৷ ফলত চকু ৰঙাপৰা আৰু পানী ওলোৱাৰ বাদেও চকু অনবৰত খচ্খচাই থাকে৷ নোমবোৰে ঘঁহি ঘঁহি অতি গুৰুত্বপূর্ণ কর্ণিয়া নামৰ মাজৰ গোলাকাৰ অংশটোত ঘাঁ আৰু বীজাণু সংক্রমণৰ সৃষ্টি কৰিব পাৰে৷ সেয়ে সোনকালে চিকিৎসা কৰাৰ প্রয়োজন, সাধাৰণতে অস্ত্রোপচাৰৰ দৰকাৰ হয়৷
(জ) দীর্ঘম্যাদী ‘লেক্রিমেল চেক’ৰ প্রদাহঃ সাধাৰণতে ৪০ৰ পৰা ৫৫ বছৰমান বয়সৰ ব্যক্তিৰ চকুত বেছি হয় বেছিকৈ মহিলাৰ চকুত (৭০ শতাংশ–৮০ শতাংশ) দেখা যায়৷ এই ৰোগত অনবৰতে (সাধাৰণতে) চকুৰ পানী ওলায় আৰু চকুত লেতেৰা জমা হয়৷ এই চকুপানীত বীজাণু থাকে যিবোৰে বীজাণু সংক্রমণ ঘটাই কর্ণিয়াত ঘাৰ সৃষ্টি কৰি দৃষ্টিৰ সমস্যাও কৰিব পাৰে৷ সোনকালে চিকিৎসা ল’ব লাগে৷ প্রায় ক্ষেত্রতে অস্ত্রোপচাৰৰ প্রয়োজন হয়৷
(ঝ) থাইৰয়ড গ্রন্থিজনিত চকুৰ ৰোগঃ এই ৰোগত (মহিলাৰ বেছি হয়) চকু কেতিয়াবা ৰঙা পৰি উখহি ওলাই আহে ফলত চকুপতাই চকুটো বন্ধ কৰিব নোৱাৰা হয়৷ তেতিয়া চকুপতাৰ মাজেৰে বাহিৰত ওলাই থকা অংশটো শুকাই গৈ ক্ষতযুক্ত হয়, যিবোৰ অংশত বিশেষকৈ গোলাকাৰ কর্ণিয়াত বীজাণুৱে সংক্রমণ সৃষ্টি কৰি বিপজ্জনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে৷ থাইৰয়ড ৰোগ থকাসকলৰ চকু উখহিলে সেয়ে লগে লগে চকু বিশেষজ্ঞক দেখুৱাব৷ কেতিয়াবা অস্ত্রোপচাৰৰ প্রয়োজন হয়৷
(ঞ) অক্ষিপট বা ৰেটিনা এৰাই যোৱাঃ মাজবয়সীয়া আৰু নিকট দৃষ্টি ৰোগত Myopia) ভুগি থকাসকলৰ চকুত বেছিকৈ হয়৷ এই ৰোগত হঠাতে চকুটোৰে নেদেখা হয়৷ চকুৰ সন্মুখভাগ দেখাত স্বাভাৱিক হৈ থাকে চকুৰ কোনো বিষ নহয়৷ নিকটদৃষ্টিত ভোগাসকলৰ চকু পৰীক্ষা কৰিলে কিন্তু অক্ষিপট এৰাই যোৱাৰ সম্ভাৱনা থকা চকুত কিছুমান চিহ্ণ দেখা যায়৷ এই ক্ষতচিহ্ণবোৰৰ সময়মতে লেজাৰ আৰু ক্রায়’থেৰাপী আদি কৰিব পাৰিলে অক্ষিপট এৰাই যোৱাৰ Retinal Detachment) দৰে জটিল পৰিস্থিতিৰ পৰা হাত সাৰি থাকিব পাৰি৷ সেয়ে চছমাত ‘মাইনাছ’ পাৱাৰ ব্যৱহাৰ কৰা নিকটদৃষ্টিত Myopia) ভোগাসকলে চকুৰ একো অসুবিধা নহ’লেও প্রতিবছৰে চকু দেখুৱাই থাকিব৷
অন্যান্য মন কৰিবলগীয়া দুটামান কথাঃ

  • নিশা অন্ততঃ ৬ ঘণ্টা শুব খাই উঠি লগে লগে নুশুব৷
  • গাত জোৰ নপৰাকৈ খোজকঢ়াৰ দৰে লঘু ব্যায়াম সদায় কৰিব৷
  • সেউজীয়া শাক, ফলমূল, আঁহযুক্ত খাদ্যসহ সুষম পৰিমিত খাদ্য গ্রহণ কৰিব৷
  •  চকুত সঘনে আৰু জোৰেৰে পানী নামাৰিব৷ পৰিষ্কাৰ পানী আৰু চাবোনেৰে ধুই লোৱা হাতেৰে আলফুলে চকু ধুব৷
  • চকু একেবাৰে নোমোহাৰিব ইয়াৰ ফলত চকুৰ আঘাত, এলার্জী আৰু বীজাণু সংক্রমণ হ’ব পাৰে৷
  • অন্য ব্যক্তিৰ চছমা বা ফেৰীৱালা আদিৰ পৰা কিনা অজ্ঞাত পাৱাৰৰ চছমা ব্যৱহাৰ নকৰিব৷
  • চকুত নিয়ৰ, ফুল–পাত বা শিপাৰ ৰস, নেমুৰ ৰস, গাখীৰ, পুৰণি চকুৰ ঔষধ, অজ্ঞাত চকুৰ ঔষধ, গোলাপ–জল (তাকো সাধাৰণতে পুৰণি) আদি প্রয়োগ নকৰিব৷
  • কোনো কাৰণতে সূর্যলৈ প্রত্যক্ষভাৱে নাচাব৷
  • কম পোহৰ আৰু কঁপি থকা পোহৰত একো চকুৰ কাম নকৰিব৷
  • কেতিয়াও অ–চিকিৎসকৰ দিহামতে চকুৰ চিকিৎসা নকৰিব৷
  •  চকুত সৰু আঘাত পালেও চকু চিকিৎসকক দেখুৱাব৷
  • পাঁচ ধৰণৰ ব্যক্তিয়ে একো অসুবিধা নাপালেও বছৰেকত এবাৰ চকু পৰীক্ষা কৰাব ঃ
  • চকুত অস্ত্রোপচাৰ হৈ যোৱা লোক৷
  • চকুত আগতে আঘাত পোৱা লোক৷
  •  মধুমেহ ৰোগত আক্রান্ত লোক৷
  • উচ্চ ৰক্তচাপ থকা লোক৷
  •  মাইনাছ পাৱাৰ ব্যৱহাৰ কৰা নিকটদৃষ্টি ৰোগত ভুগি থকা লোক৷
    (ট) বছৰত এবাৰ কৰিব ঃ (একো অসুবিধাত নাথাকিলেও)
  • ৰক্তচাপ জোখা
  • তেজত চেনিৰ পৰিমাণ জোখা (যদি ডায়েবেটিছ ৰোগ বা মধুমেহ ৰোগ নাই)
  • ইচিজি
  • Serum Creatinine Test
  • চকুৰ চাপ জোখোৱা Intra-Ocular Pressure,– চল্লিছ বছৰ বয়সৰ পৰা)
  • অন্ততঃ থাইৰয়ড ৰোগ পৰিয়ালত থকাসকলে থাইৰয়ড হৰম’নৰ টেষ্ট কৰাব T3T4TSH)৷
You might also like